পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিধতাৰ আশীৰ্বাদ 29 বিধতা পুৰুষে কলে,— “বৰ ভাল কথা আই। নাচ- তেজ : চলাচল হৈ গা ভালে থাকে। গান গাব পাৰনে?” বোৱাৰীয়েকে কলে,—“অলপ পাৰে॥” তেতিয়া শহুৰেক কলে,—“বেছ কথা। মই যেতিয়া ঘৰলৈ আহিবৰ সকাহ পাওঁ, তোৰ নাচ দেখি, গীত শুনি তেও কিছু পৰলৈ ঢপলিয়াই ফুৰাৰ ভাগৰ পাহৰি থাকিব পাৰিম। স্বত্তা-কটা তাঁত-বোৱ৷ কি কি পাৰ?” কামিনীদেৱীয়ে কলে,— “শিকিলে পাৰিম।" উত্তৰটো শুনি বিধতা পুৰুষ আচৰিত হল। বোৱাৰীয়েক বৰ কাজী বুলি সাবিত্ৰীদেৱীৰ পৰা শুনিছে। কথাটোৰ ভালকৈ উৱাদিহ লব খোজোতেই কোঠাটোৰ দুৱাৰ মেল খালে। মেলা দুৱাৰেদি ফেটলেঙী বাই, শিপিনী বাই, টেলেকী বাই সোমাই আহিল। বিধতা পুৰুষে আচৰিত হৈ সুধিলে,— “তোমালোক কোন? ইয়ালৈ কিয় আহিছা?” তেওঁলোকৰ এজনীয়েও মুখ মেলিবলৈ নৌ পাওঁতেই কামিনীদেৱীয়ে কলে, – “এওঁলোক মোৰ সখি। মই এওঁলোকক নিমন্ত্ৰণ কৰিছিলোঁ।” বিধতা পুৰুষে ফেটলেঙী ৰাইলৈ চাই কলে,—“তোমাৰ দৰে ভৰি হবলৈ কাৰো কপালত লিখা মোৰ মনত নপৰে। তোমাৰ ভৰিৰ পতা দুটা ইমান দীঘল বহল হবলৈ পালে কেনেকৈ?” ফেটলেঙী বায়ে কলে,—“মোৰ ভৰিও আইদেউৰ দৰেই আছিল। হুতা কটাৰ ডাঙৰ যঁত্তৰ চলাওঁতে এনেকুৱা হল।” এই কথা শুনি বিধত৷ পুৰুষে কাৰ্মিনীদেৱীৰ ভৰিলৈ চকু দিলে। কামিনীদেৱীয়ে ভৰি কেঁাচাই মেখেলাৰ তলত সুমালে। বিধতা পুৰুষে কলে;— “নিশ্চয় তেন্তে এইটে৷ বিশ্বকৰ্ম্মাৰ কাম। বশ্বকৰ্ম্মাই যদি এনেখন কৰে, তেন্তে আই, তই যতৰ চলাব নালাগে। এওঁৰ দৰে ভৰি হলে তই নাচিবি কেনেকৈ? গধুৰ গধুৰ লাগিব।” তাৰ পাছত বিধতা পুৰুষে শিপিনী বাইৰ বুঢ়া আঙুলি দুটা কাছ-মূৰীয়া কেনেকৈ হল সুধিলে। শিপিনী বায়ে কলে,— “মোৰ আঙুলি- বোৰো আইদেউৰ দৰেই চঁপাকলীয়া আছিল। মাকোৰ কোব খাই খাই আঙুলিৰ এনে দশ। হল।” বিধতা পুৰুষৰ চকু বোৱাৰীয়েকৰ আঙুলিত পৰোতেই কামিনীদেৱীৰ বুঢ়া আঙুলি দুটা মুঠিৰ ভিতৰত সোমাল। কিন্তু বিধতা পুৰুষৰ আঠ চকুৱে কামিনীদেৱীৰ আঙুলিৰ ঠগ ভালকৈ দেখিলে। বিধতা পুৰুষে কলে,—“আই, তই তাঁত বলে বিশ্ব কৰ্ম্মাই তোৰ আঙুলিতে৷ এনে ঘুণ লগাব। তেতিয়৷ নাচোতে বৰ কুদ্ধচ দেখাব। এতেকে তই তাঁত “অলপ অলপ পাৰে॥” বাগ কৰি থাকিলে শৰীৰৰ