পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত জ্যোতিষ ৯৫ এই পুথি খনেৰেই পঞ্জিকাৰ যাবতীয় গণন৷ কাম সম্পন্ন কৰিব পাৰি, কিন্তু আন আন ঠাইত প্ৰচলিত শাস্ত্ৰবিলাকৰ কোনো খনৰেই পঞ্জিকাৰ সমস্ত গণনা কৰিব নোৱাৰি। আৰু এটা কথা যে কামৰূপৰ 'মান মন্দিৰ নবগ্ৰহ পাহাৰৰ ওপৰত দিন ৰাতি সমান হবৰ দিনা চালে ‘কামৰূপ নিবন্ধনীয় খণ্ডসাধ্য’ মতে গণন! কৰা সময়ৰ লগত বেচকৈ মিলে গতিকে কামৰূপত যে ই আগৰে পৰাই চলি আহিছে তাত অলপো সন্দেহ নাই। সবশেহত আমাৰ কব লগীয়া — অসমীয়া ৰাইজে যেনেকৈ চাৰিওপিনে অসমীয়াৰ হক আক প্ৰাধান্য ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে সেইদৰে এই মৃতপ্ৰায় জ্যোতিষ বিদ্যাটিৰপিনেও অলপ মনোযোগেৰে চালে এতিয়াও প্ৰাগজ্যোতিষপুৰৰ মৰ্য্যাদা অক্ষুন্ন ৰাখিব পাৰিব আৰু এনে এটি মহাৰত্নও অসমী আইৰ ভৰালৰপৰা নেহেৰাব। কান্দিম কিমান? কান্দোতে কান্দোতে গ'ল “মানৰ দুদিন” — লগে লগে বাজি উঠে শোষকৰ বীণ— আছে পোতাধন, কিন্তু জ্ঞান-দৃষ্টি হীন ঘৰত আলহী হ’লো,—আয়ু-বল-খীণ॥ —আৰু কান্দিম কিমান? কান্দোনৰ সুৰে শুনে৷ বীৰৰ কাহিণী, বিষাদ কালিযা সনা কবিৰ ৰাগিনী— কেউপিনে শুনো মাথো, কন্দা ৰিণি ৰিণি, সাহিত্যতে৷ ক্ৰন্দনৰ ভাৱ উঠে জিনি, } আক কান্দিম কিমান?