পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ যে সমাজতন্ত্ৰবাদে দুৰ্ব্বল, দুখীয়া, কৃষক আৰু শ্ৰমিক শ্ৰেণাৰ শোষণ কৰি তেওঁলোকৰ ৰঘুমলাৰ দৰে প্ৰভাৱ বিস্তাৰ কৰা ধনী শ্ৰেণীক, আৰু ধৰ্ম্মৰ গুৰিধৰিবলৈ ওলোৱা যাজক প্ৰচাৰক, ধৰ্ম্মগুক শ্ৰেণীৰ অন্যায় প্ৰভাৱ ৰাজনৈতিক বা অৰ্থনৈতিক সুবিধা ভোগৰ দাবিক প্ৰশ্ৰয় নিদিয়ে। কিন্তু ই ধনী নিধনী সকলোকে সমান বিত্তশালী কৰিবলৈ বিচৰ৷ আৰু কোনে৷ ধৰ্ম্মক প্ৰশ্ৰয় নিদিয়৷ বা ধৰ্ম্মক উচ্ছেদ সাধন কাৰবলৈ বিচৰা কথা সঁচা নহয়। সমাজতন্ত্ৰবাদে বিচাৰে শ্ৰেণী, সম্প্ৰদায় নিৰ্ব্বিশেষে গোটেই সমাজখনৰ সুখ, শান্তি, সমৃদ্ধি;"National Socialism" বা জাতীয় সমাজতন্ত্ৰ- বাদে নিজৰ দেশখনৰ আৰু আন্তৰ্জাতিক বা বিশ্বজনীন সমাজতন্ত্ৰবাদে বিশ্বৰ সমগ্ৰ দেশবিলাকৰ আৰু সমস্ত মানৱ জাতিৰ কল্যাণ বিচাৰে। সমাজতন্ত্ৰবাদ বুলিলে আমি সাধাৰণতঃ শেষৰ বিধ, অৰ্থাৎ অন্তৰ্জাতিক সমাজতন্ত্ৰবাদ বা "International Socialism" হে বুজোঁ। সেই হিচাপে পৃথিবীত এতিয়ালৈকে প্ৰাধান্য বিস্তাৰ কৰি অহা ধনতন্ত্ৰবাদ বা ধনিকতন্ত্ৰবাদ ( Capitalism) আৰু সাম্ৰাজ্যবাদৰ ( Imperialism ) ই ঘোৰ বিৰোধী। কাৰণ, এই ধনতন্ত্ৰবাদ আৰু সাম্ৰাজ্যবাদৰ উচ্ছেদ সাধন কৰিব নোৱাৰিলে সমাজতন্ত্ৰবাদে প্ৰাধান্য কৰাতে, সমাজতন্ত্ৰবাদৰ আদৰ্শ— Classless society বা শ্ৰেণীশূন্য সমাজ আৰু ৰাষ্ট্ৰ, প্ৰতিষ্ঠা কৰাটো অনস্তৱ। ধনতন্ত্ৰবাদ আৰু সাম্ৰাজ্যবাদৰ ভিতৰত অতি ঘনিষ্ঠ সম্বন্ধ। ধনতন্ত্ৰবাদ বা ধনিকে বিচাৰে যিমান পাৰে ধন শোষণ কৰিবলৈ, নিজৰ দেশত শোষণৰ লাভ আৰু ক্ষেত্ৰ কম হৈ আহিলে আন দেশক শোষণ কৰিবলৈ। বিমানই পায়, সিমানেই তাৰ আক্ৰোশ বাঢ়ি যায় আৰু শোষণৰ কাৰণে নতুন নতুন দেশ আৰু নতুন নতুন উপায় উদ্ভাধন কৰিবলৈ প্ৰয়াস পায়। ধনিক বা ধনতন্ত্ৰবাদ প্ৰভাবান্বিত গবৰ্ণমেণ্ট বা ৰাষ্ট্ৰই অন্যান্য দেশৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ দ্বাৰ!, সাম্ৰাজ্য বিস্তাৰৰ দ্বাৰা ধনতন্ত্ৰবাদৰ এই স্পৃহা পূৰণৰ সহায়ক হয়। এক হিচাপে চাবলৈ গলে সাম্ৰাজ্যবাদ ধনতন্ত্ৰবাদৰেই পৰিণতি বুলি কব পাৰি। আধুনিক ধনতন্ত্ৰবাদৰ বিস্তাৰ লাভৰ প্ৰধান উপকৰণ হৈছে ধনিক বা কেপিটেলিষ্ট সকলৰ দ্বাৰ৷ অধিকৃত আৰু পৰিচালিত কৰা কাৰথানা আৰু কল কাৰ্থানাজাত শিল্পবিলাক। ইউৰোপেই এই ধদতন্ত্ৰবাদৰ কেন্দ্ৰ,