পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ এই যুদ্ধৰ প্ৰসঙ্গত, “জাঁজী অঞ্চলত, এটা কথা মানুহৰ মুখে মুখে কোৱা শুনিবলৈ পোৱা যায়। ইয়াৰ কোনো এঠাইত এজনী বাঁৰী তিৰোত৷ আছিল। তাইৰ গিৰিয়েকে মানৰ প্ৰথম আক্ৰমণত যুদ্ধ কৰি গ্ৰাণ এৰে। এই মানুহ- জনীৰ ৰঙামুৱা নামেৰে এট। মাত্ৰ লৰা আছিল। মানৰ লগত ৰজাৰ সৈন্যই যুঁজিবলৈ অহা শুনি বুঢ়ীয়ে, চফল ডেকা পুতেকক পিন্ধাই উৰাই মানৰ লগত যুঁজিবলৈ পঠাই দিলে। এই বঙামুৱাই হেনো অসমীয়া সেনাপতিক মান এটাই কাটিব খোজোঁতে আগবাঢ়ি সেনাপতিক ৰক্ষা কৰি নিজৰ প্ৰাণ দিলে। এই ৰঙামুৱাৰ নামেই বৰ্ত্তমান জামুগুৰি চাপৰিৰ ৰঙাজানৰ নাম হৈছে কোনোৱে কয়। কোনো কোনোৱে আকৌ এই যুদ্ধত মৰা সৈনাৰ তেজেৰে ৰাঙ্গলী হৈ বৈ যোৱাৰ নিমিত্তে জানটোক ৰঙাজান বোলে বুলি কয়। কোনো যুদ্ধত হাৰি মৰঙ্গিখোৱা ঘৰ পালোহি। বিশ্বনাথ বুঢ়াগোহাঞ, যুদ্ধৰ বাতৰি শুনি মুচ্চ, যোৱা যেন হল। ইয়াৰ পাচত বিশ্বনাথে সাতজন ভাই ককাইৰ লৰা তিৰোতা সমম্বিতে ধন বস্তু লৈ নাৱত উঠিল। ব্ৰজনাথ কোঁৱৰে পুতেক পুৰন্দৰ সিংহ ৰজাক লৈ সপৰিবাৰে বঙ্গালী নাৱত উঠিল আৰু যতদূৰ সম্ভৱ ধন বস্তু লগত ললে। এইদৰে ৰজা আৰু বুঢ়াগোহাঞৰ দুইৰো পৰিয়ালে যিমান সোনকালে পাৰে সিমান সোনকালে, পাচলৈ নেচাই ভটীয়াই গলগৈ। মানৰ ভয়ত ৰাতি দিন নগণি ভাত-পানী এৰি যাবলৈ ধৰিলে। এইদৰে গৈ যেতিয়া গুৱাহাটী পালে তেতিয়াহে তত পালে। এই সময়ত গুৱাহাটীত নিৰ্গুণ বৰফুকন আছিল। তেওঁক ভাঙ্গি গগৈ ফুকনক বৰফুকন পাতি মানক আকৌ আগভেটি ধৰিবলৈ খাগৰি জানলৈ পঠিয়াই দিলে। খাগবিজ্ঞানত মানৱ লগত যু কৰি গগৈৰ মৃত্যু য়। এওঁৰ মৃত্যু হলত ঘিণাই বৰবৰুৱাক গুৱাহাটীৰ বৰফুকন, লাহনক ডেক|ফুকন আৰু ভিচোক বৰবৰুৱা পাতি মানৰ যুগলৈ পঠোৱা হল। এওঁবিলাকে ম'নৰ লগত খুঁজ কৰিবলৈ, সৈন্য সামন্ত আদিলৈ চাই নিচেই ধীন যেন দেখি ঘূৰি গাহিল। এনে বিপৰ্য্যয়ত ৰজা, বুঢ়াগোহাঞ আদিক গুৱাহাটী এৰি ইংৰাজ ৰাজ। সামাল। ইহাতে মান সেনাই যোৰহাট পাই, চন্দ্ৰকান্তক বিচাৰি আf আকৌ সিংহাসনত বহুৱালে। মান সেনাপতিয়ে এইদৰে নিজ উদ্দেশ্য সিদ্ধি কৰি, যতদূৰ সম্ভৱ সৈন্যবিলাকক অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিবলৈ নিদিয়াকৈ দেশলৈ উলটি গল। এইদৰে অসমত মানৰ দ্বিতীয় আক্ৰমণৰ অস্ত পৰিল। মানৰ দ্বিতীয় আক্ৰমণৰ ৰণ বিলাকৰ ভিতৰত ফুলপানী ছিগাৰ ৰণেই ঘাই ১০৬