পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। সদানন্দ ভূঞা (অত্ৰি গোত্ৰ) কনৌজপুৰত বাস কৰিছিল। তেওঁৰ দুই পুত্ৰ--আদিৰাম আৰু অনিৰুদ্ধ। অনিৰুদ্ধ বঙ্গদেশৰ ফালে যায়, আৰু আদিৰাম কনৌজপুৰতে ভূঞা হৈ থাকে। ভূধৰভূঞা অনিৰুদ্ধৰেই বংশধৰ; এও বংলদেশৰপৰা আহি কামৰূপৰ ৰামদিয়াৰ ওচৰৰ বংশৰত ভূঞা হৈ আছিল। যি সময়ত বিশ্বসিংহই কামৰূপৰ ভূঞাসকলক জয় কৰে, ভূধৰে সেই সময়ত বিশ্বসিংহৰ অধীনতা স্বীকাৰ কৰে। ভূধৰ ভূঞাৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ ক্ষুদ্ৰশঙ্কৰা (দীঘেলী), চুটিয়াপাৰা (বৰ্তমানে বংশ লোপ), শিমলীয়া, গোৱালপাৰাৰ সোণাখুলি, কামৰূপৰ মদাৰতোলা, দৰৰ দিগীৰপাৰ আদি গাৱত বাস কৰে। ৯। অৱৰি ৰায় ভুঞা। (গোত্ৰ—অগ্নিহোত্ৰী)। বিশ্বসিংহই কামৰূপ জয় কৰাৰ সময়ত অম্বৰিষ নামে এজন প্ৰখ্যাত ভূঞা বল্যা নদীৰ পশ্চিম ফালে বাস কৰিছিল। এওঁৰ নামৰ পাচত ৰায় (ৰজা) দেখিয়েই বুজিব পাৰি, এওঁৰ ভূঞালী কৰা ঠাই বৰ বহল আছিল। তেওঁৰ অধীনত কেইবাজনো ভূঞা আছিল। জনশ্ৰুতি আছে অস্বৰিষৰ পূৰ্বপুৰুষসকল একোজন বিখ্যাত পণ্ডিত আছিল। অম্বষি বিশ্বসিংহৰ হাতত পৰাস্ত হয়। এওঁৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ কেন্দ্ৰকুচি আৰু মঙ্গলদৈৰ চমুবাপাৰাত বাস কৰে। ১০। জগতনাৰায়ণ ভূঞা। (গোত্ৰকৌশিক)। জগতনাৰায়ণৰ বংশধৰসকলে নিজক শ্ৰহৰি ভূঞাৰ বংশধৰ বুলি পৰিচয় দিয়ে এও বাৰভূঞাৰ লগৰ শ্ৰহৰি ভূঞা হলে, মাজতে প্ৰায় ৫ পুৰুষমানৰ নাম হেৰোৱা বুলিব লাগিব; আৰু এওঁলোক ৰামচৰণ ঠাকুৰৰ বংশধৰসকলৰ জ্ঞাতি হব। কিন্তু উভয়ে জ্ঞাতি বুলি স্বীকাৰ নকৰে। গতিকে এই হৰিভূঞা আন এজন হোৱা অসম্ভৱ নহয়। বিশ্বসিংহৰ সময়ত জগতনাৰায়ণ নামে এজন ভূঞা কামৰূপৰ ক্ষেত্ৰি অঞ্চলৰ ডাঙৰদিয়াত বাস কৰিছিল; এওঁকো বিশ্বসিংহই জয় কৰে। জগতনাৰায়ণ নাৰায়ণ গোমথাৰ তলৰ ভূঞা বুলি অনুমান হয়। জগতনাৰায়ণৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ, বৰমাখিবাহ আৰু শিমলীয়া গাৱত বাস কৰে। ১১। দৈৰৰভুঞা। (গোত্ৰ-কাশ্যপ)। দৈবৰভূঞাৰ বংশধৰসকলেও শ্ৰীধৰভূঞাৰ বংশধৰ বুলি পৰিচয় দিয়ে। শ্ৰধৰৰ বংশধৰ হলে দৈবৰৰ ওপৰত আৰু ৪৫ পুৰুষ নাম হেৰাইছে। দৈবভূঞাই কামৰূপৰ উত্তৰ অঞ্চলত ভূঞালী কৰিছিল। তেওঁৰ পুত্ৰ দৈত্যাৰিভূঞা। বিশ্বসিংহৰ সময়ত দৈত্যাৰিভূঞাই বিশ্বসিংহৰ অধীনতা স্বীকাৰ কৰে। দৈবভূঞাৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ বালিকৰিয়া, চামতা, পানাৰা আৰু হৰিভাঙা আদি গাৱত বাস কৰে। ১২। ৰাজেশ্ৰভুঞা। (গোত্ৰ—অলমন)। খেন ৰাজা নীলাম্বৰে ৰাজত্ব কৰাৰ সময়ত পদ্মভূঞা নামে এজন ভূঞাই কেত্ৰি অঞ্চলত ভূঞালী কৰিছিল। তেওঁৰ পাচত তেওঁৰ পুত্ৰ নাৰায়ণভূঞা হয়। এই সময়ত ধৰভূঞাৰ বংশধৰ গোবন