সমললৈ যাওক

পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ আন হাতে চাওক হিন্দুসকলৰ লৰা-ছোৱালী জন্মিবৰ পাচদিনৰ দিনাই গণাই সোৱঁৰণী কৰোৱা হয়। ঠিক সেই সোৱৰণী চাইয়েই মানুহজনৰ ভূত ভবিষ্যত বৰ্ত্তমান জীৱনৰ আটাইখিনি কথা কৈ দিব লাগে। যদি এই জন্ম- পত্ৰিকা ঠিক সময়ত ঠিকৰূপে গণনা কৰা নহল তেন্তে তাৰ ভবিষ্যৎ ফলাফল মিলিব কেনেকৈ? গতিকে লৰাৰ সাধাৰণ কোষ্ঠি এখন কৰাকে আদি কৰি যাবতীয় কামতে ভাল জ্যোতিষজ্ঞ মানুহৰ দৰ্কাৰ! গতিকে অসমীয়া সমাজৰ এটা ডাঙৰ কাম এতিয়াও হাতত লোৱা হোৱা নাই, সেইটো হৈছে অসমত জ্যোতিষজ্ঞ সমাজ গঢ়ি তোলাটো। এই বিষয়লৈ কাৰো একে৷ কাণসাৰ নোহোৱা দেখি বাস্তবিকতে বৰ দুখ লাগে। প্ৰাচীন কামৰূপৰ এনে এটি সম্পদ এইদৰে অনাদৃত হৈ কালৰ কৰাল গ্ৰাসত লোপ পাব লাগিলে তাতকৈ আৰু কি দুখৰ বিষয় হব পাৰে। ৯৪ আজি আমাৰ সকলো থাকিও একো নাই—আজি আমি সকলো বিষয়তে পিচ পবা বুলিলেও অত্যুক্তি কৰ৷ নহব। আমালোকৰ জন্মভূমি, যাৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ — য'ত এদিন জ্যোতিষ শাস্ত্ৰৰ বিশেষ চৰ্চ্চা হৈছিল সেই ঠাইত আজি এখন ছপা অসমীয়৷ পঞ্জিকাই নাই বুলিবও পাৰি; ইয়াতকৈ কিবা আৰু লাজৰ কথা আছেনে? আমাৰ কাৰ্য্যালয়ৰপৰা বহু বছৰ পূৰ্ব্বে কেবা বাৰে৷ পঞ্জিকা ছপা হৈ ওলাইও ৰাইজৰ কোনো সদাশয়ৰ পৰা আৰ্থিক সাহায্য নাপাই সি কলিতে জঁয় পৰি যাব লগীয়া হৈছিল। অতি প্ৰাচীন কালৰেপৰা প্ৰাচীন কামৰূপত “কামৰূপ নিবন্ধনীয় খণ্ডসাধ্য” নামে গণিত আৰ্য্যামতে পঞ্জিকা গণিত হৈ আহিছিল; তাৰ প্ৰমাণ উক্ত পুথিখনৰ নামৰ পৰাই বেচকৈ উপলব্ধি কৰিব পৰ৷ যায়। আমাৰ ঘৰত আজিও বহু বছৰ আগৰেপৰা উক্ত মতে গণা হাতে লিখা স্ফুট পঞ্জিকা এতিয়াও আছে, আনকি যেতিয়া কাগজ ওলোৱা নাছিল, তেতিয়াৰ দিনতো সাঁচিপাতত লিথা স্ফুট পঞ্জিকাও আছে আৰু আমিও আজিলৈকে বঙালী পঞ্জিকাৰ বান পানীৰ ঢৌৰ মাজতে৷ উক্তমতেই গণ৷ স্ফুট পঞ্জিক। ব্যৱহাৰ কৰিয়ে আছো। পুৰণি কালৰেপৰ৷ এই দেশৰ ৰজা মহাৰাজা সকলেও এই “কামৰূপ নিবন্ধনীয় খণ্ডসাধ্য মতে গণা পঞ্জিকাৰ দ্বাৰায়ে সকলো কাম চলাইছিল। এনে অবস্থাত কামৰূপত চিৰ্ব প্ৰচলিত গণনা শাস্ত্ৰ কামৰূপ নিবন্ধনীয় খণ্ডসাধ্য মতটো এ ৰ আন মতৰ আশ্ৰয় গ্ৰহণ কৰা যুক্তি সঙ্গত নহব বুলি ভাবে॥ তদুপৰি