পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পিতামহ ভীষ্ম

 হে পুৰোষোত্তম! মই তোমাক আৰাধনা কৰিবৰ নিমিত্তে সংক্ষেপতে যিবোৰ কথা কম, তাৰ দ্বাৰাই তুমি প্ৰসন্ন হোৱাঁ! তুমি দোষহীন, পৰমহংস আৰু ঈশ্বৰ৷ এতিয়া মই মোৰ তনু ত্যাগ কৰি যেন তোমাক পাওঁ। তুমি অনাদি, অনন্ত আৰু পৰমব্ৰহ্ম স্বৰূপ। দেৱতা আৰু ঋষিসকলে তোমাক নাজানে। মাথোন ভগৱন্ত ব্ৰহ্মাই তোমাৰ অলপ তত্ত্ব জানে, আৰু তেওঁৰে পৰা শুনি দেৱতা, দানৱ, গন্ধৰ্ব্ব, আৰু কোনো কোনো মহৰ্ষি দেৱৰ্ষিয়ে অলপ- অচৰপ জানিব পাৰিছে। তুমি পৰম অব্যয়। দেৱতা আৰু মহৰ্ষিসকলে তুমি কোন, কৰ পৰা তুমি উৎপন্ন হৈছা, একোকে নাজানে। সূতাত গঁথা মণিবোৰৰ দৰে গোটেই বিশ্ব তোমাতেই গঁথা হৈ আছে। তুমি নিত্য আৰু বিশ্ব কৰ্ম্মা। লোকে তোমাক সহস্ৰ শিৰ, সহস্ৰ বাহু, সহস্ৰ চকু, সহস্ৰ বদন, সহস্ৰ চৰণযুক্ত নাৰায়ণ বুলি কীৰ্ত্তন কৰে। তুমি সূক্ষ্মতকৈয়ো সূক্ষ্ম, স্থুলত- কৈয়ো স্থূল, গুৰুতকৈয়ো গুৰু, আৰু শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ। মন্ত্ৰ, মন্ত্ৰাৰ্থ প্ৰকাশক ব্ৰাহ্মণ বাক্য, উপনিষৎ আৰু সামবেদে তোমাৰ মহিমা কীৰ্ত্তন কৰে। তুমি সত্যস্বৰূপ আৰু সত্যকৰ্ম্মা; তুমি বাহুদেৱ, সঙ্কৰ্ষণ, প্ৰদ্যুম্ন আৰু অনিৰুদ্ধ নামেৰে চাৰি দেহ ধাৰণ কৰিছা। তুমিয়েই এক মাথোন বুদ্ধিত অবিভক্ত, আৰু ভক্তসকলৰ ৰক্ষক। মানুহে তোমাৰ পৰম গুহ্য দিব্য নাম উল্লেখ কৰি অৰ্চ্চনা কৰে। অৱণি কাষ্ঠত যেনেকৈ অগনি থাকে, সেইদৰে বেদ ৰক্ষাৰ নিমিত্তে দেৱকীৰ গৰ্ভত বসুদেৱৰপৰা তোমাৰ উৎপন্ন। তুমি নিষ্পাপ আৰু সৰ্ব্বেশ্বৰ। মানুহে অভেদজ্ঞান সম্পন্ন হৈ হৃ য়াকাশত তোমাক দেখি মুক্তি লাভৰ অধিকাৰী হয়। তুমি বায়ু, ইন্দ্ৰ, সূৰ্য্য আৰু তেজক অতিক্ৰম কৰিছা। তুমি বুদ্ধি আৰু ইন্দ্ৰিয়ৰ অগোচৰ। এতিয়া মই তোমাৰ শৰণাপন্ন হলো। তুমি পুৰাণত পুৰুষ, যুগ প্ৰাৰম্ভত ব্ৰহ্ম আৰু ক্ষয়কালত সঙ্কৰ্ষণ নামে নিদ্দিষ্ট হোৱা। তুমি পৰম আৰাধ্য, সেই দেখি মই তোমাৰ উপাসন! কৰিছো। তুমি মাথোন এক হৈয়ো বহু অংশত প্ৰাদুৰ্ভূত হৈছা। তুমি সৰ্ব্বাভিলাষ সম্পাদক; তোমাৰ একান্ত ভক্তসকলে তোমাক অৰ্চ্চনা কৰে। তুমি জগতৰ ভাণ্ডাৰ স্বৰূপ। জগতৰ সকলো তোমাতেই অৱস্থিতি কৰি আছে। তুমি সত্যস্বৰূপ অদ্বিতীয়, অক্ষৰ, ব্ৰহ্ম আৰু সৎ আৰু জগতৰ অতীত; তোমাৰ আদি, মধ্য আৰু অন্ত নাই। দেৱতা আৰু মহৰ্ষিসকলে তোমাক জানিব নোৱাৰে। সুৰ, অসুৰ, সিদ্ধ, ঋষিসকলে দিনৌ তোমাৰ অৰ্চ্চনা কৰে। তুমি দুখ নাশৰ উৎকৃষ্ট ঔষধ। তুমি স্বয়ম্ভূ সনাতন, অদৃশ্য আৰু অজ্ঞেয়।