পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। প্ৰতাপখৰ পুত্ৰ শুভঙ্কৰ ডাঙৰ পণ্ডিত আছিল; এওঁ নৰনাৰায়ণ ৰাজাৰ সভাত ৰহত দিন আছিল। গাভৰুখী সেনাপতি কোন ক’ত বংশধৰ আছে চিমি পাবৰ উপায় নাই। শুভৰৰ বংশৰসকল বৰ্তমানে গোৱালপাৰাৰ গৌৰীপুৰ, কামৰূপৰ চেঙা, বালিকৰিয়া আৰু চামতা আদি গাৱত আছে। ১৫। কতঞা। (গোত্ৰ—হংসসি)। বিশ্বসিংহৰ সময়ত এওঁ কামৰূপত ভূঞা হৈ আছিল। এওঁবিশ্বসিংহৰ বশ্যতা স্বীকাৰ কৰাত মজুমদাৰ বিষয় দিয়ে। এওঁৰ সবিশেষ বিবৰণ জানিবৰ উপায় নাই। কন্দৰ্পহূঞাৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ সন্ধেলি আৰু পানীগাৱত বাস কৰে। ১৬। লোহাব। (গোত্ৰ—শাণ্ডিল্য)। চণ্ডীবৰভূঞা আদিৰ লগত কান্যকুজৰপৰা আহি এওঁ গৌড়ত কিছুদিন থাকাৰ পাচত কমতালৈ আহে অৰু কনৌজপুৰত বাস কৰে। এওঁৰ নাতি দিবাৰভূঞা কমতা ৰাজা ইন্দ্ৰনাৰায়ণৰ দিনত স্বাধীন ভূঞা হয়। এওঁৰ পাচত পুতেক কুমাৰঘোষে দুৰ্লভ ৰাজাৰ দিনত কমতা ৰাজ্যৰ এক অংশ অধিকাৰ কৰি এজন স্বতন্ত্ৰ ৰাজা বুলি পৰিচিত হয়। কিছুকালৰ পাচত বঙ্গৰ হচেনচাহে কমতাৰ খেনবংশী বাজা নীলাম্বৰক ধ্বংস কৰাৰ সময়ত এওঁৰৰ ৰাজ্য হুচেনদ্বাৰা অধিকৃত হয়। কুমাৰঘোষ হুচেনৰ হাতত নিহত হয। কুমাৰঘোষৰ ঠানুবৰ নামে এটি কেঁৱৰ আছিল; পিতৃ নিধন হোৱাৰ পাচত এওঁ পূৰ্ব দিশে আহি বৰ্তমান কামৰূপ জিলাৰ খাতা অঞ্চলত স্বাধীন ভাবে বাস কৰে। এওঁৰ আন নাম থানেশ্বৰ ভূঞা। প'নেশ্বৰ ভূঞা খাতাত বাস কৰা সময়ত গোত্ৰ পৰিৱৰ্তন কৰি কাশ্যপ গোত্ৰ গ্ৰহণ কৰে। ঠানুবৰৰ পাচত তেওঁৰ পুত্ৰ মন্মথ ভূঞা হয়। মন্মথৰ সময়ত কামৰূপ মুছলমানৰ অধীন হয—ভূঞাসকলৰ স্বাধীনতাও লোপ প য়। লোহাবৰৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ খাতাবাৰী, মালিকুচি, মহকুচি, দৌলাশাল আৰু কোচবেহাৰত বাস কৰে। খাতাবাৰীৰ ৰায়চাহাব শ্ৰীযুত প্ৰতাপনাৰায়ণ চৌধুৰী, দৌলাশাল শ্ৰীযুত পৰমানন্দ চৌধাৰী আৰু মহকুচিৰ শ্ৰীযুত গোপালচন্দ্ৰ বৰুৱা এই বংশৰ। কৰ্ণপুৰৰ বৰভূঞা-বংশধৰ বুাখা। (গোত্ৰপৰাশৰ)। সপ্তম শতিকাৰ কৰ্ণবৰ্ণই দ্বাদশ শতিকাত কাৰ, ত্ৰয়োদশ শতিকাত কনৌজপুৰ আৰু পাচত কৰ্ণপুৰ নাম লোৱা প্ৰমাণ পোৱা যায়। বুঢ়াখাৰ উপৰি পুৰুষ, চন্দ্ৰভূঞা আৰু শ্ৰপতি সৰস্বতী আৰু তেওঁলোবৰ পুৰোহিত ও গুৰু প্ৰিয়ন সৰস্বতীৰ সৈতে একেলগে চতুৰ্দশ শতিকাত কান্যকুৰপৰা আহি কনৌজপুৰত বাস কৰে। এই সময়ত চণ্ডীবৰ আদি ভূঞা ধৰ্মপালৰ আশ্ৰয়ত কামৰূপত বাস কৰিছিল। ওপৰত উল্লেখ কৰা ভূঞাসকল দি ীয দলৰ। এই দ্বিতীয় দলৰ ভূঞাসকল আহি পোৱাৰ পাচতেই দুৰ্লভনাৰায়ণ কামৰূপৰ অধিপতি হয় আৰু • বুঢ়াখাৰ উপৰি পুৰুষক কনৌজপুৰত ৰাখি আন দুজনক পূব দুৱাৰত স্থাপন কৰে। মুছলমা আমোলত কনৌজপুৰ অধিকৃত হোৱাত কনৌজপুৰীয়া ভূঞা মুছলমানৰ অধীনৰ প্ৰাদেশিক সনকৰ্তা হয়, আৰু তেতিয়াই “খ” উপাধি লাভ কৰে।