পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
সমাজতন্ত্ৰবাদ আৰু নব্য ৰুছিয়াৰ চমু পৰিচয়

ৰুছিয়াৰ সৃষ্টি কৰিছে। এওঁৰ নেতৃত্বতে এই বছৰ জুলাই মাহৰপৰা “তৃতীয় পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ” কাৰ্য্য আৰম্ভ হৈছে। সেই দেখিয়েই আমি ৰুছিয়াৰ আনবিলাক ৰাষ্ট্ৰ নায়কৰ কথা নুশুনি প্ৰধানতঃ ষ্টেলিনৰে কথা শুনিবলৈ পাওঁ;— তেওঁ ভালকৈ শাসন কৰিছে বুলি হলেও, কিম্বা স্বেচ্ছাচাৰী ভাবে (dictatori- ally) শাসন কৰিছে বুলি হলেও, কিন্তু প্ৰকৃতপক্ষে ষ্টেলিনে ৰুছিয়াক অকলে শাসন কৰা নাই; আনকি তেওঁ ছভিয়েট যুক্তৰাষ্ট্ৰৰ শাসন সভাৰ (ছুপ্ৰিম কাউন্সিলৰ,) সভাপতি কিম্বা মন্ত্ৰীসভাৰ (Council of poples' Commissioners) প্ৰধান মন্ত্ৰীত্ব নহয়। প্ৰথমোক্তজন বিষয়া হৈছে মালটভ (V. Molotov) আৰু দ্বিতীয়জন হৈছে কালিনিন (M. Kalinin).

 ছভিয়েট যুক্তৰাষ্ট্ৰৰ প্ৰদেশ বা শাখা যুক্ত ৰাষ্ট্ৰবিলাকৰ আভ্যন্তৰিক শাসন কাৰ্য্য কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰৰ আইন, নিৰ্দেশ আৰু সাৰ্ব্বভৌম ক্ষমতাৰ (Soverei- gnty) লগত সংঘৰ্ষ নোহোৱাকৈ কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰৰ অনুৰূপ শাসনসভা আৰু শাসনকৰ্ত্তাসকলৰ দ্বাৰাই পৰিচালিত হয়। সেইবিলাকৰ বিষয়ে আৰু ইয়াত আলোচনা নকৰোঁ।

 এতিয়া সমাজতন্ত্ৰবাদী ৰুছ শাসনতন্ত্ৰৰ ফলাফললৈ মন কৰক। এই কুৰি বছৰৰ ভিতৰত ৰুছিয়াই নিজৰ শিক্ষিতৰ সংখ্যা শতকৰা ৮ জনৰ পৰা প্ৰায় ৮০ জনলৈ তুলিছে, শিল্প বিষয়ত নিজৰ পৰমুখপেক্ষিতা দূৰ কৰিও কোটি কোটি টকাৰ বস্তু বিদেশলৈ ৰপ্তানি কৰিছে, শিল্পজীৱিৰ সংখ্যা শতকৰা ৫ জনৰ পৰ৷ ৫০ জনলৈ তুলিছে, শিল্পজাত বস্তুৰ পৰিমাণ ১৯১৭ চনৰ ৰুছ বিপ্লবৰ বছৰৰ) পৰিমাণতকৈ সাতগুণ বৃদ্ধি কৰিছে। দেশৰ জাতীয় অৰ্থনৈতিক সমৃদ্ধি মহাযুদ্ধৰ আগৰ অৱস্থাতকৈ প্ৰায় তিনিগুণে বৃদ্ধি কৰিছে, সামবিক শান্তিত—আকাশী যান, যুদ্ধ জাহাজ, সৈন্য বাহিনী প্ৰভৃতিত ৰুছিয়াক এক অদ্বিতীয় ৰাষ্ট্ৰ'ত পৰিণত কৰিছে, চিকিৎসাৰ অভাৱত অকাল মৃত্যুৰ সংখ্যা আশাতীত ভাবে কমাইছে, দৰিদ্ৰৰ বিননি, নিবনুৱাৰ হাহাকাৰ, বাৰ্দ্ধক্যৰ সহায়হীনতা দূৰ কৰিছে;—জগতৰ ’ আগত এক অভিনব আদৰ্শ উত্থাপন কৰিছে। প্ৰথমতে War Communism বা উৎকট সাম্যবাদ, তাৰ পিচত New Economic Policy বা আৰ্থিক নিয়ন্ত্ৰণ, তাৰ পিচত এতিয়া Planned Economy বা Control System অৱলম্বন কৰি (এইবিলাকৰ বিৱৰণ এই প্ৰৱন্ধৰ কাৰণে অনাৱশ্যক) নব্য ছভিয়েট ৰাষ্ট্ৰই স্বদেশৰ সুখ-সমৃদ্ধি বৃদ্ধিত

দোপত দোপে আগ বাঢ়িছে। ৰুছিয়াৰ এই নতুন সামাজিক আৰু শাসন-

 ১৪