পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পিতামহ ভীষ্ম

 কুকক্ষেত্ৰৰ মহাযুদ্ধৰ পিছত জ্ঞাতি-কুটুম্ব, ভাই-বন্ধু, ইষ্ট-মিত্ৰ, সোদৰ- সুহৃদ, গুৰু-পিতামহ ইত্যাদি সকলৰ, সেই যুদ্ধত নিধন হোৱা কথা ভাবি, যুধিষ্ঠিৰ মহাকাতৰ হৈ পৰিল; আৰু তেওঁ ভাবিলে সেই বিনাশৰ কাৰণ এক মাথোন তেৱেঁই; এতেকে তেওঁ মহাপাপত পতিত হল। ইয়াকে ভাবি তেওঁ মনতে নিশ্চয় কৰিলে, যে তেওঁ আৰু ৰজা হৈ ৰাজ্য ভোগৰ সুখ বাঞ্ছা নকৰে; সকলো ত্যাগ কৰি বনলৈ গৈ কঠোৰ কায় ক্লেশ স্বীকাৰ কৰি জীৱন পৰিত্যাগ কৰিব। তেওঁৰ এই সঙ্কল্পৰ কথা শুনি, ভীম, অৰ্জুন, নকুল, সহ- দেৱে যথেষ্ট যুক্তিযুক্ত কথাৰে তেওঁক বুজনি দিলে; তথাপি তেওঁ সেই সঙ্কল্পৰ পৰা নলৰিল। তাৰ পিছত সহধশ্বিনী দ্ৰৌপদীয়েও অনেক কথাৰে তেওঁক বুজনি দিলে। কিন্তু তেওঁ নিজৰ সঙ্কল্পৰপৰা অলপো নলৰিল। তাৰ পিছত বেদব্যাস নাৰদ প্ৰভৃতি মহৰ্ষিসকলে গাইপতি তেওঁক বুজনি দিবলৈ ধৰিলে, তথাপি, তেওঁৰ মনলৈ শাস্তি নাহিল। শেহত শ্ৰীকৃষ্ণ নানা কথাৰে তেওঁক বুজালে। শ্ৰীকৃষ্ণৰ কথা শুনি, যদিও যুধিষ্ঠিৰে নিজৰ মন ভালেমান থিৰ কৰি লৈ, ৰাজদণ্ড গ্ৰহণ কৰি ৰাজপাটত উঠিল, তথাপি তেওঁৰ মনৰপৰা বিষাদ একেবাৰেই নাতৰিল।

 যুধিষ্ঠিৰক ৰাজপাটত বহুৱাই শ্ৰীকৃষ্ণই নিজৰ ঠাই দ্বাৰকালৈ উভতি যাবলৈ যুগুত কৰিছে। কিন্তু তেওঁ দেখিলে, যুধিষ্ঠিৰৰ মন তেতিয়াও শোকৰ ডাৱৰৰ পৰা মুকলি হোৱা নাই। আৰু দেখিলে, দ্বাৰকালৈ তেওঁ উভত্তি যোৱাৰ আগতে শৰ-শয্যাত পৰি থকা মহা ভক্ত মহামনীষী ভীষ্মকো তেওঁ সোঁশৰীৰেৰে এবাৰ দেখা দি যাব লাগিব। তেওঁ ভাবিলে, এই ছেগতে মহাজ্ঞানী ভীষ্মৰ হতুৱাই যুধিষ্টিৰক উপদেশ দিয়াই, যুধিষ্ঠিৰৰ মনত তেতিয়াও পৰি থকা সেই বিষাদৰ মলি গুচোৱাই দিব।

 ৰাজ-পাট গ্ৰহণ কৰি, সকলোকে সন্তোষ দি, যেতিয়া যুধিষ্টিৰ পিছদিনা পুৱাই শ্ৰীকৃষ্ণৰ বহাত শ্ৰীকৃষ্ণৰে সৈতে দেখা কৰিবলৈ গল, তেওঁ দেখিলে পীতবসন বনমালীয়ে অপূৰ্ব্ব শোভা ধাৰণ কৰি শোৱা-পালঙৰ ওপৰত বহি