পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

BE কাস্থ সমাজৰ ইতিবৃত্ত। গোবনৰ পুত্ৰ নাৰাণ ভূঞা যেতিয়া প্ৰতাপী হৈ উঠে সেই সময়ত এইজন শ্ৰীৰৰ পুত্ৰ গৰ শুকাইকুচিত ভূঞা হয়। বিশ্বসিংহই কামৰূপ জয় কৰাৰ সময়ত গদাধৰে ক্ষেত্ৰিৰ গোমস্তা ভূঞা নাৰায়ণৰ লগত যোগ দিয়ে। বিসিংহই নাৰায়ণ গোমস্তাক নিহত কৰাৰ পাছত গদাধৰে বিশ্বসিংহৰ বশ্যতা স্বীকাৰ কৰে। তেতি তেওঁক শুকাইকুচিত গোমস্তা অৰ্থাৎ ৰাজ প্ৰতিনিধি বিষ পাতে। ভোগীৰথৰ পাচত উদয়গিৰি নৰনাৰায়ণ ৰাজাৰ তলে গোমস্তা হয়। তেওঁৰ ভাষেক দীননাথ ভাতৃ সঙ্গ ত্যাগ কৰি ধৰ্মচৰ্চা কৰে। এওঁ গুৰুৰপৰা মেধি অৰ্থাৎ ধৰ্মাচাৰ্য্য পদ গ্ৰহণ কৰে। এই ভূঞাৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ শুকাইকুচি, চামতা, বৰিগোগ; আৰু কাচকাটাত বাস কৰে। (১৪) প্ৰতাপখা ভূঞা বা প্ৰতাপ ভূঞা। (গোত্ৰ-কাশ্যপ)। ৰাম চৰণ ঠাকুৰৰ গুৰুচৰিতত পোৱা যায—প্ৰতাপ ভূঞাৰ গাভৰু নামে এজন ভতিজা অছিল; এওঁ চিলাৰাষৰ তলে সেনাপতি হৈ আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ গৈছিল। গাভৰুখাৰ পিতৃৰ নাম শ্ৰীৰামখা। এওঁলোকৰ নামৰ পাচত গাঁ উপাধি দেখি অনুমান হয এওঁলোকৰ পুৰ্ব পুৰুষ চণ্ডীবৰ আদি ভূঞাসকলৰ লগত কামৰূপ ৰাজ্যৰ পূব অঞ্চ ললৈ আহা লোক আছিল। এওঁলোকৰ পূৰ্বপুৰুষ প্ৰাচীন কাম ৰূপৰ পশ্চিম কোনো খণ্ডত ভূঞা হৈ আছিল। মুছলমানে কমতা অধিকাৰ কৰাৰ পাচত মুছলমানৰ হলে প্ৰাদেশিক শাসনকৰ্তা হ্য, আৰু সেই সমযতে “” Fউপাধি লাভ কৰে। প্ৰতাপখাৰ ২৩ পুৰষ আগত যেতিয়া পেনবংশীষ ৰাজাই কামৰূপ ৰাৰ পশ্চিমখণ্ড অধিকাৰ কৰি “কমতা”ৰাজ্য পাতে সেই সমষত পূবলৈ আহি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে পাত প্ৰাদেশিক শাসনকৰ্তা হয়। খেন ৰাজ্য ভাঙাত এই বংশই স্বাধীনতা লাভ কৰে। ঘোডশ শতিকাৰ প্ৰথম ভাগত প্ৰতাপখা পাণ্ডুত ভূঞা থকাৰ প্ৰমাণ দৰংৰাজ বংশাৱলী (সূৰ্য্যখডি) আৰু ৰামচৰণ ঠাকুৰৰ গুৰুচৰিতত পোৱা যায। এওঁক “বৰভূঞা” বুলি উল্লেখ কৰিছে; আৰু পাক নগৰ বুলি লিখিছে। ইয়াৰপৰা অনুমান হয়—এই বংশই পাণ্ডুত অতি প্ৰতাপেৰে ভূঞালী কৰিছিল। কোচৰাজ বিশ্বসিংহই কামৰূপৰ নাৰায়ণ গোমস্তা ভূঞাক নিহত কৰাৰ পাচত প্ৰতাপাক আক্ৰমণ কৰে। দৰঙ্গজ বংশাৱলীৰ (হৰেন্দ্ৰনাৰাষণ) পৰা জানা যাষ প্ৰতাপভূঞাৰ শ্বেতধাম নামে এটি অতি মৰমৰ নৈষ্ঠিব ভায়েক আছিল। শ্বেতধামে প্ৰতিদিন উষা সমযত ব্ৰহ্মপুত্ৰত আন আৰু তৰ্পণ কৰিছিল; সিংহই গুপ্তভাৱে, স্নান কৰি আহোতে তেওঁক হত্যা কৰে। প্ৰতাপভূঞাই সেই সংবাদ পাই শোক ৩ বৰ আকুল হয। তাৰ পাচত প্ৰতাপভূঞাই পৰিয়ালবৰ্গক নাৱত লৈ উজাই যায়। তেওঁ দৰৰ প্ৰতাপগডত কি, দিন আছিল। প্ৰতাপভূঞা উজাই আহাৰ পাচতেই বিশ্বসিংহ স্বৰ্গী হয়, আৰু তাৰ অলপ পাচতে নৰনাৰায়ণ ৰাজ। হয়। প্ৰতাপভূঞাৰ পুৰোহিত এজন বৰ সাধক পুৰুষ আছিল। তেওঁৰ যত নৰনাৰাষণে প্ৰতাপভূঞাক কামৰূপলৈ মাতি আনে।

2