পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ্শনৰ আভাস . ৪১ সমষ্টিক জানিব পাৰি প্ৰকৃতি বা ফেনোমেন! হৈছে কিবা এটাক লৈ অকল বুদ্ধিৰ বাৰটা ধাৰাত সৃষ্টি, সেই কাৰণে এই মতবাদক ফেনোমেলিজিম বা ক্যান্টব ভাববাদও বোলে, কিন্তু এই ঠাইত আকৌ কিষ্টিয়ে ক্যান্টক সমালোচনা কৰি কয় যে ক্যান্টৰ মতে বুদ্ধিৰ বাৰটা ধাৰাৰ কোনোটেৱে বস্তুবোব-যেনে তেনেত প্ৰযোজ্য নহয়। নিমিত্ত বা কাৰ্য্য কাৰণৰ বস্তুবোৰ-যেনে-তেনেত প্ৰযোজ্য হব নোৱাৰে। গতিকে ক্যান্টৰ মতে বস্তুবোৰ- যেনে-তেনে যেতিয়া নিমিত্তৰ অধীন নহয় মানে প্ৰকৃতিৰ বিষয়ে ধাৰণা কৰাত বস্তুবোৰ যেনে-তেনেৰ পৰা কোনোৰূপে সহায় নাপায়। সেইগুণে এইটো সিদ্ধান্ত কৰিব পাৰি যে আচলতে বস্তুবোৰ-যেনে-তেনে বুলি কোনো অমানসিক সত্তাই নাই। অঞ্চল মনটোহে আছে, মনৰ ভিতৰতে থকা কিবা এটাই মনৰ ধাৰণাবোৰ ওপজায়। এইটোক বিষয়গত ভাববাদ বোলে ( ছলিপছিজিম্ )। (গ) বাহ্যিক অভিজ্ঞতামূলক পদ্ধতিমতে “পূৰ্ব্বতে ইন্দ্ৰিয় নথকা একোৱে বুদ্ধিত নাই।” সমস্ত জ্ঞানেই ইন্দ্ৰিয়ৰদ্বাৰা পৰ্য্যবেক্ষণ আৰু পৰীক্ষামূলক। আগেয়ে কৈ অহ৷ আধুনিক মনোবিজ্ঞানৰ পৰীক্ষিত বৈজ্ঞানিক তথ্যৰ পোহৰত এই পদ্ধতিৰ মূল্য নোহোৱা হৈছে। তদুপৰি ইয়াক ফঁহিয়াই দেখুৱাই আক সমালোচনা কৰি বাৰ্কলিয়ে কৰ যে বস্তুবোৰ ধানণামূলক। অভিজ্ঞতামূলক পদ্ধতিতে বস্তুৰ উদ্ভূত গুণবোৰ আমাৰ মানসিক চৈত্যৰ অংশ, প্ৰাথমিক গুণবোৰ নহয়। কিন্তু ইন্দ্ৰিয়াহুভূতিতে অনুভূত হোৱাৰ কাৰণে যদি উদ্ভূত গুণবোৰক মনোমূলক বোলে৷ তেনেহলে প্ৰাথমিক গুণবোৰৰ বিষয়েও আমি ইন্দ্ৰিয়াহুভূতিত জনাৰ কাৰণে সেইবোৰক মনোমূলক বুলিব লাগিব। গতিকে ঊদ্ভূত গুণবোৰ যদি বস্তুগত নহয় প্ৰাথমিক গুণবোৰো বস্তুগত নহয়। বস্তুবোৰ ধাৰণামূলক; ধাৰণা অনুভবমূলক অনুভব কৰা মন ব্যতিৰেকে ধাৰণা থাকিব নোৱাৰে; মনৰ দ্বাৰা অনুভূত হোৱাতে বস্তুৰ অস্তিত্ব। গতিকে মনৰ বাহিৰত জড়বস্তু বুলি একো নাই। অকল মনবোৰ আৰু মনবোৰৰ ধাৰণাবোৰহে আছে। আমাৰ মনৰ ধাৰণাৰ অভিজ্ঞতাৰ জগতেই একমাত্ৰ সত্তা। ইয়াক অভিজ্ঞতামূলক ভাববাদ বোলে। এই ভাববাদমতে অমানসিক সত্তা একো নাই। ক্যান্টে কিন্তু অমানসিক জানিব নোৱাৰা অভিজ্ঞাতাতীত সত্তা এটা স্বীকাৰ কৰে, সেইগুণে এই ভাববাদকৰ তুলনাত ক্যান্টৰ সেই মতক অভিজ্ঞতাতীত ভাববাদ বোলে। বহুখিনি দ্বৈত আৰু বিশিষ্টাদ্বৈতবাদী-