পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৬ প্ৰৱন্ধ-সংগ্ৰহ অৰ্থাত্ তথাপি খাজানা হব লাগে. ২৯. অনা। বৰ্তমানে আছে ১৬৷ টকা। আমি দেখুৱাব খুজিছে। যে চৰকাৰ গৃহীত নীতি অনুসাবেও মাটিৰ খাজানা ভুলকৈ বেচিকৈ বাৰ্য্য কৰা হৈছে। লোকেল বোৰ্ড আগতে কোৱা হৈছে যে প্ৰজাৰ হিতকৰ সকলে৷ কামৰ দায়িত্ব দিছে লোকেল বোৰ্ড ৰ্ক অথচ তাৰ বাবে টকা হলে দিয়া নাই। গতিকে প্ৰাৰ উপকাৰলৈ একে৷ কাৰ্য্যতঃ হৈ উঠা নাই। ভিন ভিন দেশৰ নীতিলৈ চালে দেখ৷ যায় মাটিৰ খাজানা ফিগান দূৰ পাৰে কমায় চৰকাৰে লোকেল ৰেট বেচি কৰি দিছে। আমাৰ ইয়াতে৷ মাটিৰ খাজানাৰ টকাই প্ৰতি যদি এক অনাকৈ লোকেল ৰেট কৰি দিয়ে তেন্তে আমাৰ লোকেল বোৰ্ডৰ বহুতখিনি আয় বাঢ়ে। দ্বিতীয়তে ই অসমত থকা প্ৰজা আৰু জমিদাৰী প্ৰজাসকলৰ মাজত থকা বৈষম্য অনেক দূৰ কৰে। এতিয়া দেখা যায় অসম উপত্যকাত প্ৰত্যেক লোকেল বোৰ্ডৰ যিমান আয় হয় সিমান থিনি আয় প্ৰাদেশিক চৰকাৰে গ্ৰান্ট দিয়ে কিন্তু চিলেটত যিমান আৰ হয় তাৰ দুগুণ দিয়ে। এতিয়৷ যদি আমাৰ যি মাটিৰ খাজনা আদায় হয় তাৰে টকাত এক অনাকৈ লোকেল ৰেট কৰি দিয়ে তেন্তে আমাৰ লোকেল বোৰ্ডৰ আয় দুগুণ বাঢ়ে, প্ৰজাৰে৷ উপকাৰ অনুপাতে বাঢ়ে আৰু চিলেটৰ লগত বৈষম্যও নাইকিয়া হয়। এই সকলোবোৰ দেখাত আমূল পৰিবৰ্ত্তন ( revolutionary ) যেন লাগিব পাৰে কিন্তু এটা দেউলীয়া, নিৰন্ন, নিজে উঠিব নোৱাৰা জাতিক তুলিব লাগিলে এটা big_and bold plan হাতত লবই লাগিব। নহলে ভাঙ্গা বেৰত চূণ তেল দি পদ্মচাও খৰচ হয় আৰু প্ৰজাৰো একে। নহয়। আজি কৃষি, শিল্প আৰু সমবায় বিভাগৰ এই অৱস্থা। খাজানা কমাই দিলে যে খেতিয়কৰ সকলো দুখ মোচন হব তেনে নহয়। কিন্তু নিৰন্ন প্ৰজাৰ প্ৰাণ ৰক্ষা হব। পিচে প্ৰাণ ৰক্ষা কৰাই জীৱন নহয়। সেইবাবে চৰকাৰে এনে ভাবে এটা plan হাতত লব লাগিব যাৰ দ্বাৰা প্ৰজাৰ আয় দিনক দিনে বাঢ়ে। তাৰ বাবে লাগে টকা আৰু সেই টকা উলিয়াব লাগিব—ধনীসকলক টেক্স কৰি আৰু চৰকাৰৰ শাসন খৰচ কমাই। গতিকে প্ৰজাৰ উপকাৰৰ অৰ্থে আমাৰ ৰাজহ নীতি এনে ভাবে চলিব লাগিব যাতে— (>) গৰিবৰ ওপৰত থকা বৰ্ত্তমান খাজানাৰ বোজা অৰ্দ্ধেক কমি যান। (২) ধনীৰ ওপৰত, বিশেষকৈ unearned income ওপৰত থকা টেক্স যথেষ্ট পৰিমাণে বাদে। শাসন খৰচ টালে খিনি কমে অ লোকহিতকল্প বিভাগত খৰচ এনে পৰিমাণে বাঢ়ে যাতে প্ৰজাৰ (৩) ( ৪ ) আয় বঢ়াবলৈ এট। big and bold plan হাতত লব পাৰি।