পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
প্ৰৱন্ধ-সংগ্ৰহ

হৈ অলপ উচ্চহাৰত বেতন দিব পাবে, (বৰ বেচিকৈ দিব নোৱাৰেও; কাৰণ শ্ৰমিকক বেচি দৰমহা দি তেওঁ তেওঁৰ কাৰানাত উৎপন্ন বস্তুবিলাক বজাৰত কম দামত বেচিব নোৱাৰিব। কাৰণ, শ্ৰমিকক কম হাৰত দৰমহা দিয়া আন কাৰবাৰীয়ে সেই বস্তু তেওঁতকৈ কম দামত বেচিব আৰু ফলত শ্ৰমিকক ভাল দৰমহা দিবলৈ যোৱা কাৰবাৰীজনৰ বস্তুৱে বাকীসকল কাৰবাৰীৰ সস্তীয়া বস্তুৰ প্ৰতিযোগিতাত টিকিব নোৱাৰি তেওঁৰ লোকচান ঘটাব, ) কিম্বা শ্ৰমিকসকল খুব সঙ্ঘবদ্ধ হৈ ট্ৰেড ইউনিয়ন বা শ্ৰমিক সঙ্ঘৰ জৰিয়তে সমবেত ভাবে দাবি কৰিলে সামান্য সুবিচাৰ পাব পাৰে; কিন্তু সি যথেষ্ট আৰু স্থায়ী নহয়। গবৰ্ণমেণ্টৰ মুখলৈ চোৱাও গিছা। কাৰণ, ধনতন্ত্ৰ- বাদৰ প্ৰাধান্যপূৰ্ণ দেশত গৱৰ্ণমেণ্টো ধনিক সকলৰ আৰু ধনতন্ত্ৰবাদৰ দ্বাৰা প্ৰভাৱান্বিত। সেই বাবেই সমাজতন্ত্ৰবাদক কয় যে, ধনতন্ত্ৰবাদে তথা সাম্ৰাজ্য- বাদৰ মূল উচ্ছেদ কৰিব লাগিব। জমিদাৰী প্ৰথা ৰদ কৰি মাটিৰ স্বত্ত্ব ৰাষ্ট্ৰৰ হাতলৈ আনিব লাগিব; ডাঙৰ ডাঙৰ শিল্প, ব্যৱসায়, কল-কাৰখানাৰ স্থাপন আৰু পৰিচালনাৰ ভাৰ ৰাষ্ট্ৰ বা গৱৰ্ণমেন্টে ল’ব। কৃষি-প্ৰধান দেশত ডাঙৰ পাম কৰি খেতি কৰোৱাৰ ভাৰো ৰাষ্ট্ৰই লব; মূলধনৰ গৰাকী ৰাষ্ট্ৰ হ’ব; উৎপন্ন বিক্ৰী, শ্ৰমিকৰ বেতন ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কাৰব, ধনী-দুখীয়াৰ আকাশ-পাতাল বৈষম্য দূৰ কৰিব লাগিব,—একে-আসী শ্ৰেণীশূন্য সমাজ (classless Society ) আৰু শ্ৰেণীশূন্য ৰাষ্ট্ৰ স্থাপন কৰিব লাগিব। কোনো শ্ৰেণী, জাতি বা ৰাষ্ট্ৰৰ শোষণ-প্ৰভুত্ব সমাজতন্ত্ৰবাদীসকলে সহ্য নকৰে।

 এয়ে সমাজতন্ত্ৰবাদৰ চমু বিৱৰণ। ফ্ৰান্সৰ নামমাত্ৰ সমাজতন্ত্ৰবাদৰপৰা আৰম্ভ কৰি ট্ৰটক্সিপন্থীসকলৰ উগ্ৰ সাম্যবাদলৈকে (communism) ইয়াৰ কেইবাটাও পন্থা (Schools or forms) আছে; কিন্তু এয়ে সমাজতন্ত্ৰ- বাদৰ মূল ভিত্তি আৰু এই ভিত্তিৰ ওপৰতেই ৰুছিয়াৰ বৰ্তমান ৰাষ্ট্ৰতন্ত্ৰ গঠিত; আৰু এই মতবাদ অনুসৰণ কৰিয়েই আজি কুৰি বছৰৰ ভিতৰত ৰুছিয়াই নিজৰ ৰাজনৈতিক আক অৰ্থনৈতিক জীৱনত যুগান্তৰ উপস্থিত কৰি জগতৰ আগত এটা নতুন আদৰ্শ উপস্থিত কৰিছে। ৰুছ ৰাষ্ট্ৰই নিজৰ নাম গ্ৰহণ কৰিছে——Union or Soviet Socialist Republics — সমাজতন্ত্ৰবাদী ছভিয়েট সমূহৰ যুক্তৰাষ্ট্ৰ। ১১ এঘাৰখন সৰু সৰু ছভিয়েট ৰাষ্ট্ৰৰে এই যুক্তৰাষ্ট্ৰ গঠিত :—(১ ) 'ৰুছিয়ান ছভিয়েট ফেডাৰেটেড ছসিয়েলিষ্ট ৰিপাব্লিক ( খাচ ৰুছিয়ানসকলৰ সৰু সৰু ৰাজ্যবিলাকৰ সমাজতন্ত্ৰবাদী যুক্তৰাষ্ট্ৰ), ( ২ )