পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ প্ৰাণ শক্তি প্ৰকাশ কৰি দিব নোৱাৰে সেই শিল্পীৰ চিত্ৰই ধুনীয়া হলেও মানুহৰ মন আকৰ্ষণ নকৰে। গতিকে চিত্ৰ শিল্পীৰো মুখ্য উদ্দেশ্য আন্তৰিক সৌন্দৰ্য্যৰ সৃষ্টি কৰা আৰু তেতিয়া হলে ধৰ্ম্ম আৰু চিত্ৰ শিল্পীৰ উদ্দেশ্যৰ বিশেষ একো বিভিন্নতা নাথাকে। st প্ৰায় একেটা যুক্তিয়েই কবিতাতো খাটে কিয়নো কবিতা শিল্পৰ এটি অংশ। গতিকে ইয়াৰ ৰাজ্য শিল্প ৰাজ্যতকৈ ঠেক। কবিত! ভাষাৰ সহা- হেৰে প্ৰৱল কল্পনা আক অনুভূতি প্ৰকাশ কৰ। এটি কৌশল। এজন বিখ্যাত কৰিয়ে কোৱাৰ নিচিনাকৈ `\'ই কল্পনাৰ মূৰ্ত্ত

  • ইয়াৰ ভাৱ

গভীৰ, বৰ্ণনা আদৰ্শমূলক আক ভাষ৷ লয় যুক্ত, সৰহ ভাগতেই ছন্দযুক্ত। শিল্পৰ নিচিনাকৈ ইও এটি কৃত্ৰিমতা কিন্তু কৃত্ৰিম হলেও ইয়াত প্ৰকৃতিগত ভাৱ আৰু ভাষা আছে। কবিয়ে সময়ত শ্ৰুতি মধুৰ শব্দেৰে ঈশ্বৰৰ অপাৰ মহি- মাৰ গুণানুকীৰ্ত্তন কৰে, কেতিয়াবা ঈশ্বৰৰ স্বজিত পদাৰ্থ সম্যকৰূপে জানিব নোৱাৰি আচৰিত হয় আৰু কেতিয়াবা দয়া মায়াহীন প্ৰাকৃতিক নিয়মৰ বলত ঘট। নানা তৰহৰ কাৰ্য্যত সুখ দুখ, আনন্দ নিৰ্বানন্দ আদি প্ৰকাশ কৰে। কবিৰ ভাৱ সাহিত্যৰ অইন ঠালৰ তুলনাত সদায় আদৰ্শমূলক; নিচেই সামান্য বস্তুটোকো তেওঁ আদৰ্শৰ চকুৰে চায়। কবিৰ চকুত ক্ষুদ্ৰাদপি ক্ষুদ্ৰ বস্তুটোও নপৰাকৈ নাথাকে সঁচা, কিন্তু এই ক্ষুদ্ৰ বস্তুবোৰৰ বৰ্ণনা দিওঁতেও তেওঁ কম ধেছিৰ কমে আদৰ্শৰ সঙ্কেত দি যায়। এই খিনিতেই কবিতা আৰু গদ্য সাহিত্যৰ পাৰ্থক্য। ডাঙৰ ডাঙৰ লেখকসবলব ঊচ্চ খাপৰ কবিতাত বৰ আচৰিত ৰকমে খন্তুণদ (realism) আৰু অদৰ্শবাদৰ (Idealism ) ঐক্য দেখিবলৈ পোৱা যায়। সাধাৰণতে মানুহে ভাৱে যে বস্তুবাদ আক আদৰ্শ- বাদ এটা খুটাৰ দুট। মূৰৰ নিৰ্দিনা অংক এই দুটা কেতিয়াও লগ হব নোৱাৰে। কিন্তু বিখ্যাত কবিসকলৰ কবিতাবোৰ এপিনে যেনেকৈ সংসাৰৰ আনপিনে তেনেকৈয়ে সেইবোৰ সংসাৰৰ বাহিৰৰ এখনি আদৰ্শ ৰাজ্যৰ। প্ৰত্যেক কবি- ৰেই মনত এটি আদৰ্শ আছে আৰু এই আদৰ্শ তেওঁৰ কবিতাবোৰৰ মাজেদি প্ৰত্যক্ষ ভাৱে নহলেও পৰোক্ষভাৱে প্ৰকাশিত হৈ পৰে। † কোনো আদৰ্শৰ বশবৰ্তী হব লাগিলে তাত ধৰ্ম্মৰ প্ৰভাৱ থাকিবই। সত্য আৰু সুন্দৰ নহলে সি আদৰ্শ হব নোৱাৰে। কোনো যুগতেই কোনো

  • Shelley

+ Ct Robert Browning, Shelley, Sankardev's Rashila and Harmohan, Dante's Divine Comedy, Vita Nuana