পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰবন্ধ সংগ্ৰহ বদন বধৰ পাচত বদনৰ পুতেক জন্মি আৰু পিয়লী দুয়ে৷ দেশৰ পৰা পলাই গৈ মান ৰজাৰ দেশ পালেগৈ। তেওঁবিলাকে মান ৰজাৰ আগত বাপেকক অন্যায় কৈ বধ কৰাৰ কথা কৈ অনেক বেজাৰ কৰিলে আৰু ইয়াৰ প্ৰতিশোধ নবলৈ মান ৰজাক খাটিলে। মান বজাই ইতিমধ্যে মানে পাতি থৈ অহ৷ চন্দ্ৰকান্ত ৰজাঁক ৰাজপাটৰ পৰা নমাই পুৰন্দৰক ৰজা পতা কথাও শুনিবলৈ পালে। এইবিলাক শুনি মান ৰজাই বদনৰ পুতেকহঁতক সান্ত্বনা দি নতুন ৰজা আৰু বুঢ়াগোঁহাই আদিক শান্তি দি, প্ৰতিশোধ লবৰ অভিপ্ৰায়েৰে সৈন্য পঠাবলৈ থিৰ কৰিলে। এয়েই হল মানৰ দ্বিতীয় আক্ৰমণৰ কাৰণ। ৰজাৰ আদেশ মতে কিয়ামিঙ্গি সেনাপতিৰ তলত ষোল হেজাৰ মান সেনা অসমলৈ যাত্ৰা কৰিলে। মান বিলাকে যুদ্ধৰ আহিলা স্বৰূপে দা, যাঠী, হিলৈ, শুকান মঙহ; আফিং, চুঙাই চুঙাই মদ আদি লগত যথেষ্ট পৰিমাণে ললে। মান আহি দলে বলে নামৰূপ-জয়পুৰ পালেহি। এইফালেই মান অ! বাট। মান জাই সৈন্যবিলাকক, যতদূৰ সম্ভব অসময়। প্ৰজাৰ ওপৰত উপদ্ৰৱ নকৰাকৈ আৱশ্যকমতে যুদ্ধ কৰি চন্দ্ৰকান্তক ৰজা পাতি কাৰ্য্য সমাধা কৰিবলৈ কৈ পঠাইছিল বুলি বুৰঞ্জীয়ে কয়। মানে, কিন্তু নিজৰ অভ্যাস একেবাৰে এৰিব নোৱাৰিলে, কাৰণ একেখন বুৰঞ্জীতে গান সেনাই কৰা অত্যাচাৰৰ কথাও বৰ্ণনা কৰা আছে। নামৰূপৰপৰ1 মান আহি, কাৰুতি ফবিঙবদৰে ঘিলামৰা পালেহি। ঘিলামৰাত থকা অসমীয়া সৈন্যবিলাকক মানে, ৰ'জস্ৰোহী অৰ্থাৎ চন্দ্ৰকান্তৰ বিপক্ষ বুলি ধৰি, হালে হালে সাঙ্গুৰি, কাকো বধ কৰিলে আৰু কাকো অন্য শাস্তি দি উৎপীড়ন কৰিলে। তাৰপৰা একে- হেঁচাই মান সেন। লাদৈগড় পালেহি। এই যাত্ৰাত নাজিৰাৰ ওচৰতো মানৰ লগত অসমীয়' সৈন্যৰ মুখামুখি হৈছিল কিন্তু ই কাৰে। ফালে বিশেষ কাৰ্য্যকৰী নহল, গোটেই মনে সেনাৰ ভিতৰতে, এভাগ মাত্ৰ লাদৈগড় পাওঁতেই, অসমীয়া সেনাই মৰে। জীওঁকৈ যুদ্ধ দিয়াত, মান বিসাক হুহকি জাঁজী পাৰ হৈ আহি, ফুলপানী ছিগাত কোঠ মাৰি ৰ'লহি। যোৰহাটত এই ঋণ জয়ৰ বাতৰি পাই ব্ৰজনাথ কোঁৱৰে বৰ আনন্দ পালে আৰু চন্দ্ৰকান্তৰ পৰাই এই আক্ৰমণ হৈছে বুলি বুজি মন্ত্ৰী সকলৰ সন্মতিক্ৰহে তেওঁক বধ কৰিবলৈ যামুহ পঠালে। চন্দ্ৰকান্তই এই কথা বুজিবলৈ পাই, থকা ঠাইৰ পৰ৷ তনুৰাম নামৰ মানুহ এজনৰ হাতত ধৰি পলাই গৈ হাবি সোমাল। ভগা বজাক তাত নেপাই 'ৰাজদূতে চন্দ্ৰকান্তৰ মাকৰ আগত বহুত