পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ, সমাজ ইতিবৃত্ত। be

পৰীক্ষিৰ ৰাজ্য ভাঙে সেই সময়ত কামৰূপলৈ আহে। এওঁৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ বৰিগাৱত বাস কৰে। ৭। পতি সৰস্বতী। (গোত্ৰ-গৌতম)। এইজনা পতিভূঞাৰ উপাধি “সৰস্বতী” আছিল। এওঁৰ আৰু ৰামখা বা বুঢ়াখা ভূঞাৰ উপৰি পুৰুষ আৰু চন্দ্ৰভূঞাৰ পুৰোহিত আৰু গুৰু প্ৰিয়ন্তন সৰস্বতী নামে একেজনেই আছিল। চণ্ডীষৰ আদি ভুঞা কনৌজপুৰৰপৰা যেতিয়া কামৰূপলৈ আহে উক্ত ভূঞ তিনিজন কনৌজপুৰতে অলপ দিন আছিল। পাচত দুৰ্লভনাৰায়ণ ৰাজাই শ্ৰীপতি আৰু চন্দ্ৰভূঞাক ভোটৰ পূব দুৱাৰ ৰক্ষাত নিযুক্ত কৰে। ৰামখাৰ উপৰি পুৰুষ কনৌজপুৰৰ ভূঞা হৈ থাকে। বংশাৱলীৰপৰা জানিব পাৰি শ্ৰীপতি ভূঞাক মানাহ আৰু কালদিয়া নদীৰ ভূখণ্ডৰ উত্তৰ খণ্ডত আৰু চন্দ্ৰভঞাক দক্ষিণ খণ্ডৰ শাসনভাৰ দিছিল। শ্ৰপতি ভূঞা বৰনগৰৰ ওচৰৰ ভেড়াগ্ৰামত কোঠ কৰি বাস কৰিছিল। তেওঁৰ পাচত পুত্ৰ লক্ষ্মীপতি ভেড়াগ্ৰামতে বাস কৰে, কিন্তু নাতি জগন্নাথৰ দিনত দুলভেন্দ্ৰৰ হাতত পৰাস্ত হয। তেওঁ ব্ৰহ্মপুত্ৰেৰে উজাই দৰঙ্গৰ পূব অংশত, (লক্ষ্মীপুৰৰৰ কিছু অংশ) ধীন ভূঞা হয়। তেওঁৰ পুত্ৰ প্ৰাণকৃষ্ণৰ দিনত আহোম শক্তি বাঢ়ি উঠাত তেওঁ পুনৰ ভটীয়াই গে কামৰূপৰ ব্ৰহ্মপুত্ৰৰ ওচৰৰ ঔগুডি বা লোহাগুডিত স্বাধীন ভূঞা হয়। প্ৰাণকৃষ্ণৰ পুত্ৰ পদ্মনাভ পিতৃৰ অধিকাৰত ভূঞা হয; এই সমযত বিশ্বসিংহৰ অভূদয হয়, আৰু তেওঁ পদ্মনাভক পৰাস্ত কৰে। কিন্তু দঙ্গ ৰাজবংশাৱলীত ঔগুডিৰ ভূঞাক ব্ৰাহ্মণ বুলিছে; যেনে— “গুৰিা ব্ৰাহ্মণ ভূঞাক খেদিলস্ত।” ৯১ সূৰ্য্যখড়ি। এই ভূঞাৰ নামৰ পাচত সৰস্বতী উপাধি দেখি সম্ভৱতঃ ব্ৰাহ্মণ ভূঞা বুলিও উল্লেখ কৰিব পাৰে। এই ভূঞাৰ বংশধৰ বৰ্তমানে কামৰূপৰ শলা গাৱত বাস কৰে। (৮) সদানন্দ ভূঞা (গোত্ৰ—অত্ৰি)। চণ্ডীবৰ আদিৰ দলৰ সদানন্দ ভূঞা কনৌজপুৰত ভৌমিক হৈ আছিল। তেওঁৰ পুত্ৰ আদিৰাম নৌজপুৰতে থাকে কিন্তু তেওঁৰ ভাযেক অনিৰুদ্ধ ভাটী অৰ্থাৎ বঙ্গদেশলৈ যাষ। আদিৰামৰ পুত্ৰ কমলাকান্তৰ শেষ বয়সত তেওঁ কনৌজপুৰ ত্যাগ কৰি গোৱালপাৰাৰ কোনো ঠাইত ভূঞা হৈ থাকে। কমলাকান্ত ভূঞাৰ নাতি কালীকান্তৰ দিনত বিশ্বসিংহ ক্ষমতাৱস্ত হৈ উঠি ভূঞাসকলৰ লগত যুদ্ধ বৰোঁতে কালীকান্তও তেওঁৰ বিপক্ষে থিয় দিছিল। কালীকান্ত বিশ্বসিংহৰ হাতত হাৰি ভাটীলৈ যাষ; পাচত নৰনাৰাযা ৰাভাৰ সমযত কালীকান্তৰ পুত্ৰ ৰায়মোহন উজাই আহি মঙ্গলদৈ অঞ্চলত বাস কৰে। বামমোহনৰ বংশধৰসকল বৰ্তমানে কামৰূপ জিলাৰ পোকোৱা গাৱত বাস কৰে। (ক) ভুধৰভুঞা (গোত্ৰ—অত্ৰি) ভূধৰভূঞাৰ উপৰি পুৰুষ যশোহৰ (বঙ্গদেশৰ) পৰা আহা বুলি বংশধৰসকলৰ কোনো কোনোৱে কয। কোনো কোনোৱে আকৌ অত্ৰি গোত্ৰীয় সদানন্দ ভূঞাৰ বংশধৰ বুলি স্বীকাৰ কৰে। ভূধৰ ভাৰু বংশধৰসৰুলৰ গোত্ৰ অত্ৰি; গতিকে সদানন্দৰ বংশধৰ হোৱা বুলি বেচি বিশ্বাস হয়।