পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
সমাজতন্ত্ৰবাদ আৰু নব্য ৰুছিয়াৰ চমু পৰিচয়

এই ছুপ্ৰিম কাউন্সিল গঠিত। গোটেই ছভিয়েট ৰাষ্ট্ৰক ভাগ কৰা সৰু সৰু নিৰ্ব্বাচন সমষ্টি, বা ইউনিয়নবিলাকে প্ৰত্যেকে একোজন প্ৰতিনিধি নিৰ্ব্বাচন কৰি ছুপ্ৰিম কাউন্সিলৰ ইউনিয়ন পৰিষদলৈ পঠায়। মোটামুটি ভাবে প্ৰতি তিনিলাখ মানুহে একোজন প্ৰতিনিধি পঠায়। দ্বিতীয়খন পৰিষদলৈ ছভিয়েট যুক্তৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত প্ৰত্যেক শাখা শাসনমূলক (autonomous) প্ৰদেশ আৰু স্বতন্ত্ৰ জাতি-প্ৰধান অঞ্চল কিছুমান নিৰ্দিষ্ট নিয়মে প্ৰতিনিধি বাচি পঠায়।

 চাৰি বছৰৰ কাৰণে ছুপ্ৰিম কাউন্সিলখন নিৰ্ব্বাচিত হয় আৰু এই কাউ- ন্সিলৰ দুয়ো পৰিষদৰ কাৰ্য্য ক্ষমতা সমান আৰু একে। দুয়ো পৰিষদ সাধাৰণতঃ বেলেগে বেলেগে আৰু কেতিয়াবা যুটীয়া ভাবে বহে। কিন্তু ছুপ্ৰিন কাউ- ন্সিলৰ সভাপতিয়ে বছৰি সাধাৰণতঃ দুবাৰ ছুপ্ৰিম কাউন্সিলৰ অধিবেশন আহ্বান কৰে। ছুপ্ৰিম কাউন্সিলৰ সভাপতি, এঘাৰজন সহকাৰী সভাপতি আক তেওঁলোকৰ সাহায্যকাৰী ২৪ জন সদস্য ছুপ্ৰিম কাউন্সিলৰ প্ৰথম অধি- বেশনতে নিৰ্ব্বাচিত হয়। এই সভাপতি সহকাৰী সভাপতি আৰু সদস্য সকলেৰে ছুপ্ৰিম কাউন্সিলাৰ কাৰ্য্যকৰী সভাপতিৰ দৰে এখন “সভাপতিৰ পৰিষদ" (Presidium of the Supreme Council) হয় আৰু এই সভা তেওঁলোকৰ সকলো কাৰ্য্যৰ কাৰণে ছুপ্ৰিম কাউন্সিলৰ ওচৰত দায়ী থাকে। আন্তৰিক, আন্তৰ্জাতিক যুদ্ধ-শান্তি — ছুপ্ৰিম কাউন্সিল কৰ্ত্তৃত্বাধীন সকলো বিষয়কে এই সভাপতি পৰিষদ বা ছুপ্ৰিম কাউন্সিলৰ কাৰ্য্যকৰী সমিতিয়ে সমাধা কৰে। নতুন ছুপ্ৰিম কাউন্সিলৰ অধিবেশন বহালৈকে এই সমিতিয়েই { আগৰ ছুপ্ৰিম কাউন্সিৰ কাৰ্য্যকৰী সমিতিয়েই, ) কাৰ্য্য চলায় নতুন ছুপ্ৰিম কাউন্সিগৰ অধিবেশনো সমিতিয়েই (ইয়াৰ সভাপতিৰ যোগে,) আহ্বান কৰে।

 পোনপটীয়া নিৰ্ব্বাচনৰ গণতান্ত্ৰিক অনুষ্ঠান, সৰ্ব্বসাধাৰণৰ প্ৰতিনিধিমুলক শাসন-সভা ছুপ্ৰিম কাউন্সিলে বহি ছভিয়েট যুক্ত ৰাষ্ট্ৰৰ সাধাৰণ গৱৰ্ণমেণ্ট বা শাসক-মণ্ডলী (Council of Peoples Commissary of the U. S. S. R.) গঠন কৰে। এই শাসক-সভাই হৈছে ৰুছ যুক্তৰাষ্ট্ৰৰ কেবিনেট বা মন্ত্ৰীসভা। ছুপ্ৰিম কাউন্সিলৰ নিৰ্দেশ আৰু বিধান অনুসাৰে এওঁলোকে ৰাষ্ট্ৰৰ শাসনকাৰ্য্য চলাব। ছুপ্ৰিম কাউন্সিলৰ কাৰ্য্যকৰী সভা বা সভাপতি পৰিষদে তথা ছুপ্ৰিম কাউন্সিলে এই মন্ত্ৰীসভাৰ শাসন কাৰ্য্যৰ ওপৰত চোকা