পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

9 তেজপুৰৰ পুৰণি কথা কোনো বজাই স্থাপন কৰা বুলি বিশ্বাস হয়। চাবি দুৱাৰৰ কলীয়া গোসাঁইৰ দেৱালয় কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল জানিব পৰ৷ নাই। তেজপুবৰ ভোগোৰাগুৰি পৰ্ব্বতৰ ওচৰৰ ৰূদ্ৰ পদৰ পৰা ঔগুৰি পৰ্ব্বতৰ ভৈৰৱপদলৈকে ব্ৰহ্মপুত্ৰৰ কাষৰ সমুদাৰ ঠাই যুবি হাটকেশ্বৰ নগৰ আছিল আৰু গোটেইখন পৰ্ব্বতীয়া গাওঁ সেই নগৰৰ অন্তৰ্ভুক্ত আছিল। এই গাওঁখনৰ প্ৰায় মানুহৰ ঘৰে ঘৰে যিবিলাক চটিয়৷ শিল, শিলৰ খুটা, লতা ফুল আৰু মূৰ্ত্তি থকা শিল দেখিবলৈ পোৱা যায়, সেইবিলাক ওপৰোক্ত ৰজাসকলৰ দিনৰ হাটকেশ্বৰপুৰৰ দৌলদেৱালৰ আদিৰ ভগ্নাৱশেষ বুলি বিশ্বাস হয়। ভাস্কববৰ্ম্মাই অধিকাৰ কৰা গৌড়, কৰ্ণ-সুবৰ্ণ, তাম্ৰলিপ্তি আদি প্ৰদেশ- বিলাকৰ ওপৰত শালস্তম্ভ, বিজয়, পালক, কুমাৰ আৰু বজ্ৰদেৱে ৰাজত্ব কৰে। বজ্ৰদেৱব পাছত অনুমান ৭৩০ খৃষ্টাব্দত শ্ৰীহৰ্ষবৰ্ম্মাদেৱে এই হাটকেশ্বৰ পুৰত কামৰূপ সাম্ৰাজাৰ ৰাজসিংহাসনত অভিষিক্ত হয়। তেওঁৰ অনেক হাঁতী, ঘোঁৰা, যুদ্ধৰ নাও আৰু বিৰাট সৈন্য বাহিনী আছিল। তেওঁ মগধ, কোশল, উড়িষ্যা আৰু কলিঙ্গ জয় কৰি গোদাবৰী নৈৰ পাৰত হাটকেশ্বৰ নামে শিৱলিঙ্গ স্থাপন কৰি তাত তেওঁৰ বিজয় পতাকা উৰাইছিল। তেওঁৰ কন্য৷ ৰাজ্যমতীক নেপালব ৰজা জয়দেৱে বিয়া কৰায়। জয়দেৱৰ এখন শিলালিপিত শ্ৰীহৰ্ষবৰ্ম্মাক গৌড়, ওড্ৰ, কলিঙ্গ আৰু কোশল প্ৰদেশৰ অধিপতি বুলি যি কথা লিখা আছে, বুৰঞ্জীবিদ পণ্ডিতসকলে সেই কথা সত্য বুলি স্বীকাৰ কৰিছে। এতিয়াৰ অসম, বঙ্গ, বিহাৰ আৰু উড়িষ্যা প্ৰদেশ, যুক্তপ্ৰদেশৰ পূৰ্ব্বাংশ আৰু মাদ্ৰাজ প্ৰদেশৰ উত্তৰাংশ লৈ শ্ৰীহৰ্ষবৰ্ম্মাদেৱে এখন বিশাল সাম্ৰাজ্য গঠন কৰি পূবভাৰতৰ সম্ৰাট হৈ প্ৰায় ৰিংশতি বছৰ ৰাজত্ব কৰিছিল। পূবে সদিয়াৰ পৰশুৰাম কুণ্ডৰ পৰা পশ্চিমে অযোধ্যালৈকে, উত্তৰে হিমালয়ৰ পৰ৷ দক্ষিণে বঙ্গোপসাগৰলৈকে তেওঁ কামৰূপ সাম্ৰাজ্যৰ সীমা বহলাব পাৰিছিল। তেতিয়াৰ কামৰূপ শৌৰ্যে-বীৰ্য্যে, ধনে-সম্পদে, বিদ্যাই-বুদ্ধিয়ে ভাৰতত অতুলনীয় আছিল। হাটকেশ্বৰ ৰাজসভাৰ পণ্ডিত সকলৰ ভিতৰত কুমাবিলাভট্টৰ নিচিন! এনে অগাধ পণ্ডিত আছিল মে জগৎগুৰু শঙ্কৰাচাৰ্য্যই তেওঁৰ ওচৰত বাদত পৰাস্ত হৈ তেওঁক গুৰু মানি লৈছিল। শ্ৰীহৰ্ষবৰ্ম্মাই কামৰূপ ইতিহাসত এটি উজ্জ্বলতম ৰশ্মি পেলাই গৈছে। তেজপুৰৰ ৰাজ কাৰেঙত উপজি, লৌহিত্যৰ পাৰত উমলি, ইয়াৰ অন্নজল খাই ডাঙৰ হৈ, এই তেজস্বী ভূপতিয়ে এই দেশক মহামহিমাম্বিতা কৰি গৈছে। কিন্তু চিৰদিন কাৰে৷ সমানে নেযায়। এতেকে