পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলপানী ছিগ৷ ৰণৰ প্ৰাসঙ্গিক কথা মানৰ প্ৰথম ‘আক্ৰমণতে। এই কিয়ামিঙ্গিৰ লগত গগৈয়ে যুদ্ধ কৰিছিল। গগৈয়ে কিয়ামিঙ্গিক পুত্ৰ ভাৰ্য্যা এৰি থৈ কিয় বিদেশত মৰিবলৈ আহিলি বুলি. কোৱাত, কিয়ামিঙ্গিয়ে আগৰ বাবত গগৈক কেনেকৈ ধৰি নি কঁকালত ডোল লগাই বিবস্ত্ৰ কৰি পানীত ডুবাইছিল তাক সোঁৱৰালে, আৰু সিমানতো আকৌ যুজলৈ অহা দেখি অধম নিলাজ বুলি ধিক্কাৰ দিলে। এডোখৰ কালান্তক মেঘৰ দৰে মান সেনাৰ জাক আহি যেতিয়া অসমী সেনাৰ ওচৰ চাপিল তেতিয়া যেন দুখন সাগৰ হে লগ লাগিল। অলপ ধতুৱা মানুহৰ সেনা দেখিয়েই ধাতু যাব লগীয়া হল। গগৈৰ আদেশমতে চিপাহীবিলাকে হিলৈ আৰু বৰহিলৈৰ দ্বাৰা মানৰ ওপৰত গুলি বৰষিবলৈ ধৰিলে। মানেও সেইদৰে ওভোতাই গুলি বৰষিলে। গুলিৰ শব্দত ধৰণী ভল বল কৰিবলৈ ধৰিলে অনেক দূৰত থকা গৰ্ভৱতী মানুহৰে৷ গৰ্ভস্ৰাৱ হল। মেঘৰ পৰা ব্ৰজপাত্ত হোৱাৰ দৰে গুলি পৰি দুয়ো দলৰ অসংখ্য সৈন্যৰ মৃত্যু হল। দুইফালৰ দা-ধৰা সৈন্য বিলাকেও ইটোৱে সিটোক আক্ৰমণ কৰি কাটি বলৈ ধৰিলে। মৰা সৈন্যৰ নিমিত্তে ৰণঞ্চলীত ভৰি দিবলৈ ঠাই নোহোৱা হল। কোনোৰ গা এঠাইত, মূৰ এঠাইত, হাত এঠাইত, ভৰি এঠাইত পৰিবলৈ ধৰিলে। কাৰে৷ ছোলাৰে সৈতে গাবোৰ বাগৰি বাগৰি গল; কাৰে৷ টুপীৰে সৈতে মূৰটো উফৰি আঁতৰত পৰিল। এইদৰে গুলি, যাঠীৰ খোচ আদিত্ত মৰা সৈন্যৰ উপৰিও অসংখ্য দাৰে কট? সৈন্যও নেলুকটা পাঠাৰ দৰে পৰি যুদ্ধ ক্ষেত্ৰ ঢাকি পেলালে। এই যুদ্ধ দুই প্ৰহৰ ম'ন লাগিছিল। ৰঘুবৰ চুপাদাৰে ঘেৰাত উঠি বুদ্ধ কৰি কেবাগুনে! মান সৈন্য ধাক্ষক বধ কৰিলে৷ অৱশেষত চুপাদাৰেও যুগত প্ৰাণ দিলে। চুপদাবৰ মৃত্যুৰ পচত মানৰ প্ৰচণ্ড অ ক্ৰনণ সহিব নোৱাৰি বাচকটীয়৷ সৈন্যৰ সৈতে হাওঁৰা অদিও বণস্থল এৰি পাবলৈ বাধ্য হল। - যুঞ্জত লাগি থকা গগৈ সেনাপতিয়ে পাঁচলৈ চাই যেতিয়া দেখিলে যুদ্ধক্ষেত্ৰৰ পৰা সৈন্যবোৰ পলাইছে; তেতিয়া তেৱে। ৰণস্থল এৰিলে। কলি ভাৰত বুৰঞ্জীৰ মতে অসমীয়া সৈন্যৰ পাচত থক৷ মৰঙ্গিথোৱা গোহাঞে দোলাত উঠি পলাব খোজোঁতে 'ভয়ত দোলাতে মলমূত্ৰ ত্যাগ কৰি অচেতন হল। মৰঙ্গি- োৱাই সৈন্যবিলাকক খাৰগুলি যোগান ধৰিছিল। তেওঁ যুদ্ধৰ গতিবিধি দেখি অচেতন হৈ নিজ কৰ্তব্য পাহৰি পলালতহে খাৰগুলিব নাটনিত চিপাহি পলাবলৈ বাধ্য হল। এই কাৰণেই অনেক দেশী বিদেশী অসমীয়া সৈন্যই যুদ্ধক্ষেত্ৰত প্ৰাণ দিলে। 28