পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিধতাৰ আশীৰ্বাদ কপাহৰ পাঁজি এগাল দি সাবিত্ৰীদেৱীয়ে ৰাতিটোৰ ভিতৰতে গোটেই- খিনি পাঁজিৰে সূতা কাটিবলৈ দিলে। কাম দি তেওঁ দুৱাৰ জপাই বাহিৰৰপৰা শলখা মাৰি দুৱাৰ মুখতে দেৱত৷ কুমাৰ এজনক পহৰীয়া থলে। কামিনীদেৱীয়ে পাজি কটা দেখিছে, কিন্তু কেতিয়াও যঁতৰত হাত লগোৱা নাই। দেখাৰ দৰেই 'সূত৷ কাটিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁৰ হাতত যঁতৰে সূতা দিয়ে, একো ঠাইত মকৰাৰ হুতাৰ দৰে চিঞা, একো ঠাইত পঘা ডালৰ সমান ডাঙৰ। কোনো মতে ঘৃত৷ একেআগী কৰিব নোৱাৰি কামিনী- দেৱীয়ে যতৰ এৰি অবলাৰ বল কান্দোনত লাগিল। তেওঁ বহুত পৰ উচুপি আছে এনেতে কোঠাটোৰ জানাল৷ এখন মেল থাই গল। জানালাৰ তল-কাঠ দেই তিৰোত৷ এগৰাকী সোমাই আহি কলে,—“তুমি একে৷ চিন্তা নকৰিবা আইদেউ, মই তোমাৰ হৈ পাজি কেইটা কাটি দিম। তুমি মাথোন কথা দুটা ৰাখিব লাগিব। আনৰ আগত মোক সখি বুলি মাতিব লাগিব আৰু তোমাৰ বিয়ালৈ মোক নিমন্ত্ৰণ কৰিব লাগিব।” কামিনীদেৱী আচৰিত হল; তেওঁৰ উচুপনি কেনিবাদি গল। এই গৰাকী বাইক তেওঁ কেতিয়াও দেখা নাই। এওঁ নো কৰ পৰা আহিল? এওঁৰ ভৰিৰ পতা ইমান বহল, ইমান দীঘল! ভৰি এনেকুৱা কেনেকৈ হল বুলি সুধিলে, জানোচা বেয়া পাই গুচি যায়। কামিনীদেৱীয়ে সুধিলে, – “বাই, তোমাকচোন আগেয়ে দেখা মনত নপৰে। তুমি কৰ পৰা আহিছা?” বায়ে কলে, – “যই এই অঞ্চলত নাথাকে। আইদেউ, মে তুমি কেনেকৈ দেখিব৷? আমাৰ গাৱঁত হলে ফেটলেঙী বাইক নিচিন৷ কেও নাই। কালি ৰাতি মই সপোনত আদেশ পাই, তোমাৰ কাম কৰি দিবলৈ আহিছোঁ। তুমি একো চিন্তা নকৰিবা আইদেউ, তুমি শুই থাকা, মই এই পাজি কেইটা চকুৰ পচাৰতে শেষ কৰিম। পাচে মোৰ কথা দুটাৰ হে সমিধান নিদিলা।” কামিনীদেৱীয়ে কলে, – “নিশ্চয় তোমাক সখি বুলিম, আৰু বিয়া যদি হয়, আজিয়েই মাতি থলো, বিয়াৰ দিনা বা যেতিয়াই তোমাৰ মন যায় আহিবা। ভালকৈ জলপান এটা খুৱাম।” এই বুলি কামিনীদেৱীয়ে হাতৰ ঠাৰিতে মূৰটো থৈ মজিয়াতে শুলে। অলপ পৰতে ফেটলেঙী বায়ে স্বত| কটা শেষ কৰি অহা বাটেই ওলাই গল। পিচ দিনা ৰাতি পুৱাই সাৱিত্ৰীদেৱীয়ে দুৱাৰৰ শলথা গুচাই খোঁটালীটোৰ ভিতৰত সোমাই কামিনীদেৱীৰ হাতত সূত৷ একোচা দেখি আচৰিত হল। 8