পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ সূৰ্যসিদ্ধান্ত নামে এখন কিতাপ ছপ৷ হৈছে সেই সূৰ্যসিদ্ধান্তৰ ভূমিকা ভাগত তেওঁলোকেও প্ৰকৃত সূৰ্য্যসিদ্ধান্ত লোপ হোৱা বুলি কয়। পণ্ডিত ভাস্কৰাচাৰ্য্যই সিদ্ধান্ত শিৰোমণি নামে এখন গণিত শাস্ত্ৰ ১০৭২ খৃষ্টাব্দত ৰচন৷ কৰিছিল। সেই মতে বঙালী পঞ্জিকাৰ গ্ৰহস্ফুট আদি গণনা কৰা হয়। কিন্তু কামৰূপ নিৱন্ধণীয় খণ্ডসাধ্য নামে এখন গণিত আৰ্য্যা অতি পুৰণি কালৰেপৰ৷ অসমত চলি আহিছে। গ্ৰন্থকাৰৰ নাম নাই, কেৱল 'ৰবি-মন্দ-গণনা ভাগত এটা পাঠ আছে “ভবেদ্ৰবিন্দ মিহিৰ কথিতা—” ইয়াত গ্ৰন্থকাৰে নিজৰ প্ৰাধান্য লোপ কৰি সূৰ্য্য সিদ্ধান্ত অনুসাৰে ভগবান মিহিৰ ( সূৰ্য্য ) দেৱৰ বাণী বুলি প্ৰকাশ কৰিছে। ইয়াত এনে কিছুমান সংস্কৃত শব্দ সন্নিবেষ্টিত আছে যে সেইবোৰ কোনো অভিধানতে পোৱা নাযায় কেৱল পৰম্পৰাৰূপে মুখে মুখেহে জানি আহিছে। গতিকে বুজা যায় এই আৰ্য বিলাক কিমান পুৰণি। মহাৰাজ নৰনাৰষুণৰ দিনত তেখেতৰ আদেশ মতে বহুত পণ্ডিতে বহুত পুথি ভাঙে। সেই সময়ত এই অভাজনৰ উপৰি পুৰুষ শ্ৰীধৰে খণ্ডসাধ্য প্ৰণয়ন “শুনিও শ্ৰীৰ তুমি মোৰ বাক্য ধৰা জ্যোতিষ ভাঙিয়া তুমি খণ্ড সাধ্যকৰা” শ্ৰীধৰে জ্যোতিৰ্ম্মালা আৰু বৰ্ষকত নামে আন দুখনি পুথিও ৰচনা কৰে। তাৰ পিচত এই লিখকৰ উপৰি পুৰুষ হৰ নাথে সামুদ্ৰিক হস্তৰেখ! চোৱা পুথি এখন লিখে। এইদৰে অসমত মাজে মাজে জনচেৰেক মণিষী পুৰুষৰ চেষ্টাত দুই এখনি জ্যোতিষৰ পুথি প্ৰকাশিত হৈ আহিছে। কামৰূপৰ বৰপেটাৰ পশ্চিমে লেহি ডঙৰ' গাৱঁত ‘ডাক পুৰুষ’ৰ জন্ম হয়। তেওঁৰ “ডাকভণিতা”তো জ্যোতিষৰ এভাগ লিখি থৈ গৈছে। ডাকৰ পুত্ৰই ‘সুৰৰ্য্যথওসাধ্য ৰচনা কৰে। দৰঙী ৰজাৰ দ্বাৰ পণ্ডিত সকলে ( খৰি বংশৰ ) বহুত জ্যোতিষ শাস্ত্ৰৰ প্ৰচাৰ কৰিছিল। কাকত নোলোৱা দিনত ১৭২০ শৰ্কৰ পৰা ক্ৰমাগত চান বছৰৰ হাতেলিখা সাঁচিপতীয়া পঞ্জিকা 'কামৰূপ অনুসন্ধান সমিতি'ত আজিও পোৱা যায়। পুঠিমাৰীৰ্ব দক্ষিণে বৰডেকৃপাৰ গাৱঁৰ “বাক্‌চী” নামে এজন জ্যোতিষী পণ্ডিতে এখন আৰ্য্যা লিখিছিল। তাত এঠাইত আছে “যথা ভাগে