পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
সমাজতন্ত্ৰবাদ আৰু নব্য ৰুছিয়াৰ চমু পৰিচয়

গৈছে; আৰু অতি দুখৰ বিষয় যে, ৰুছ শাসন-তন্ত্ৰৰ কৰ্ণধাৰসকলো এতিয়াও তাৰ সংশোধনৰ চেষ্টা কৰা নাই; বৰং তাক দোষ বুলি স্বীকাৰকে কৰিব খোজা নাই। ৰুছ ৰাষ্ট্ৰ নায়কসকলৰ এই আঁকোৰগজালি ভাবেই হয়তো এই সুন্দৰ ৰাষ্ট্ৰ-তন্ত্ৰৰ ধ্বংসৰ কাৰণ হৈ উঠিব পাৰে বুলি আশঙ্কা হৈ, আজি ৰুছ শাসন-তন্ত্ৰৰ মূল ভিত্তিৰ সমৰ্থক আমাৰ বহুতৰে মনত মাজে মাজে বিষাদৰ উদয় হয়; ভয়ত বুকু কঁপি উঠে। ৰুছ শাসন-তন্ত্ৰৰ সৰ্ব্বপ্ৰধান খুঁত হৈছে— নাগৰিক আৰু ৰাজনৈতিক পূৰ্ণাধিকাৰ সঙ্কোচ। ডক্টৰ এডিডয়েও তাকে কৈছে। গণতন্ত্ৰ আৰু সভ্য জগতে দিয়া, দিব পৰা আৰু দিব লগা, সকলো মানবোচিত আৰু যুক্তি সঙ্গত অধিকাৰ ৰুছ ৰাষ্ট্ৰ-তন্ত্ৰই ৰুছিয়াৰ অধিবাসী সকলক দিয়া নাই। এই কথা অতি সঁচা যে, ৰুছিয়াৰ নাগৰিকসকলৰ আজি পূৰ্ণ মৌলিক আৰু ৰাজনৈতিক স্বাধীনত৷ নাই;—তাক সঙ্কোচ কৰা হৈছে। ৰুছ শাসন তন্ত্ৰৰ দোষ উদ্ঘাটন কৰি ইয়াৰ সংশোধন বা পৰিবৰ্ত্তনৰ কাৰণে দল গঠন কৰা বা আন্দোলন কৰিবলৈ দিয়াৰতো কথাই নাই, ঘৰত বহি বহিও কোনেও আজি তেনে মত প্ৰকাশ কৰিব নোৱাৰে। কৰিলে তেওঁক ৰাজদ্ৰোহৰ অপৰাধত তৎক্ষণাৎ অভিযুক্ত কৰি কঠোৰ দণ্ড দিয়া হ'ব। এনে লোকৰ খবৰ বাতৰি লবলৈ বা সামান্য সন্দেহতে এনে লোক ‘আবিস্কাৰ’ কৰিবলৈ চৰকাৰী গুপ্তচৰ বিভাগ “অগপূ”ৰ (Ogpu) অসংখ্য কৰ্ম্মচাৰী সদায় ঘূৰিবই লাগিছে। কিন্তু তথাপি মানুহৰ স্বাভাবিক ভাবধাৰা আৰু জ্ঞান-বিশ্বাসৰ আত্মপ্ৰকাশত বাধা দিয়াটো টান। নিয়মিত প্ৰবৰ্ত্তিত ৰাষ্ট্ৰৰ পৰিবৰ্ত্তনব কাৰণে মত প্ৰকাশ কৰিবলৈ বা সেই উদ্দেশ্যে সঙ্ঘবদ্ধভাবে আইন- সঙ্গত আন্দোলন কৰিবলৈ বা দল গঠন কৰিবলৈ ৰাষ্ট্ৰই সকলো নাগৰিককে অধিকাৰ দিয়৷ উচিত। তেনে অধিকাৰ নিদি মাত্ৰ প্ৰতিষ্ঠিত ৰাষ্ট্ৰকে নিখুঁত আদৰ্শ ব্যৱস্থা বুলি মানি লৈ, তাৰে প্ৰশংসা আৰু স্তুতি গানত নাগৰিকসকলক আবদ্ধ ৰখাটে৷ ন্যায়-যুক্তি, গণতন্ত্ৰ আৰু মানব ধৰ্ম্মৰ বিৰোধী। মানব প্ৰকৃতি স্বাভাবিকতে তেনে ব্যবস্থাত সৈমান নহয়। সেই কাৰণেই আজি ৰুছিয়াত এফালে আগৰ জাৰৰ আমোলৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ সমৰ্থক “হোৱাইট গাৰ্ড” আৰু আনহাতে উগ্ৰপন্থী ট্ৰট্‌স্কি-পন্থী সাম্যবাদীসকলক লৈ বৰ্ত্তমান গৱৰ্ণমেণ্ট সদায় সতৰ্ক আৰু ব্যতিব্যস্ত হৈ থাকিব লগা হৈছে। কিছুদিনৰ অন্তৰে অন্তৰে বৰ্ত্তমান গবৰ্ণমেণ্টে হয় একোদল ৰজাতন্ত্ৰবাদী “জাৰিষ্ট” জান্মানিৰ সৈতে লগ লাগি ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত, নহয় একোদল ট্ৰট্‌স্কিপন্থীক