পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
সমাজতন্ত্ৰবাদ আৰু নব্য ৰুছিয়াৰ চমু পৰিচয়

উক্ৰেনিয়ান ছভিয়েট, (৩) হোৱাইট ৰুছিয়ান ছভিয়েট, (৪) আজাৰ বইজান ছভিয়েট, (৫) জৰ্জ্জিয়ান ছভিয়েট, (৬) আৰ্ম্মেনিয়ান ছভিয়েট, (৭) তুৰ্কমেলিয়ান ছভিয়েট, (৮) উজবেক ছভিয়েট, (৯) টাজিক ছভিয়েট, (১০) কাজাখ ছভিয়েট আক (১১) কিৰঘিজ ছভিয়েট।

 ১৯১৮ চনত প্ৰবৰ্ত্তিত ৰাষ্ট্ৰ তন্ত্ৰৰ ভূমিকাত এই ৰাষ্ট্ৰতন্ত্ৰৰ পৰিচয় দিয়া হৈছিল:—“.........it is the establishment (in the form of a strong Soviet Government) of the dictatorship of the urban and rural workers combined with the poorer peasantry, to secure the abolition of the exploitation of man and the establishment of Socialism.” অৰ্থাৎ মানুহৰ দ্বাৰা মানুহক শোষণ বন্ধ কৰি শ্ৰমিক আৰু কৃষকসকলৰ অধিনায়কত্ব শক্তিশালী ছভিয়েট গবৰ্ণমেণ্ট আৰু সমাজতন্ত্ৰবাদৰ প্ৰতিষ্ঠাই ইয়াৰ উদ্দেশ্য। ৰাষ্ট্ৰনায়কৰ হাতত এই ‘dictatorship' বা অধিনায়কত্বৰ সমৰ্থন উল্লেখ থকাৰ কাৰণেই আজি আমি ৰুচিয়াত ষ্টেলিনৰ সমাজতন্ত্ৰমূলক ডিক্টেটৰি বা স্বেচ্ছাচাৰী শাসন চলাৰ কথা শুনো। কিন্তু বৰ্ত্তমান এই বছৰ প্ৰবৰ্ত্তিত হোৱা সংস্কৃত গঠনতন্ত্ৰত (constitution) ৰুছিয়াৰ শাসন প্ৰণালী সম্পৰ্কে তেনে ভুল ধাৰণা হ'বৰ সম্ভাবনা দূৰ কৰা হৈছে— “The U. S. S. R. is a socialist state of workers and peasants............The political foundation of the U. S. S. R. is formed by the Soviets of toilers' deputies which have grown and become strong as a result of the overthrow of power of land-lords and capitalists and the conquest of the dictatorship of the proletariat."— Article I-2 . অৰ্থাৎ বনুৱা আৰু খেতিয়কসকলৰ দ্বাৰা এই ৰাষ্ট্ৰ গঠিত। ধনী আৰু জমিদাৰ শ্ৰেণীৰ প্ৰতিপত্তি ধ্বংস কৰিবলৈ প্ৰবৰ্ত্তন কৰা শাসন তন্ত্ৰৰ আমোলত গঠিত আৰু শক্তিশালী হৈ ডিক্টেটৰি শাসনৰ অনাবশ্যকতা প্ৰতিপন্ন কৰা বনুৱা প্ৰতিনিধিসকলৰে গঠিত ছভিয়েট বা পঞ্চায়ত বিলাকেই এই ৰাষ্ট্ৰৰ ভিত্তি বা উৎস।

 ৰাষ্ট্ৰতন্ত্ৰখনৰ আন কেইটামান প্ৰধান নিবন্ধৰ আভাস তলত দিয়া হ'ল :—
 (১) সমাজতন্ত্ৰবাদমূলক অৰ্থ-ব্যৱস্থা—সমাজতন্ত্ৰবাদমূলক সত্ত্বাধিকাৰ, সমাজতন্ত্ৰবাদমূলক উপাদান ক্ষেত্ৰ, উৎপাদন যন্ত্ৰ আৰু উপাদান প্ৰণালীয়েই এই