পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাজতন্ত্ৰবাদ আৰু নব্য ৰুছিয়াৰ চমু পৰিচয় আধুনিক জগতৰ চাৰিকথাৰ ভূ ৰথা লোকমাত্ৰেই অন্ততঃ এইখিনি কথা জানে যে সমাজতন্ত্ৰবাদ বা “ছসিয়েলিজিম্‌” নামে এটা ৰাজনৈতিক মতবাদ বা পৰিকল্পনাই বৰ্তমান জগত খলক লগাইছে এবং বৰ্তমান কছ শাসনতন্ত্ৰই ইয়াৰ গুৰিয়াল। পিচে এই সমাজতন্ত্ৰবাদ এবং কছ শাসনতন্ত্ৰনো কি বস্তু ইয়াৰ বিষয়ে এট। নিয়মিত বিৱৰণ দিবলৈ হলেও সি এখন ডাঙৰ কিতাপ হ’ব। এই প্ৰৱন্ধত সেই কাৰ্য্যৰ কাৰণে ঠাই নাই। এই প্ৰৱন্ধত মাত্ৰ আমি সমাজতন্ত্ৰবাদৰ মূল কথা এবং ১৯১৭ চনৰ কছ বিপ্লবৰ ( Russian Revolution ) পিচৰে পৰা আৰম্ভ কৰি ১৯৩৭ সনলৈকে ৰুছিয়াৰ বিভিন্ন পৰিবৰ্ত্তনৰ আৰু কছিয়াৰ বৰ্ত্তমান শাসনতন্ত্ৰ আৰু সাধাৰণ অৱস্থাৰ এটি আভাস দিম। দু বিষয়, যদিও আজি জগতৰ বহুত দেশক সমাজতন্ত্ৰ- বাদৰ ভাবে ঢৌৱাই পেলাইছে, আৰু ভাৰতবৰ্ষৰে। অন্যান্য প্ৰদেশত ই দ্ৰুত- গতিৰে প্ৰচাৰ লাভ কৰিছে, তথাপি অসমত এতিয়াও এই ভাৱৰ আচল মৰ্ম্ম বিস্তাৰ হোৱা নাই। বহুতে আকৌ এই বিষয়ে হয়তো সামান্য কিম্বা বিকৃত বিৱৰণ অলপ পঢ়ি বা শুনিয়েই বিশ্বাস কৰি থৈছে যে, সমাজতন্ত্ৰ- বাদ হৈছে এটা ধনী দুখীয়া, সম্ভ্ৰান্ত নিকৃষ্ট, ধাৰ্ম্মিক-অধাৰ্ম্মিক সকলোকে একাকৰ কৰি শাসন কাৰ্য্য পৰিচালনা কৰা মতবাদ ( Doctrine )। এই মতবাদ প্ৰবৰ্ত্তিত হোৱা ৰাজ্যত ধনী দুখীয়াৰ প্ৰভেদ থাকিব নোৱাৰে, কোনো ব্যক্তি বিশেষ গাই গুটীয়াভাবে ধন-ঐশ্চৰ্য্যৰ অধিকাৰী হ'ব নোৱাৰে,—'গুটীয়া ভাবে সম্পত্তিৰ অধিকাৰী হ'ব নোৱাৰে, বিশেষ শ্ৰেণীয়ে বিশেষ সুবিধা পাব নোৱাৰে, কোনো ধৰ্ম্মই প্ৰশ্ৰয় পাব নোৱাৰে, সকলোবোৰ অভেদ অভিন্ন ‘খিঁচুৰী’ৰ সমষ্টি। কিন্তু সমাজতন্ত্ৰবাদৰ বিষয় এই ধাৰণা অতি অবাস্তৱ আৰু বিকৃত। সমাজতন্ত্ৰবাদ হৈছে দেশ, কাল, শ্ৰেণী, ধৰ্ম্ম, সম্প্ৰদায় নিব্বিশেষে পৃথিবীৰ সমগ্ৰ মানৱ জাতিৰ ধৰ্ম্মক্ষেত্ৰ, কৰ্ম্মক্ষেত্ৰ, ৰাজনৈতিক অৰ্থনৈতিক ক্ষেত্ৰত সমানাধিকাৰ আৰু এক ন্যাৰ বিচাৰৰ মতবাদ। এই কথা ঠিক