এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান ৷ নেলাগে নিয়াৰ মোক নকৰে! কামনা সোণ ৰূপ আভৰণ ৰজাৰ ভৱন, নিবিৰ কানন মাজে ভিখারিনী বেশে কটোৱান জীৱনৰ বাকী কেইদিন ! যৌবনৰ কতদিন গইছিল মোৰ অকণো নাছিল তেওঁ প্ৰণয় ভাৱনা; প্রকৃতি কোলাত থাকি লভিছিলো সুখ পূত ভাৱে বইছিল জীৱন ভৰণা । ক'ৰপৰা আহি তুমি প্রাণাধিক মোৰ কিনেদৰে মোক দেহি লগালা মমতা পোণতে তোমাক দেখি চকুৰ আগত উঠিল সজাগ হৈ যৌৱন দেৱতা । সুখ-ভোগ বাসনাৰ আকুল আহ্বানে কৰিলে হঠাতে মোক প্রেম-পাগলিনী