পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ্শনৰ আভাস 83 কথাব সপক্ষে যায়। আইনষ্টীনৰ এই উপপত্তি গণিতিক হলেও ইয়াৰ পৰা বৈজ্ঞানিক কথা প্ৰমাণিত হৈছে; গতিকে ইয়াক বৈজ্ঞানিক জগতেও গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আমি সাধাৰণতঃ জড়ৰ দীঘ, পথালি আৰু বেধ এই তিনিটা আয়তন লৈ জড়ৰ অস্তিত্বৰ বিষয়ে পৰিচিত। তাৰ লগতে জড়ৰ স্থিতি সময় বা স্থায়িত্ব নাভাবিলে জড়ত অস্তিত্ব সম্পূৰ্ণ নহয়। দীৰ্ঘ পথালি আৰু বেধ এই তিনিটা দেশবাচক। স্থিতিৰ সময় বা স্থায়িত্ব কালবাচক। গতিকে মানুহৰ বোধৰ ৰাজ্যত সোমাব লাগিলে জড়ৰ দীঘ, পথালি আৰু বেধ এই তিনিটা আয়তন দেশত থাকিব লাগিব আক চতুৰ্থ আয়তন স্থায়িত্ব কালত থাকিব লাগিব। কিন্তু প্ৰমাণিত সিদ্ধান্তৰদ্বাৰ৷ প্ৰতিপাদিত হোৱা আইনষ্টীনৰ “আপেক্ষিক গতিৰ উপপত্তিয়ে” দেশ আৰু কাল বেলেগ নহয় বুলি ধৰিছে, এই মতে দেশৰ চতুৰ্থ আয়তন স্থায়িত্বই কাল। দেশ আক কাল মূলত একে- বৰ্ত্তমান, অতীত আৰু ভবিষ্যৎ বুনি কাল নাই। দ্ৰষ্টাই দেশত যি ভাবে ঘটনাৰ ধাৰা দেখে সেয়ে কালৰূপে প্ৰতীয়মান হয় কিন্তু আচলতে সেইটে৷ কেবল দেশৰ চতুৰ্থ আয়তন। ইফালে আকৌ এই উপপত্তিমতে জড়ৰ জড়মান (mass) উৰি যোৱাৰ নিমিত্তে ই দেশৰ এটা বিশিষ্ট বিকৃতিমাত্ৰ, যি বিকৃতি আমাৰ আগত “শুক্তিত ৰজত ভ্ৰম”ৰ নিচিনা ঘনাবয়বৰূপে প্ৰতীয়মান হয়। প্ৰফেছৰ এডিংটনে কৈছে, “জড়ে দেশত অসমত্ব উৎপাদন নকৰে, আমি জড় বোলোতে যি অৰ্থ কৰে৷ তাৰ দ্বাৰা এই অসমত্বকে ( বা বিকৃতিকে ) বুজো অৰ্থাৎ দেশৰ অসমত্ত্বই জড়।” ফৰাচী বৈজ্ঞানিক এজনে কৈছে “জড় বুলি একো নাই, ইথাৰত অসংখ্য গাত মাথোঁ আছে।” আইনতনৰ মতে ‘দেশৰ সীমা নাই কিন্তু শান্ত।” দেশৰ বিকৃতিৰূপ জড়ে দেশ সৃষ্টি কৰে, জড়ৰ পৰিমাণ যিমানে বেচি বুলি প্ৰতিয়মান হয় দেশৰ পৰিমাণো সিমানে বাঢ়ি যায়। গতিকে গণিতিক যুক্তিৰে শেষত অদ্বৈতবেদান্তৰ মায়াবাদ প্ৰতিপন্ন কৰে। দ্ৰষ্টাৰ পৰ্য্যবেক্ষণত ধৰা পৰে যে দেশে জড়ৰ ভাত্ত জোৰে। আইনষ্টীনৰ আপেক্ষিত গতিৰ উপপত্তিমতে দেখা যায় যে ইন্দ্ৰিয়ানুভূতিত কোনোৰূপে আস্থা স্থাপন কৰিব নোৱাৰি, ইন্দ্ৰিয়ানুভূতিৰ ওপৰত নিৰ্ভৰ কৰা বুদ্ধিয়ে আমাক কেবল প্ৰতাৰণা কৰে। গতিকে আমি বড়াই কৰা বিজ্ঞানৰ ভেটি. আক বিজ্ঞানৰ ওপৰত কৰ৷ বুদ্ধি সম্বন্ধীয় দাৰ্শনিক ভেটি নিৰাপদ নহয়। "