পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ বিজ্ঞান বিঘাই ঈশ্বৰ প্ৰমাণ কৰিব পৰা নাই, দৰ্শনেও ঈশ্বৰক মানুহৰ হৃদয়ৰ বস্তুৰূপে আপোনাৰ কৰি আনি দিবহি পৰা নাই,—কিন্তু কাব্য সাহিত্য আৰু ললিত কলাই অনন্ত সুন্দৰক হিয়াৰ বস্তু কৰি অলপ নহয় অলপ দিয়া নাইনে বাৰু? ব্দে উপনিষদত, ঈশ্বৰ তত্ব আছে যদিও, বেদ উপনিষদ আচল দৰ্শন বা বিজ্ঞান নহয়; বেদ উপনিষদৰ ঋষি ঘাইকৈ কবি, দ্ৰষ্টা। তেওঁলোকে বিশ্ববাসীক যি সত্যৰ সন্ধান দিছিল, সেই সন্ধানত সকলে৷ দৰ্শন-বিজ্ঞান অতিক্ৰম কৰি বাজি উঠিছিল। —কবিৰ ভাষা :— “বেদাহ মেতৎ পুৰুষং মহান্তমাদিত্য বৰ্ণং তমসঃ পৰস্তাত্।” হৃদয়ৰ গভীৰ উপলব্ধি কৰ্বিৰ সৰল ভাষাৰে উদ্গীৰিত হৈছিল :- 90 “ন তত্ৰ পূৰ্য্যোভাতি ন চন্দ্ৰ তাৰকং নেযা বিদ্যুতোভাতি কুতোয়া গ্লিঃ তমেব ভাত মনুভাতি সৰ্ব্বং ত্য ভাসা সৰ্ব্বমিদং বিভাতি।” (২) অৰ্থাৎ—“জ্বলা নাই চন্দ্ৰ সূৰ্য্য জ্বলা নাই গ্ৰহতাৰা— জ্বলা নাই অগ্নি ক’তো বিজুলী পোহৰ; জ্বলিছে অনন্ত জ্যোতি, তাৰ পোহৰতে মাথে। জ্বলিছে সকলো এই বিশ্ব চৰাচৰ।” -মুণ্ডক ) সি সেই ভাবেই মহাপুৰুষ দুজনৰ অলোকসামান্য প্ৰতিভাৰ আশ্ৰয়ত “শতপত্ৰ বিকসিত কৰি, দেশত তিমিৰ কৰিয়৷ বাজে ৰবিব কিৰণ” হৈছিল— লিখোঁতা— (২) বেদ উপনিষদৰ বিশ্বদেৱতা Cosmic divinity ) পিচত ক্ৰমে দাৰ্শনিক তত্ত্বৰ এটা Abstraction ত পৰিণত হৈ মায়াবাদৰ অৰণ্যত হেৰাই যোৱা হল। বিশ্বকবি ৰবীন্দ্ৰনাথে তেওঁৰ Religion of man নামক বিখ্যাত গ্ৰন্থ এঠাইত কৈছে :— The cosmic divinity developed into an inpersonal idea, what was physical grew into metaphysical abstraction, even as in modern Science, matter vanishes into mathematics. কিন্তু methematics (গণিত) যেনেকৈ matter ( বস্তু ) নহয়, নিগুণ নিৰ্ধিকাৰ ব্ৰহ্মতত্ত্বও (an abstraction ) -তেনেকৈ মানুহৰ হৃদয়ৰ ঈশ্বৰ হব নোৱাৰে। "As the physiology of our beloved is not our beloved, so the impersonal Law is not our God.” ( Tagore ) হৃদয়ৰ ঈশ্বৰ “ৰসে৷ বৈ সঃ”— এজন ৰসময় ভগৱন্ত A persona- lity. - লিখোতা-