পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
প্ৰৱন্ধ-সংগ্ৰহ

ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভিত্তি। (ব্যক্তিগত সত্ত্বাধিকাৰ, ধনতান্ত্ৰিক অৰ্থ ব্যৱস্থা আৰু ধনতান্ত্ৰিক বা গাইগোটীয়া উৎপাদন প্ৰণালীৰ উচ্ছেদ সাধন কৰাই এই নীতিৰ লক্ষ্য।)

 (২) সমুহ সমাজতান্ত্ৰিক সম্পত্তি দুই প্ৰকাৰৰ;—চৰকাৰী সম্পত্তি আৰু সঙ্ঘবদ্ধ সমবায় কৃষি-ক্ষেত্ৰৰ সম্পত্তি। প্ৰথম বিধ হৈছে সমগ্ৰ প্ৰজাবৃন্দৰ কাৰণে ৰখা সম্পত্তি আৰু দ্বিতীয় বিধ হৈছে সঙ্ঘবদ্ধ সমবায়ৰ ভিত্তিত ৰক্ষিত আৰু পৰিচালিত ভিন ভিন জুমৰ ফাৰ্ম্ম বা পাম।

 (৩) সমাজতন্ত্ৰবাদমূলক অৰ্থ ব্যৱস্থাৰ ভিত্তিত খটা আৰু আৰ্থিক লাভা লাভ কৰাৰ বাহিৰে উপৰুৱাকৈ ব্যক্তিগত ভাবে শ্ৰম কৰি যি পাৰে অৰ্জ্জন কৰিবলৈ সকলোকে আইনগত সুবিধা দিয়া হৈছে। থকা ঘৰ, ঘৰৰ ব্যৱহাৰৰ বস্তু, কল-কাৰখানা বিহীন ঘৰুৱা শিল্পৰ উৎপাদন আদি বস্তু ব্যক্তিগত সম্পত্তি।

 (৪) “কামৰ অনুপাতে মূল্য”—এই নীতি প্ৰয়োগ কৰি সকলোকে কাম কৰিবলৈ বাধ্য কৰা হৈছে।

 (৫) জাতি, ধৰ্ম্ম, বৰ্ণ, মুনিহ তিৰোতা নিৰ্ব্বিশেষে সকলো লোককে সমান ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধা দিয়া হৈছে।

 (৬) সৰ্ব্বসাধাৰণৰ সুখ-সমৃদ্ধি, কৃষক আৰু বনুৱাসকলৰ আৰ্থিক আৰু মানসিক উৎকৰ্ষ সাধন, ছভিয়েটৰ স্বাধীনতা ৰক্ষা আৰু আত্মশক্তি বৃদ্ধি কৰাই এই শাসনতন্ত্ৰৰ লক্ষ্য।

 (৭) ধৰ্ম্ম বিষয়ত সকলোকে নিজ নিজ বিশ্বাস মতে চলিবলৈ আৰু উপাসনা কৰিবলৈ দিয়া হৈছে।

 (৮) সমাজতান্ত্ৰিক ব্যৱস্থা আৰু ৰাষ্ট্ৰ দৃঢ়তৰ আৰু শক্তিশালী কৰাৰ অৰ্থে বক্তৃতা দিয়া, সভা-সমিতি পাতি, বাতাৰ কাকত পৰিচালনা কৰা আৰু শোভাযাত্ৰা কৰাৰ অধিকাৰ দিয়া হৈছে।

 এতিয়া ৰুছ ৰাষ্ট্ৰতন্ত্ৰৰ বিভাগবিলাকৰ সম্পৰ্কে অলপ কোৱা যাওক। এই ৰাষ্ট্ৰৰ সৰ্ব্বপ্ৰধান শাসন পৰিষদ হৈছে “ছুপ্ৰিম কাউন্সিল (The Snpreme Council of the US. S. R.)। এই ছুপ্ৰিম কাউন্সিলেই ৰুছ ৰাষ্ট্ৰৰ সকলো বিভাগৰ আইন কৰ্ত্তা আৰু সৰ্ব্বপ্ৰধান পৰিচালক। ইউনিয়নবিলাকৰ প্ৰতিনিধি সভা আৰু জাতি-সমূহৰ প্ৰতিনিধি সভা (Council of the Unions and the Council of Nationalities)— এই দুখন পৰিষদৰে