পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত জোতিষ “সূৰ্য্যঃ পিতামহোব্যাসো বশিষ্টাত্ৰি পৰাশৰঃ 'কাশ্যপোনাৰদো নাৰদো গৰ্গে৷ মৰীচিম হুৰঙ্গিৰ৷॥ লোমশঃ পুলশশ্চৈব চ্যৱনোযবনোভৃগুঃ। শৌনকোহষ্টদশৈবৈতে জ্যোতিঃ শাস্ত্ৰ প্ৰবৰ্ত্তকাঃ॥” কামাখ্যাৰ অগ্নিকোণে প্ৰায় তিনি মাইল দূৰত চিত্ৰাবল (নবগ্ৰহ) নামে পৰ্ব্বত এখনত নবগ্ৰহৰ শিৱলিঙ্কময় মূৰ্ত্তি নবভাগে বিৰাজমান আছে। এই পৰ্ব্বতেই প্ৰাগ্ জ্যোতিষপুৰৰ মান মন্দিৰ। ইয়াৰ পৰাই গ্ৰহবিলাকৰ গতি বিধি নিৰূপণ কৰিছিল। সেইদিনৰে পৰা গণিত আৰু কলিত জ্যোতিষৰ চৰ্চ্চ। ইয়াত ভালদৰে চলি আহিছে। ফলিত জ্যেতিষৰ সময়ত স্বাৰোদৰ ৰত্নমালা, সময়ামৃত, যুদ্ধ জয়াৰ্ণব, জ্যোতিৰ্ম্মাল৷ আদি পুথি ইয়াত প্ৰকাশ হৈছিল। ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায়— আহোম ৰজা সকলৰ দিনত ৰজ! সকলে জোতিষজ্ঞ পণ্ডিত সকলক লগতলৈলে যুদ্ধ ক্ষেত্ৰলৈ গৈছিল। তেওঁলোকে গণনা কৰি কোন ক্ষণত যুদ্ধ আৰম্ভ কৰিব লাগিব সেইটো কৈ নিদিয়ালৈকে ৰজাসকলে যুদ্ধ প্ৰবৃত্ত নহৈছিল। আহোম ৰজাসকলৰ পিয়লী কাকত বিলাকত দেখা যায় যে তেওঁলোকে ব্ৰহ্মোত্তৰ মাটি দান কৰি সদ্ধাহ্মণসকলক জ্যোতিষ চৰ্চাৰ কাৰণে অসমত স্থাপন কৰিছিল। সেই সকলৰ উত্তৰাধিকাৰী সকলে আজিও ৰাজদত্ত ব্ৰহ্মোত্তৰ ভূমি ভোগ কৰি আছে। তদুপৰি আগেয়ে প্ৰত্যেক ৰজাৰে দ্বাব পণ্ডিত এজন জ্যোতিষী আছিল। আজিকালিও ৰজা জমিদাৰসকলে জোতিষী দ্বাৰ পণ্ডিত ৰথা দেখা যায়। তেওঁলোকে ৰাজ পৰিবাৰৰ সকলো কথাকে চাই দিছিল আৰু ৰাজ ভৰালৰপৰা যথেষ্ট পুৰস্কাৰ পাইছিল। তদুপৰি আগেয়ে দ'ল দেৱালয়বিলাকৰ তিথিকৰ হিচাবে জ্যোতিষী পণ্ডিত ৰাখিছিল। তেওঁলোকে তিথি আদি কৈ দিব লাগিছিল আৰু তাৰ বাবে ব্ৰাহ্মোত্তৰ জমিও পাইছিল। আজিকালিও বহুত তেওঁলোকৰ বশংধৰসকলে তিথিকৰ কাৰ্য্যত থাকি ব্ৰহ্মত্তোৰ ভোগ কৰি দেৱালয়ত আছে। 2 A .জ্যোতিষ শাস্ত্ৰ তিনি ভাগত বিভক্ত—(১) সিদ্ধান্ত (২) সংহিতা (৩) হোৰ৷ ইয়াৰ ভিতৰত প্ৰকৃত সিদ্ধান্ত যেনে—সূৰ্য্য সিদ্ধান্ত, ব্ৰহ্ম সিদ্ধান্ত, ব্যাস সিদ্ধান্ত আদি ওঠৰখন সিদ্ধান্ত। এই মূল শাস্ত্ৰবিলাক যে কিমান শতাব্দিত লোপ পালে তাৰ একো সঠিক সিদ্ধান্ত পোৱ৷ নাযায়। এতিয়া যদিও বোম্বাইত