পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ প্ৰৱন্ধ-সংগ্ৰহ বাজধানী তুলি আনি তেজপুবত পাতে আৰু তেওঁৰ ইষ্টদেৱতা হাৰ্টকেশ্বৰ শিৱৰ নামানুসাৰে ৰাজধানীৰ নাম হাটকেশ্ববপুৰ ৰাথে। তেওঁৰ পিছত তেওঁৰ বংশৰ বিজয়, পালক কুমাৰ, বজ্ৰদেৱ, শ্ৰীহৰ্ষবৰ্ম্মা, দ্বিতীয় বলবৰ্ম্মা, প্ৰাণন্ত হৰ্জৰবৰ্ম্মা, বনমাল বৰ্ম্মা, জয়মাল বা বীৰবাহু, তৃতীয় বলবৰ্ম্মা, দীপৰবৰ্ম্মা, ত্যাগসিংহ আদি ২০ জন ৰজাই একাদিক্ৰমে কামৰূপত ৰাজত্ব কৰে। “দশ কুমাৰ চৰিত” লিখা কলিন্দবৰ্ম্মাও এই বংশৰে এজন ৰজা আছিল। এই সকলো ৰজাৰ দিনত হাটকেশ্বৰ বা তেজপুৰেই কামৰূপৰ বাজধানী আছিল। কামেশ্বৰ শিৱ আৰু ভগৱতী মহাগৌৰী তেওঁলোকৰ উপাস্থ্য দেৱতা হলেও তেওঁলোকে বিষ্ণু, সূৰ্য্য আদি দেৱতাকে৷ পূজিছিল। অনুমান ৯৮৫ খৃষ্টাব্দত ৰজা ত্যাগসিংহ অপুত্ৰক হৈ মৰাত তেওঁৰ বংশৰ ব্ৰহ্মপালে ৰাজপাটত বহি তেজপুৰৰ পৰ। ৰাজধানী আকৌ গুৱাহাটীলৈ তুলি নিয়ে। প্ৰায় ৩০০ বছৰ তেজপুৰ কামৰূপ সাম্ৰাজ্যৰ ৰাজধানী আছিল। সংস্কৃত ভাষাত “হাটকম” বুলিলে সোণ বা সোণেৰে নিৰ্ম্মাণ কৰা বস্তু বুজায়। “বামন পুৰাণত” হাটকেশ্বৰ নামে শিৱৰ উল্লেখ আছে। সম্ভৱতঃ হাটকেশ্বৰ শব্দই কালক্ৰমে হাৰপেশ্বৰ বা হাৰূপেশ্বৰ ( হবৰূপেশ্বৰ? ) বা হলেশ্বৰত পৰিণত হয়। তেজপুৰত হলেশ্বৰ নামে এখন শিৱৰ দেৱালয় আছে। আকৌ সেই নামেবে এখন মৌজাও আছে। এই নগৰৰ পৰা তিনিমাইলমান দূৰত কেতেকীবাৰী গাঁৱব তিনিমুনি বাটত অতি প্ৰাচীন কালৰ এটি প্ৰকাণ্ড শিৱলিঙ্গ থিয় দি আছে। তাৰ অলপ দূৰত এখন ওথ ঠাইত সেই শিৱলিঙ্গটিৰ শিল্পৰ বেদীখন আছে। তাৰ ওচৰতে এটা পুখুৰী। এনে বোধ হয়, কোনোবা মানুহে ধন-সোণৰ আশাত কোনোবা কালতে সেই শিৱলিঙ্গটি বেদীখনৰ পৰ৷ দাঙ্গি আনি বৰ্ত্তমান ঠাইত থয়। এতিয়া বেদীৰ ভিতৰখন এটা নাদৰ নিচিন৷ দেখা যায়। ইয়াত হেনে৷ ধন-সোণ আছিল। এই শিৱলিঙ্গটিৰ গাত মূৰ্ত্তি কটা আছে আৰু ভালকৈ চালে এনে অনুমান হয় যে তাৰ গাত সোণ খটোৱ৷ আছিল আৰু কোনোবাই যেন সোণবিলাক ককি নিলে! এই শিৱলিঙ্গটিক কোনোৱে হাটকেশ্বৰ আৰু কোনোৱে কেতকেশ্বৰ বুলি কয়। বোধকৰে। এইটোৱেই শালস্তস্ত ৰজাই স্থাপন কৰা হাটকেশ্বৰ শিৱলিঙ্গ। সি যি হওক, এই শিৱলিঙ্গটিক আকৌ পূৰ্ব্বৰ শিল্পৰ বেদীখনত স্থাপন কৰি দেৱালয়টিৰ পুনঃ প্ৰতিষ্ঠ৷ 'কৰা হিন্দু সমাজৰ কৰ্ত্তব্য বুলি ভাবো। হলেশ্বৰ, হেঙ্গুলেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় তিনিখনো শালস্তম্ভ বা তেওঁৰ বংশৰ