পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদায়-বেদন! দিখউৰ বুকুৰ স’উ সৰু নাওখনি টুবুল কৰি গুচি যায় ; বঠাৰ কোবত মিলি ভাটিয়ালী সুৰে পৰীয়াৰ বিদায় জনা, দিগন্তত সিও মিলি যায় । দিখউৰ বুকুত সউ আকাশৰ বগলীৰ জাক পতা উৰণৰ জলিছে ছবিটি ; তাতো যেন লিখা আছে “বিদায় ! বিদায় ! যাওঁ আমি, তুমিওতো যাবাগে’, সখিটি, আঁকি ল'ই বিদায়ৰ শেষৰ ছবিটি।” দিখউৰ বুকুত ¤’উ সাদৰী সখীটী মোৰ আধা তিতা কাপোৰেৰে ৰ'ই; সেই আমোলোৱা মুখখনি ল’ই আমোলন হাঁহি আৰু নিদিয়ে বিলাই ; বুকুৰ আঁচলখনি কুঁচি-মুচি টানি ল'ই তোলা নাই হাঁহিটিৰ লয়, আজি—চেনেহৰ কথাটি নকয় ; চকুলো নসৰ৷ মাথোঁ৷ চকুৰ পটাই পচাৰতে কয়—“যোৱ"ী, দেৱতা, বিদায়।” দিখউৰ বুকুত আছে সান্ধ্য নীৰৱতা, নাই তাত ভাষা বেদনাৰ ; আছে মাথোঁ৷ দুয়ো পাৰ উটি-বুৰি যোৱা ডাৱৰৰ চকুলো এধাৰ, নাই---পৰিষ্পুট ভাষ৷ বেদনাৰ ৷ সকলোৰে বাবে যদি আছে এনেদৰে বিদায়ৰ বেথা ভৰা খেণ, নাই কিয় হুৱা-দুৱ৷ লগা হৃদয়ৰ প্ৰকাশৰ শত্ৰুতি একণ ! অপ্রকাশ বিদায়-বেদন!