পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ প্ৰৱন্ধ-সংগ্ৰহ এনে মিহি স্বত৷ তেওঁ আগেয়ে দেখা নাই। স্বতাবোৰ ৰাখি কামিনীদেৱীক ঘৰলৈ পঠাই দিলে। , সেই দিনা গধূলি উঘা, চেৰেকী, তাঁত-শাল আৰু তাঁত বোৱাৰ আন আন সজুলি যতনাই দি আগৰাতি কটা হুতাৰে কামিনীদেৱীক কাপোৰ এখন ববলৈ দি সাবিত্ৰীদেৱীয়ে আগৰ কোঠাটোত কামিনীদেৱীক বন্ধ কৰি থৈ গল। আজি কামিনীদেৱীৰ চিন্তা লগা নাই। ৰাতি নিহপালী দিলত যেতিয়। শিপিনী বাই জানালাই দি সোমাই আহিল, কামিনীদেৱী আচৰিতো নহল। শিপিনীৰাইৰ হাতৰ বুঢ়া আঙুলি দুটা কাছ-মূৰীয়া। আঙুলি দুটা ডাঙৰ হোৱাত হাত দুখন দেখিবলৈ বৰ কুন্ধচ হৈছে। ফেটলেঙী বায়ে কথা বন্ধাদি শিপিনী বায়েও একে সত্তকে কৰি কাপোৰ বৈ দি গল। কামিনী- দেৱী গোটেই ৰাতিটো শুলে। পাছদিনা ৰাতিপুৱা জিঞাৰ পাৰ্থীৰ দৰে পাতল, নিমজ কাপোৰ খন সাবিত্ৰীদেৱীয়ে নিলে। এনে কাপোৰ পাই সাবিত্ৰী- দেৱীয়ে ভাবিলে, ছোৱালীজনী তেন্তে থুপৰী নহয়। দেৱতাবোৰে অবাবতে কথা উলিয়ায়। তৃতীয় ৰাতি কাপোৰ সিয়াৰ সকলো আহিলা-পাতি যোগাই দি মসুদেৱৰ নিমিত্তে চোলা এটা সিবলৈ দি সাবিত্ৰীদেৱীয়ে আগৰ কোঠাটোতে কামিনী- দেৱীক বন্ধ কৰি থলে। কামিনীদেৱীৰ আজি মুঠেই চিন্তা লগা নাই। টেলেকী বাই আহি আগৰ দুৰাতি বাইহঁতে কৰ৷ সৰ্ত্ততে চোলা এটা সি দি গল। টেলেকী বাইৰ চকু দুটা টেলেকা। কামিনীদেৱী পৰীক্ষাত বাৰে বাৰে কৃতকাৰ্য্য হোৱাত পুতেকৰ সৈতে কামিনীদেৱীৰ বিয়াত সাবিত্ৰীদেৱীয়ে ৰং মনেৰে সন্মত হল | ভাল দিন ক্ষণ চাই সাদিনৰ পাছত বিয়া হৈ গল। বিধতা পুৰুষ বিয়ালৈ আহিব নোৱাৰিলে। বাহী বিয়াৰ পাছদিন। আবেলি বিধতা পুৰুষ আহি ঘৰত সকলো কথা শুনিলে। ন-বোৱাৰীৰে চিনাকি হবলৈ তেওঁ গাত নামাৱলি এখন লৈ খৰমযোৰ পিন্ধি খট খট কৰে বোৱাৰীয়েকৰ কোঠাত সোমাল। কামিনীদেৱীৰ ৰূপ দেখি বিধতা পুৰুষে পৰম সন্তোষ পালে। বোৱাৰীয়েকে শহুৰেকক সেৱা কৰি থিয় দি থাকিল। বোৱাৰীয়েকক বহিবলৈ কৈ বিধতা পুৰুষে কলে,-- ---“আই, তোক দেখি বৰ সন্তোষ পালো। তহঁত হালৰ বৰ ভাল যোৰ হৈছে! পাছে, কাম কি কি জান? নাচিবলৈ শিকিছনে?” বোৱাৰীয়েকে কলে -