পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
প্ৰৱন্ধ-সংগ্ৰহ

ব্যৱস্থা দেখি, ইয়াৰ যুক্তি আৰু শক্তি দেখি, আগেয়ে ইয়াৰ আক্ৰমণ কৰা বৃটিচ ৰাজনীতিক মিঃ লয়েড জৰ্জ, লৰ্ড হেলিফাক্স, আৰু লৰ্ড পেছফীল্ডৰ নিচিনা লোকৰো মত ভালেখিনি পৰিবৰ্ত্তন হৈছে। ইউৰোপৰ আন কেইবাখনো দেশত ই শিপাবলৈ ধৰিছে। স্পেইনত এনে শাসনতন্ত্ৰ প্ৰতিষ্ঠিত হোৱাৰ সম্ভাৱনাৰ ফলতে সমাজতন্ত্ৰবাদ আৰু গণতন্ত্ৰৰ বিৰোধী সাম্ৰাজ্যবাদী ইটালী আৰু জাৰ্ম্মানিৰ চকুত টোপনি নোহোৱা হৈছে আৰু সমাজতন্ত্ৰবাদী গৱৰ্ণমেণ্টৰ বিৰুদ্ধে জেনেৰেল ফ্ৰেঙ্কোক বিদ্ৰোহ কৰিবলৈ লগাই দি ধন-বস্তু, স্বেচ্ছাসৈন্য, অস্ত্ৰ-শস্ত্ৰ প্ৰভৃতিৰে তেওঁক সহায় কৰিছে। ডক্টব এডিয়ে (বা Eddy) আধুনিক ৰুছিয়াৰ সৰ্ব্বপ্ৰধান ভাল কাৰ্য্যবিলাকৰ এইদৰে নাম কৰিছে :—

 (১) ইয়াৰ আদৰ্শ সমাজ-ব্যৱস্থা আৰু সামাজিক ন্যায়-বিচাৰ (Its Social justice and Social Planning.)
 (২) জাতি-বৰ্ণ নিৰ্ব্বিশেষে এটা সমভাবী আৰু সমভাগী মানব সমাজৰ সৃষ্টি (lts aim_of a classless society which supersedes race and colour prejudice.)
 (৩) দোষীৰ প্ৰতি চৰিত্ৰ সংশোধনমূলক দণ্ডবিধান আৰু মানবোচিত ব্যৱহাৰ; (Its new Penolagy with human treatment to crimi- nals)
 (৪) লৰা-ছোৱালীবিলাকৰ প্ৰতি ৰাষ্ট্ৰৰ বিশেষ তত্ত্বাৱধান আৰু যুবকসকলক কৰ্ম্ম. আৰু ত্যাগৰ ভাবত অনুপ্ৰাণিত কৰা কাৰ্য্য। (Its. remarkable care of the children and its method of inspiring youth with service and sacrifice.)
 (৫) অন্যায় আক্ৰোশবিহীন কাৰবাৰ (Its profitless system of business.)
 (৬) নিবনুৱ সমস্যাৰ মূলোচ্ছেদ ( Absence of or Solution of unemployment Problem.)
 (৭) ঘৰ দিয়া আৰু ঘৰ-দুৱাব পবিষ্কাৰ-পৰিচ্ছন্ন ৰখাৰ পৰিকল্পনা (Plan for housing and cleaning.)
 (৮) সমবায় বা উমৈহতীয়া ভাবে খেতি কৰা ব্যৱস্থা (Collective agricultural method,)

 কিন্তু চন্দ্ৰতো কলঙ্ক থকাৰ দৰে এই সুন্দৰ ৰুছ ৰাষ্ট্ৰতন্ত্ৰতো কিছুখুত ৰৈ