পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰৱন্ধ-সংগ্ৰহ

আছে। যুধিষ্ঠিৰে তেওঁৰ কাষ চাপি হাঁহি-মুখেৰে কলে “কৃষ্ণ! ৰাতি তোমাৰ ভালকৈ টোপনি আহিছিল নে? তোমাৰ মন ভালে আছে তো? তোমাৰ অনুগ্ৰহতেই আমি জয়লাভ আৰু যশ লাভ কৰি ৰাজ্য লাভ কৰিলোঁ। তোমাৰ কৃপাতেই আমি ধৰ্ম্ম-পথৰপৰা পৰিভ্ৰষ্ট হোৱা নাই।” এনেকুৱ৷ গঢ়ৰ অনেক কথা যুধিষ্ঠিৰে কলতো তেওঁ দেখিলে, কৃষ্ণই কোনো উত্তৰ নিদি মৌন হৈ আছে; যেন কৃষ্ণ কিবা এটা গভীৰ ধ্যানত নিমগ্ন। কৃষ্ণৰ তেনেকুৱা অৱস্থা দেখি যুধিষ্ঠিৰে বিস্ময় মানি আকৌ কৃষ্ণক সুধিলে “হে ত্ৰিজগতৰ পতি! ত্ৰিজগতৰ মঙ্গল তো? তুমি সাৰে আছা নে, টোপনিত? সুষুপ্তি অৱস্থাত? তোমাৰ এনেকুৱা অৱস্থা দেখি মোৰ মন বৰ বিচলিত হৈ পৰিছে। তোমাৰ মন আৰু বুদ্ধি ঠিক যেন নিৰ্ব্বাত ঠাইত থকা নিশ্চল প্ৰদীপ। তোমাৰ এনে অৱস্থাৰ কাৰণ কি? হে কৃষ্ণ! হে বাসুদেৱ! কোৱা, তুমি মোক কোৱা তোমাক মই ভক্তি ভাৱে প্ৰাৰ্থনা কৰি সুধিছোঁ?”

 তেতিয়া কৃষ্ণই ঈষৎ হাস্য কৰি উত্তৰ দিলে। “ধৰ্ম্মৰাজ! কুৰু- পিতামহ ভীষ্মই, নুমাবলৈ যোৱা জুইকুৰাৰ দৰে, শৰশয্যাত থাকি মোক চিন্তা কৰি স্তুতি কৰিছে; সেই স্তুতি শুনি মই তদ্গতচিত্ত হৈ আছিলো। সেই মহাত্মাই বুদ্ধিৰ দ্বাৰাই ইন্দ্ৰিয় গ্ৰাম আক মনক সংযত কৰি মোৰ শৰণাগত হৈছে। সেইবাবে মই তাতেই মোৰ মন সংযোগ কৰি আছিলোঁ। হে ধৰ্ম্মৰাজ! ভীষ্ম স্বৰ্গলৈ গলে, আপুনি ধৰ্ম্ম অৰ্থ কাম মোক্ষ এই চৰ্তু-বৰ্গৰ বিষয়ে জনা মানুহ আৰু কাক পাব? এতেকে তেওঁৰ উপদেশ লাভৰ নিমিত্তে তেওঁৰ ওচৰলৈ এতিয়াই আপোনাৰ যোৱা উচিত।”  যুধিষ্ঠিৰে কলে “হে কৃষ্ণ! তোমাৰ কথা ঠিক। মই অনেক বিচক্ষণ ব্ৰাহ্মণৰ মুখে ভীস্মৰ মহানুভৱতা আৰু এনে প্ৰভাৱৰ কথা শুনিছো। এতেকে তোমাৰ যদি মোলৈ অনুগ্ৰহ আছে, তেন্তে দয়া কৰি আমাক তেওঁৰ ওচৰলৈ লৈ যোৱা”?, আমি তোমাৰে সৈতে যাম।”  কৃষ্ণই যুধিষ্ঠিৰৰ কথা শুনি নিজৰ ৰথ প্ৰস্তুত কৰিবলৈ দাৰুকক আজ্ঞা দিলে; আৰু যুধিষ্ঠিৰো তেওঁৰ ভায়েকহঁতৰে সৈতে নিজৰ ৰথতে উঠি কৃষ্ণৰ পিছে পিছে ভীষ্মৰ ওচৰলৈ গল। শ্ৰীকৃষ্ণই শোৱা পাটীত বহি ভীষ্মৰ যিটো স্তুতি শুনি স্তব্ধ হৈ আছিল, শৰ শয্যাত পৰি থাকিয়েই কায়মনোবাক্যেৰে কৃষ্ণক ধ্যান কৰি অতি গম্ভীৰ স্বৰেৰে আৰু কৃতাঞ্জলি কৰি ভীষ্মই কৰা সেই স্তুতিটো তলত দিলোঁ।