পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যুৎ (Electricity) আজি গোটেই পৃথিবী জুৰি বিজুলি আৰু চুম্বকাৰ্ষণ বিজ্ঞানে এটা নতুন যুগ আনিছে। ইয়াৰ প্ৰভাৱতে এশ মাইল বেগে ৰেলগাৰী চলিছে। মুহূৰ্ত্ততে সাত সাগৰ পাৰহৈ ৰেডিয়োত খবৰ বাতৰি আহিছে। ইয়াৰ প্ৰভাৱতে জলপ্ৰপাতৰ শক্তি আনি এশ মাইল দূবৈত ট্ৰাম গাৰী চলোৱাৰ সম্ভব হৈছে। মানুহে পৃথিবীত জন্মাৱধি আকাশৰ মেঘত বিদ্যুৎ দেখি আহিছে। তেওঁলোকে ইয়াক কি বুলি ভাবিছিল জানিবৰ কোনো উপায় নাই। সম্ভব জুইৰ ফিৰিপ্লটি বুলিয়েই ভাবিছিল। পশ্চিমৰ প্ৰাচীন পণ্ডিতসকলে মেঘৰ ভিতৰত থকা কোনো বাষ্প জ্বলি বিদ্যুৎ উৎপন্ন হোৱা বুলি ভাবিছিল। ৰামায়ন, মহাভাৰতত বিদ্যুৎ আৰু বজ্ৰ সম্বন্ধে নানা কথা উল্লেখ আছে। আকাশত বিদ্যুৎ আছে আৰু মাটিতো যে সি থাকিব পাৰে প্ৰায় আঢ়ৈ হাজাৰ বছৰৰে আগেয়ে গ্ৰীক দেশৰ থেলচ্ ( Thales) নামে পণ্ডিত এজনে অলপ আভাস দি গৈছিল। এবিধ বগা আৰু চক্‌কীয়! শিল্প মাটিৰ তলত পোৱা যায়। তাৰ নাম ফটিক ( Amber)। হাজাৰ হাজাৰ বছৰ ধৰি গছ পাত মাটিৰ তলত পৰি থাকিলে যেনেকৈ সেইবোৰ কয়লাত পৰিণত হয়, তেনেদৰে গছৰ আঠা অনেক, বছৰ ধৰি মাটিৰ তলত পৰি থাকিলে তাৰপৰা ফটিক নামে এবিধ বস্তু উৎপন্ন হয়। পমি কাপোৰেদি ঘঁহিলে এই ফটিকে কাকতৰ টুকুৰা, প্ৰভৃতি পাতল বাস্তবোৰ নিজৰ গালৈ টানি আনে। এই ঘটনাতো পোন প্ৰথমে গ্ৰীক্ পণ্ডিত থেলচৰ চকুত পৰিছিল। কিন্তু ই যে বিদ্যুতৰ দ্বাৰ। হয় তেওঁ বুজিব পৰা নাছিল। পুৰণি কালত চিৰিয়াৰ তিৰোতা সকলে পাঁজি কাটিবলৈ যতৰত অম্বৰ নামে এবিধ তেলিয়৷ কাঠব শলা ব্যৱহাৰ কৰিছিল। যাঁতৰ ঘূৰাওঁতে শলাডাৰ লগতে ঘূৰে আৰু সময়ে সময়ে সি গৈ পাঁজি, কাটোতাৰ পিন্ধি উৰি থকা পোষাকত ঘ’হা খায়। এই সংঘৰ্ষত বিদ্যুৎ উদ্ভৱ হয়। তাৰ প্ৰমাণ যতৰৰ পৰা উলিয়াই আনি শলাডাল মাটিত থলে সি ওচৰ কাষত পৰিথকা সৰুসুৰা কাকতৰ টুকুৰা, গছ পাত, ধূলি আদি বস্তুবোৰ নিজৰ গালৈ টানি আনে।