পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলপানী ছিগ৷ ৰণৰ প্ৰাসঙ্গিক কথা যুদ্ধ। মানৱ আৰু অসমীয়াৰ শেষ বল পৰীক্ষা এই যুদ্ধতে হৈ গল। মানে অনা সম্পূৰ্ণ দল আৰু এসমীয়াৰো সম্পূৰ্ণ শক্তি ইয়াতে প্ৰয়োগ হল। এই আক্ৰমণৰ, ইয়াৰ আগত বা পাচত যি বোৰ যুদ্ধ হল, সেই সকলো খণ্ড যুদ্ধ। স্বাধীন অসমৰ ভৱিষ্যত ভাগ্য নিয়ন্ত্ৰন কৰা কাৰ্য্যত ফুলপানী ছিগাৰ ৰণেই শেষ ৰণ বুলিব পাৰি, কাৰণ মানৰ তৃতীয় আক্ৰমণৰ শেহত যি মহগড়ৰ ৰণ হল সেই ৰণৰ আগতে স্বৰ্গদেৱ সকলৰ ৰাজ ক্ষমতা একৰকম গলেই। ফুলপানী ছিগাৰ ৰণৰ বিষয়ে জাঁজী অঞ্চলত অনেক কিম্বদন্তি শুনিবলৈ পোৱা যায়। বৰ্ত্তমান বৃদ্ধলোকসকল নাইকিয়৷ হৈ যোৱাত, এই ৰণৰ প্ৰসঙ্গত শুনিবলৈ পোৱা ঘটনাবোৰ প্ৰায় লোপ পাই যাবলৈ ধৰিছে। বুৰঞ্জীয়ে অনু- মোদন কৰা কথাবিলাকৰ ভিতৰত গগৈ সেনাপতিৰ বীৰত্ব, অসমৰ স্বাধীনতাৰ শেষ যুগৰ এটা মন কৰিব লগীয়া কথা। এই জন মানৰ লগত যুজ। বীৰ। এওঁৰ বীব। জীৱন মানব যুৱঁৰ লগতে সংশ্লিষ্ট থাকি মানৰ যুগতে অস্ত হল। মানৰ লগত যুগ। নিয়ম-কাৰণ বুদ্ধি সন্ধি এওঁ যিমান ভালকৈ জানি- ছিল আন সেনাপতিয়ে বেলে সিমান নাজানিছিল। দুখৰ বিষয় সাধাৰণ চলিত বুৰঞ্জীবিলাকত এই অংশঃশুণীয় বীৰ জনা নাম পাবলৈকে নাই। আকৌ ফুলপানী ছিগাৰ বাৰ কথাকে কোনো কোনে৷ বুৰঞ্জী লিখকে বুৰঞ্জীৰ পাতৰ পৰা একেবাৰে বাদ দি থৈছে। মৰজিখোৱা গোহাঞে এই ৰণত যি কাপুষ!লিৰ চিন দেখুৱাগে বুলি বুৰঞ্জীয়ে কৈছে, সেই কথা অলপ অতি- ৰঞ্জিত যেন লাগে। কাৰণ, পিতৃ বুঢ়াগোঁহাইৰ পুত্ৰ হৈ, স্বাধীন দেশত উপজি ডাঙৰ দীঘল হৈ, ইমান ডাঙৰ ক্ষমত। হাতত লৈ মৰম্বিধোৱাই এনে অকৰ্ম্মণ্যতাৰ পৰিচয় দিয়া বুলি বিশ্বাস কৰিবৰ মন নেযায়। তেওঁৰ আগৰ বীৰত্ব আৰু নিৰ্ভীক উক্তিয়ে এই পাচৰ কথা বিলাক অতিৰঞ্জিত বুলি কৰ খোজে৷ আহোমৰ শ শ বছৰে ৰাজ কাৰ্যা চলাই অহা ৰজা, বুঢ়াগোহাই, ডা-ডাঙৰীয়াসকলে এনে এখন জীৱন-মৰণ সমস্যা যুক্ত, যুদ্ধলৈ এনে কাপুৰুষ এজনক দায়িত্বৰ বাব দি কেতিয়াও নপঠালেহেঁতেন। অৱশ্যে যুদ্ধৰ পৰা পলাবলৈকে দোলাত উঠিব লগীয়া হোৱা কথাষাৰ, শুনিবলৈ বেয়া যদিও, আমি সচঁ৷ বুলি কবলৈ বেয়া নেপাওঁ। অধঃপতনৰ সময়ত, এটা জাতিৰ এনে বিলাক বিলাসিতাৰ দৃষ্টান্ত অনেক পোৱা যায়। অসমীয়াৰ গৌৰৱ সূৰ্য্য লাচিত বৰফুকনৰ দিনত এনে দৃষ্টান্ত পাবলৈ নাই বা আমি জনা নাই, ইহাতে তেওঁ অসমৰ শিৰফুট। অভিজাত শ্ৰেষ্ঠ মন্ত্ৰী বুঢ়াগোহাইৰ বংশৰ নিচিনা