পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০১
ফুলপানী ছিগা ৰণৰ প্ৰাসঙ্গিক কথা

তুলি আকৌ ভটীয়াই যাবলৈ ওলাল। ডাঙৰীয়াসকলে আগৰ কথা এৰিব নোৱাৰি আৰু আগন্তুক বিপদৰ হাত সাৰিবৰ আন উপায় নেদেখি চন্দ্ৰকান্তক সিংহাসনৰ পৰা নমাই পুৰন্দৰক ৰজা পাতিলে। ইয়াতো শান্ত নহৈ ডাঙৰীয়াসকলে দুৰ্ভগীয়া চন্দ্ৰকান্তক অঙ্গক্ষত কৰি, নিদাৰুণ ভাৱে নিৰ্ব্বাসিত কৰি তৰা-তলী নামেৰে ঠাই এখনত পালি পহৰীয়া দি বন্ধকৈ ৰাখিলে। পুৰন্দৰ সিংহ ৰজা হোৱাৰ পাচত তেওঁৰ বাপেক ব্ৰজনাথ যুৱৰাজ হল। বুৰঞ্জীৰ ই এটা ওলোট৷ ঘটনা। পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ মৃত্যুৰ পাচত তেওঁৰ পুতেক বিশ্বনাথ বুঢ়াগোঁহাই হৈ বদন অহালৈকে আছিল, এতিয়াও তেৱেঁই বুঢ়াগোঁহাই হৈ থাকিল। অলপ দিনৰ পাচতে এই বুঢ়াগোঁহাইৰ ভনীয়েকৰ লগত পুৰন্দৰ সিংহৰ বিয়া হল। এই গৰাকী ৰাণীয়েই কামেশ্বৰ সিংহৰ গৰ্ভধাৰিণী। নতুন ৰজা পুৰন্দৰে এবছৰমান ভালদৰেই কটালে। *


 *মানৰ সেনাপতি জনৰ নাম আৰু মান সেনাৰ সংখ্যা লৈ দুখন বুৰঞ্জীৰ দুটা মত। দুতিৰাম হাজৰিকাৰ কলি ভাৰত বুৰঞ্জীত সেনাপতিৰ নাম আলুমিঙি আৰু সৈন্য সংখ্যা মুঠে ছ হেজাৰ বুলি লিখিছে। বিশ্বেশ্বৰ বৈদ্যাধিপৰ বেলিমাৰৰ বুৰঞ্জীত সেনাপতিৰ নাম কিয়ামিঙ্গি আৰু সৈন্যৰ সংখ্যা যোল হেজাৰ বুলি লিখিছে। অসমীয়াৰ সেনা সংখ্যা আৰু সেনাপতিৰ বিষয়তো দুইজনে বেলেগ মত দিছে। কলি ভাৰত বুৰঞ্জীত অসমীয়া সেনাৰ প্ৰধান সেনাপতি মৰঙ্গিখোৱা গোঁহাইক পাতিছে আৰু তাত গগৈ সেনাপতিৰ নামকে ভালকৈ উল্লেখ কৰা নাই। বেলিমাৰৰ বুৰঞ্জীত গগৈ সেনাপতিকে যুদ্ধৰ কৰ্ণধাৰ পাতিছে, মৰঙ্গিখোৱাক লগতে লগৰীয়াকৈ হে দেখুৱাইছে। আগৰ মোগল, মহাৰাট্টা আদিৰ দৰে ৰাজবংশৰ বা শিৰফুটা অভিজাত বংশৰ এজনক নামত হলেও সেনাপতি বুলি পঠিৱাৰ নিয়ম অনুসৰণ কৰি কলি ভাৰতৰ লিখকে, সেনাপতি হিচাপে বুঢ়া গোঁহাইৰ ভায়েক আৰু চলাজনা বুঢ়াগোঁহাইৰ পুতেককে সেনাপতি বুলি কোৱাটো একো অসম্ভৱ নহয়। বেলিমাৰ-লিখক, বৈদ্যাধিপে তাকে, ছাঁটোৰ কথা নকৈ শৰীৰটোৰ কথাকে কব খুজিছে যেন বোধ হয়। দুতিৰামৰ বুৰঞ্জীত লিখা মান সেনাৰ ছহেজাৰ সংখ্যাটোতকৈ, বৈদ্যাধিপে লিখা ষোলহেজাৰ সংখ্যাটো, বেছি বিশ্বাসযোগ্য যেন লাগে। মান সেনাপতিৰ নামৰ বিষয়েও বিশেষ কবলৈ নাই, কাৰণ একেজন মানুহৰ একাধিক নাম থাকিবও পাৰে, আৰু নিজৰ মনত খোচোৰা যেন লগা, বিদেশী ভাষাৰ নাম উচ্চাৰণত ভুলো কৰিব পাৰে। ফুলপানী ছিগা ৰণৰ, বিশেষ আৱশ্যকীয় কথাবিলাকৰ ভিতৰত, দুইখন বুৰঞ্জীত পাৰ্থক্য নাই বুলিলেই হয়, আমি যিবিলাক প্ৰভেদৰ কথা কৈ আহিছো সেইবিলাকৰ দ্বাৰা আমাৰ ঘাই কথাই অসুবিধা নেপায়। আমি এই বৰ্ণনাত প্ৰভেদ থকা কথাবিলাকৰ, বেলিমাৰত থকাবিলাককে ধৰিম; কাৰণ এইখন বুৰঞ্জীত আমাৰ বৰ্ণনা কৰিব লগীয়া যুঁজৰ কথা বহলাই আছে। তাতে বৈদ্যাধিপৰ বুৰঞ্জীখন বৰ্ণিত ঘটনাৰ বেছি সমসাময়িক।