পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেজপুৰৰ পুৰণি কথা প্ৰায় পাঁচ হেজাৰ বছৰৰ পূৰ্ব্বে কুৰুক্ষেত্ৰত মহাভাৰতৰ যুদ্ধ হৈছিল। প্ৰাগজ্যোতিষাধিপতি ভগদত্ত কৌৰৱৰ পক্ষে সেই যুদ্ধলৈ গৈ যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰে। তেতিয়৷ তেওঁৰ পুতেক বজ্ৰদত্তই পিতৃ-সিংহাসন পায়। ভগদত্ত বা বজ্ৰদত্তৰ দিনতে শোণিতপুৰ ৰাজ্য প্ৰাগজ্যোতিষ বা কামৰূপৰ অন্তৰ্ভুক্ত হৈছিল বুলি অনুমান কৰো। নৰক বংশৰ ৰজা সকলে অনেক শ বছৰ এই দেশত ৰাজত্ব কৰে। এই ৰজাসকলৰ যি যি তামৰ ফলি এই পৰ্য্যন্ত আবিষ্কাৰ হৈছে তাৰ পৰা জনা যায় যে তেওঁলোকে নিজক কোল-হুহু অৰ্থাৎ কোলৰূপী বিষ্ণুৰ সন্তান বুলি চিনাকি দিছিল। বৈদিক যুগত বংশৰ আদি পুৰুষৰ নামৰ পাছত “তা” বা “তি” প্ৰয়োগ কৰি বংশধৰ সকলে চিনাকি দিয়াৰ 'প্ৰথা আছিল। সেইমতে কোল-হুহু সকল কোলতা বুলি জনাজাত হয় আৰু কালক্ৰমে “কোলতা” শব্দই “কলিতা” হোৱা বুলি বোধ হয়। “কোল” বুলিলে বৰাহ বা ব্ৰাহৰূপী বিষ্ণু বুজায়, এজাতি মানুহো বুজায়। মাননীয় ৰায় বাহাদুৰ শ্ৰীযুত কনকলাল বৰুৱা ডাঙ্গৰীয়াৰ “Early History of Kamarupa” পুথিৰ ২৫ পিঠিত লিখা আছে- "It may also be supposed that as the earliest Aryan colonists in Assam were the Kalitas, the kings of Naraka line were probably Aryan Kalitas." প্ৰাগজ্যোতিষাধিপতি ভাস্কৰ বৰ্ম্মাৰ ৰাজত্বৰ কালত তেওঁৰ বংশৰ এজন ৰাজকোঁৱৰ এই তেজপুৰ অঞ্চলৰ শাসন কৰ্ত্ত৷ আছিল৷ তেওঁৰ তলত অনেক ম্লেছ বা মেছ সেনা আছিল। তেওঁৰ সাহ আৰু পৰাক্ৰম দেখি আৰু তয়াময়। ৰণতে৷ তেওঁক শাল গছৰ দৰে অটল দেখি সকলোৱে তেওঁক “শালস্ত বুলিছিল। ভাস্কৰবৰ্ম্ম। চিৰকুমাৰ আছিল। অনুমান ৬৫০ খৃষ্টাব্দত তেওঁ স্বৰ্গী হয়। তেতিয়া অবন্তীবৰ্ম্মা নামে এজন ৰাজকোঁৱৰে প্ৰাগজ্যোতিষৰ সিংহাসন অধিকাৰ কৰে। শালস্তম্ভই তলে তলে সেই সিংহাসন পাবৰ কাৰণে যত্ন কৰে আৰু ছেগ চাই থাকে। তেওঁ তেজপুৰৰ দা-ধৰা পুখুৰীৰ চাৰিওকাধে তেওঁৰ সৈন্যবিলাকৰ বাহৰ কৰি তাৰ নাম জয়স্কন্ধাৱাৰ ৰাখে আৰু তাৰ পৰ৷ কিছু দূৰত হাটকেশ্বৰ নামে সোণ খটোৱা শিৱলিঙ্গ স্থাপন কৰি তাত নিতৌ শিৱপূজা কৰে। পাছে, অনুমান ৬৫৫ খৃষ্টাব্দত তেওঁ দা-ধৰা পুখুৰীত অস্ত্ৰ-শস্ত্ৰ ধৰাই লৈ সসৈঙ্গে গৈ প্ৰাগজ্যোতিষপুৰ অৱৰোধ কৰে আৰু অৱন্তী বৰ্ম্মাক বধ কৰি নিজে ৰাজপাট অধিকাৰ কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা