পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ প্ৰৱন্ধ-সংগ্ৰহ বিলাকব নিচিনা সোলিংৰ মতে বস্তু আৰু মন বেলেগ বেলেগ ভাবে দুয়োটো নিৰ্ব্বিশেষ পৰম সত্তাৰ প্ৰকাশ গতিকে দুয়োটে। সমান পৰিমাণে বাস্তৱ। এটাৰ লগত আনটোৰ সম্বন্ধ দ্বাৰাই জ্ঞান লাভ হয়। ইয়াক বিষয়গত ভাববাদ বোলে। (ঘ) সংশয়াত্মক পদ্ধতিমতে জ্ঞানৰ অভিজ্ঞতামূলক বুলি ধৰি আমি দেখোঁ যে জ্ঞানৰ ব্যাপকত্ব আৰু অপৰিহাৰ্য্যত্ব নোহোৱাৰ কাৰণে আমি কোনো সম্বন্ধে নিশ্চয় জ্ঞান পাব নোৱাবে।; কেৱল সম্ভাবনাহে দেখা পাওঁ। চাৰিওফালে সন্দেহে আগুৰি ধৰে। সন্দেহবাদৰ কিন্তু আত্ম- ৰক্ষাৰ উপায় নাই। কাৰণ সত্য যদি কোনোৰূপে নিৰূপণ কৰিবই নোৱাৰি, সৰ্ব্বোতোভাবে যদি সন্দেহ কৰিবই লাগে তেনেহলে সন্দেহবাদতে৷ সন্দেহ কৰিব লাগিব৷ সন্দেহবাদৰ আচল সাধাৰণ কাৰণ হৈছে বহুত মাছত বগলী কণা। দাৰ্শনিকবিলাকৰ ইমান বিৰোধীনত, যুক্তি দিয়াতো কোনেও কম নকৰে। এইটো ঠিক যে গোটেইবিলাক বিৰোধীমত সত্য হব নোৱাৰে। গতিকে খাট:ংকৈ সত্যজ্ঞান পোৱৰ সম্ভাৱনা সম্বন্ধে স্বাভাবিক সংশয় হয়। সংশয়াত্মকহৈ সন্দেহবাদীয়ে শেষত কেবল কথা কটাকটি কৰা পদ্ধতি অৱলম্বন কৰে। এই সংশয়াত্মক পদ্ধতিয়ে বৰ্তমান সময়ত মানুহৰ জীৱনৰ কৰ্ম্মক্ষেত্ৰত বৰ বেচিকৈ চলিছে। মানুহৰ চলন-ফুবণ কথাবাৰ্ত্তা বিশেষতঃ তৰ্কাতৰ্কিৰ সময়ত এইটোও হবপাৰে সেইটোও হবপাৰে লৈয়ে অধিকাংশ সময় নষ্ট হয়। তদুপৰি কোনো চিন্তাশীল বিষয়তে আস্থা নোহাৱ৷ অৱস্থালৈ নি সমস্ত জীৱনকে সংশয়াত্মক কৰি তোলাই বৰ্ত্তমান সময়ৰ ভাৱবৈচিত্ৰ্য আৰু অত্যন্ত মানসিক চাঞ্চলাৰ কাৰণ। (ঙ) বুদ্ধি সমালোচনা নিৰপেক্ষ পদ্ধতিতে সমালোচনা দ্বাৰা জ্ঞানৰ উৎপত্তি কাৰণ আৰু সীম৷ নিৰ্দ্ধাৰণ নকৰাকৈয়ে এই পদ্ধতিয়ে চিধাই জগতক বুজিবলৈ আৰু তাৰ এটা বাখ্যা দিবলৈ ওলায়। ইন্দ্ৰিয়ানুভূতিৰ ভাবে সীমা অতিক্ৰম কৰি বাহ্যিক অভিজ্ঞতাৰ ওপৰলৈ গৈ চিন্তাৰদ্বাৰ৷ যুক্তিসঙ্গত দৰ্শন ঠিয় কবে, বুদ্ধিৰ জানিবৰ ক্ষমতা সমালোচনা কৰিবলৈ আৰু অপেক্ষা নকৰে। গণিতিক ভাববাদ বুদ্ধিসমালোচনা নিবপেক্ষ ডেকাৰ্টিৰ মতে জ্ঞান মনোমূলক; অভিজ্ঞতাৰপৰ৷ নোপোৱা মনৰ স্বতঃসিদ্ধ ধাৰণাৰ যুক্তিযুক্ত বিস্তৃতিয়ে জ্ঞান। আইনষ্টীনৰ “থিয়ৰি অভ বিলেতিভিতি” ডেকাৰ্টিৰ এই