পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাতীয় দৈন্য আৰু ৰাজহনীতি সেই মূল্যৰ ১২ ভাগৰ ১ ভাগ খেতিয়কৰ বছৰি আয় বুলি নিৰ্দ্ধাৰণ কৰে। নিউজিলেণ্ড—নিউজিলেণ্ডত যি খেতিয়কৰ মাটিৰ মূল্য ৪৫০০ টকাৰ কম সেই খেতিয়কৰ মাটিৰ খাজান৷ নাই। তাতকৈ বেচি বিলাকৰ মাটিৰ মূল্য পাউণ্ডত উড পেণীৰ পৰা ৩ পেঞ্চ লৈকে। চীন—চীন দেশত মাটিৰ খাজানা দিয়া হয় দুই ভাগত। এভাগত টকাৰে আন ভাগত শাৰে। জাপানত—মাটিব দামৰ শতকৰ৷ ২৫ ভাগ বা বছৰি আয়ৰ ০৪ ভাগ! এই সমুদায় বিচাৰ কৰি Indian taxation Enquiry Committee মত দিছে –“ What the committee would recommend is that for the future the basis of the settlement should be annual value by which term they mean the gross produce less cost of production including the value of labour actually expended by the farmer and his family on the holding and return of for enterprise. " অৰ্থাৎ এই কমিটিৰ মতে মাটিৰ খাজানাৰ নিৰিখ হব লাগে মাটিৰ বাৰ্ষিক মূল্যৰ ( annual value ) ওপৰত। খেতিৰপৰা পোৱা শস্যৰ যি দাম তাৰ পৰ। খেতিৰ খৰচ, খেতিয়ক আৰু পৰিয়ালে কৰা পৰিশ্ৰমৰ মূল্য আৰু ব্যৱসায়ৰ সাধাৰণ লাভ, এই এটাই যিনি বাদদি যি যিনি থাকে সেই থিনিকেই এই কমিটিয়ে কৈছে মাটিৰ বাৰ্ষিক মূল্য বুলি। এই মতে হিচাপ কৰিলে আমাৰ মাটিৰ বাৰ্ষিক মূল্য ( annual value নিতান্ত কম। খেতিৰ খৰচ বছৰি ১০৭ টকা, খেতিয়কৰ আৰু ৪ বছৰ তেওঁৰ পৰিয়ালৰ পৰিশ্ৰমৰ মুল্য ৯০ টকা, গৰু এহাল যদি ৪ বছৰ সক্ষম ভাবে টিকে বুলি ধৰা যায়, তেন্তে খৰচে পটি অন্ততঃ বছৰে পৰে ১৩ টকা, সাধাৰণ ব্যৱসায়ৰ আয় ২০ টক৷ ধৰ৷ হয়, তেন্তে সৰ্ব্বমুঠ খৰচ হয় ১৪৩২ টকা। অৰ্থনৈতিক বিজ্ঞান মতে নিয়োজিত মূল-ধনৰ ওপৰত ন্যায্য সুত খৰচৰ ভিতৰত ধৰা উচিত। সেয়ে হলে ৫ পুৰা মাটিৰ দাম পুৰাই প্ৰতি টকা কৈ ২৫০, টকা ধৰিলে আৰু গৰু হালৰ দাম ৫০- টকা ধৰিলে মোট ৩০০ টকাৰ ওপৰত ১৮৭ টক| সুত হাবে ৫৪৯ টকা আৰু খৰচত ধৰিব লাগে। এই মতে মাটিৰ বাৰ্ষিক মূল্য কাৰ্য্যত নাইকীয়া হয়। কিন্তু এই টকাৰ সুত আৰু ব্যৱসায়ৰ সাধাৰণ আয় বাদ দিলেও ৫ পুৰা মাটিৰ বাৰ্ষিক মূল্য হয় মাত্ৰ ২২২ টকা। ইয়াৰ ৳ ভাগ যদি খাজানা ধৰা হয় 80m