পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত জ্যোতিষ ৯ মুনি খ দুই দুই নব যমেৰ ভাগ” এই বিলাকৰ পাঠ মূল খণ্ডসাধ্যৰ লগত নিমিলে। এই বিলাক আৰ্যা দেশত নচলিল। এতিয়া দেখা গল অসমত আদিৰেপৰা ভালদৰে জ্যোতিষ শাস্ত্ৰৰ চৰ্চ্চা চলি আহিছে আৰু মাজে মাজে দুই এজন মণিষীয়ে দুই এখনি গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া জাতিক চিৰ ঋণী কৰি থৈ গৈছে। আজিও অসমৰ চুকে কোণে এনে কোনো এখন ঠাই নাই যত জ্যোতিষ শাস্ত্ৰৰ আদৰ নাই। কিন্তু আজি ভালদৰে কেইখন ঠাইত জ্যোতিষ শাস্ত্ৰৰ অনুশীলন হৈছে? বাস্তৱিকতে বৰ পৰিতাপৰ কথা যে এনে সুন্দৰ এটি বিদ্যা কিছুমান অপাত্ৰৰ হাতত পৰি ধ্বংসৰ কৰাল গ্ৰাসত পৰো পৰো হৈছে। তাৰ প্ৰমাণ দেখা যায় — আনকি বহুত মগনীয়াৰ খুজিবলৈ যাওঁতেও এধাল ঠিকন। মঙ্গল চাই দিবলৈ বহুতে কোৱা দেখা যায় আৰু তাৰ উত্তৰৰ ওপৰতে কিমান আস্থ৷ ৰাখি থাকে—কিন্তু তেওঁ মাটিত কেইটামান আঁক মাৰি কৈদিলে এট৷ আৰু সেয়ে হল জ্যোতিষতত্ত্ব? আৰু কিছুমান মানুহে জনাই নজনাই দুই এটা জ্যোতিষ শ্লোক আওঁৰাই মেষ, বৃষ আদি ৰাশি ওভোতাকৈ গণি তাৰেই মহা পণ্ডিত বোলাই জগতক প্ৰতাৰিত কৰিছে। আৰু এই বিলাকৰ পৰাই ঋষিনুনি সকলৰ কত চিন্তা-প্ৰস্থত জ্যোতিষ শাস্ত্ৰই সাধাৰণৰ বিশ্বাস হেৰুৱাইছে। ! জ্যোতিষ শাস্ত্ৰৰ দৰে অৰ্থকৰী বিদ্যা খুব কমহে আছে। ইয়াত মূলধনৰ এধানো দৰ্কাৰ নাই। এনে অৱস্থাত যেয়ে সেয়ে জনাই নজনাই দুষাৰৈ জ্যোতিষী-মুখ৷ পিন্ধি জগতক প্ৰতাৰিত কৰি এনে এটি বিদ্যাৰ সন্মান নষ্ট কৰিছে। যি জ্যোতিষ শাস্ত্ৰ অপাৰ সমুদ্ৰ স্বৰূপ, যাক নাজানিলে শ্ৰৌত আক স্মাৰ্ত্ত কৰ্ম্ম একোকে কৰিব নোৱাৰি, যাৰ প্ৰত্যক্ষ ফল চন্দ্ৰ সূৰ্য্য গ্ৰহণ, আঁউসী, পূৰ্ণিমা আদিৰ দ্বাৰ৷ জল্ জল পট্‌ পট্‌কৈ ওলাই পৰে — যি জ্যোতিষ শাস্ত্ৰৰ প্ৰশংসা মহামুনি বশিষ্ঠদেৱে নিজমুখে গাই গৈছে— “অধ্যেতব্যং ব্ৰাহ্মণৈৰেব তস্মাজ্জ্যোতিশাস্ত্ৰ পুণ্যমেত্দ্ৰহ্যম। এতদ্বুদ্ধ্যা সম্যগাপ্নোতি যম্মাদৰ্থং ধৰ্ম্ম, মোক্ষমগ্ৰাং যশষ্ট।” সেই জ্যোতিষ শাস্ত্ৰ চৰ্চ্চাৰ আজি এনে অধঃপতন দেখিও কেইজনে তালৈ চকু দিছে বা কেইজনে ইয়াৰ পুনৰুদ্ধাৰৰ বাবে অকণমানিও সময় নষ্ট কৰি এধান ভাবিছে!