পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ভূঞা, আদি কেত্ৰিত উপস্থিত হয় আৰু স্বাধীন ভাৱে ব্ৰহ্মপুত্ৰৰ দাতিত বাস কৰে। নাৰায়ণভূঞাৰ পাচত ৰাজেন্দ্ৰ ভূঞা হয়। এই সময়ত বঙ্গৰ হুচেনচাহে কমৰাজ্য অধিকাৰ কৰে। গগাবৰ্ধনৰ পুত্ৰ নাৰায়ণ আৰু ৰাজেন্দ্ৰভূঞাই তেতিয়া স্বাধীনতা ঘোষণা কৰে। হচেচাহে কামৰূপৰ পূবলৈ যাত্ৰা কৰিছিল, তেতিয়া নাৰায়ণ আৰু ৰাজেন্দ্ৰভূঞাই বাধা দিয়ে, নিয়াজুল চালাটিনৰ মতে হচেন নাৰায়ণ পালৰ হাতত হাৰি গুচি যায়। তেতিয়াৰপৰাই এই দুজনে স্বাধীন ভাবে বাস কৰে। কোচৰাজ বিশ্বসিংহই যেতিয়া কামৰূপ অধিকাৰ কৰিবলৈ ভূঞাসকলৰ লগত যুক্ত কৰে সেই সময়ত নাৰায়ণ গোমন্তাভূঞা আৰু ৰাজেন্দ্ৰ ভূঞাই আন আন ভূঞাৰ লগত যোগ হৈ বাধা দিয়ে। গোমথা বংশাৱলীত ৰাজেন্দ্ৰক ক্ষেত্ৰিৰ ৰাজেভূঞা জগতে বিশেষ” বুলি উল্লেখ কৰিছে। ৰাজেন্দ্ৰভূঞা বিশ্বসিংহৰ হাতত নিহত হয়। ৰাজেন্দ্ৰভূঞাই এই যুদ্ধত সেনাপতি কাম কৰিছিল; বিশসিংহৰ লগত ১ম বাৰ ৰণ হওঁতেই এওঁ মৰা পৰে। ৰাজেন্দ্ৰভূঞাৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ শিমলীয়া, বৰি, বৰপেটা আৰু গোৱালপাৰাৰ দলগোমা আদি ঠাইত বাস কৰে। (১২) (ক) শ্ৰথৰভুঞা। (গোত্ৰ-কাপ)। এওঁ চণ্ডীবৰ ভূঞাৰ লগতে লেঙামাগুৰিত বাস কৰিছিল। ৰাজাই এওঁক ভোটৰ দুৱাৰ ৰক্ষা কাৰ্যত নিযুক্ত কৰিছিল। চণ্ডীবৰ যেতিয়া বৰনদী পাৰ হৈ পূবলৈ যায় শ্ৰীধৰভূঞাই সেই সময়তে লেঙামাগুৰিৰ উত্তৰে কোঠ কৰি স্বাধীন ভাৱে বাস কৰে। শ্ৰীধৰৰ পুত্ৰ গদাধৰ; এওঁ পিতৃৰ ঠাইতে বাস কৰিছিল। গদাধৰৰ পাচৰ দুই পুৰুষৰ কথা জানিব পৰা নাযায়; সম্ভৱতঃ সেই সময়তে এই বংশ কিছু নিষ্প্ৰভ হৈছিল। তাৰ পাচত ৫ ম পুৰুষ গোবৰ্ধন শক্তিশালী হৈ উঠে। গোবৰ্ধনৰ সময়ত ভোট উৎপাত বেচি হয় আৰু কমতা দুৰ্লভ নাৰায়ণৰ বংশধৰৰ ৰাজ্য ভাঙে। ভোটৰ আক্ৰমণত গোবৰ্ধন মৰা পৰে আৰু তেওঁৰ কোঠ ধ্বংস হয়। গগাবৰ্ধনৰ পাচৰ দুই পুৰুষৰ কথাও একো জানিবৰ উপায় নাই। সম্ভৱতঃ খেনবংশীয় ৰাজাৰ প্ৰতাপত মূৰ দাঙিব পাৰা নাছিল। ৮ম পুৰুষ পানীন্দ্ৰভূঞাৰ দিনত পুৰোহিতৰ যত্নত মহাৰাজ নৰনাৰায়ণৰ অনুগ্ৰহ পায়। নৰনাৰায়ণে পানীক বৰকায়স্থ পাতে। এই ভুঞাৰ বংশধৰ বৰ্তমানে কামৰূপৰ চামতা, বৰমাখিবাহা, ঘিলাঝাৰি, ক্ষেত্ৰাপাৰা আদি গাৱত বাস কৰে। খৰভুঞা। (গোত্ৰ কৌশিক)। চণ্ডীবৰ আদি ভূঞাসকল কামৰূপলৈ অহাৰ সময়ত শ্ৰীধৰভূঞাৰ উপৰিপুৰুষ এই দেশলৈ আহা বুলি বংশধৰসকলে কয়। ক্ষেত্ৰিত শ্ৰীধৰভূঞাৰ নাতি গোবৰ্ধন ভূঞা যেতিয়া স্বাধীন হৈ বহে সেই সময়ত উপৰুক্ত শ্ৰীধৰভূঞা নামৰ এন ভূঞা কামৰূপৰ মধ্যখণ্ডত স্বাধীন ভূঞা হৈ আছিল। শুকাই কুচিত এই ভূঞাৰ কোঠ আছিল।