পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪ কায়স্থ সমাজৰ ইতিবৃত্ত। নিযুক্ত কৰে। তেওঁৰ লগৰ অন্যান্য ভূঞাসকল পূব অঞ্চলত স্থাপিত হয়। শ্ৰপতিৰ পাচত তেওঁৰ পুত্ৰ চিদানন্দ পশ্চিম দুৱাৰ ৰক্ষক হয়। এই সময়ত ধৰ্মপাল শ্ৰীহীন হোৱাত কম ৰাজ্য দুৰ্লভনাৰায়ণৰ হাতলৈ যায়। দুৰ্লভনাৰায়ণে চিদানন্দ আগৰ ঠাইতে বহল ৰাখে। চিদা- নন্দৰ পাচত তেওঁৰ পুত্ৰ জগদানন্দ পশ্চিম দুৱাৰ ৰক্ষক হয়। এওঁৰ সময়ত কায়স্থৰাজ দুৰ্লভনাৰায়ণৰ বংশধৰৰ হাতৰপৰা এই ৰাজ্য খহি পৰে। সেই সময়ত জগদানন্দ কিছুদিন স্বাধীন হয়। জগদানন্দৰ পাচত পুত্ৰ কৃষ্ণানন্দ স্বাধীন ৰাজা হয় কিন্তু অল্প দিনৰ পাচত কমতাত খেনবংশীৰ ৰাজাৰ অভ্যুদয় হোৱাত তেওঁ সেই ৰাজাৰ অধীনতা স্বীকাৰ কৰিবলৈ বাধ্য হয়। কৃষ্ণানন্দৰ পাচত তেওঁৰ পুত্ৰ নিৰঞ্জন ভূঞাই কিছুদিন পৈতৃক বিষয় চলাষ; কিন্তু ইচেনচাহে খেন ৰাজা নীলাম্বৰক চক্ৰান্ত কৰি বন্দী কৰাত তেওঁ সৈন্ত লৈ গৈ চেনচাহৰ লগত ৰণ কৰে। এই ৰণত নিৰঞ্জন চেনৰ হাতত বন্দী হয়। নিৰঞ্জনভূঞাৰ নৰহৰি নামে এজন সহোদৰ আছিল। এৱে। দুচেনচাহৰ লগত ৰণ কৰিছিল কিন্তু জিকিব নোৱাৰি পলাই যায়। নৰহৰি পূবলৈ আহি ক্ষেত্ৰিৰ নাৰায়ণ ভূঞাৰপৰা কিছু সৈন্য লৈ পুনৰ চেনচাহৰ লগত ৰণ কৰে; এইবাৰৰ কৃতকাৰ্য্য হব নোৱাৰি পুনৰ কামৰূপলৈ আহে। নিৰনভূঞাৰ বশধৰসকল বৰ্তমানে চেঙা, সৰভোগ, গৌৰীপুৰ আদিত বাস কৰে। ৬৷ চিদানন্দ বা পতিভঞা। (গো-কাপ) চিদানন্দভূঞা চণ্ডীবৰৰ লগত লেঙামাগুৰিত আছিল, পাচত ৰৌটাত কিছুদিন থাকে। চণ্ডীবৰ টেন্ধু- ৱানীলৈ যাওঁতে চিদানন্দৰ পুত্ৰ নৰপতি ভতীযাই গৈ বতৰ্মান গোৱালপাৰাৰ বাৰগাৱত স্বাধীন ভূঞা হয়। তেওঁৰ দুই পুত্ৰ—উমাপতি আৰু মনপতি। উমাপতি বাগাৱত ভূ4া হয • মনপতি বহ্মপত্ৰেৰে উজাই গৈ লক্ষ্মীপুৰৰ বালিগাওঁ নামে ঠাইত স্বাধীন ভূঞা হৈ থাকে। উমাপতিৰ পাচত ৰণজিত ঝাৰগাৱত ভূঞা হয় আৰু তেওঁৰ অধিকাৰ বাঢ়ে; কিন্তু বিশ্বসিংহ ক্ষমতাশালী হৈ উঠাত তেওঁ ৰণজিতক অঞমণ কৰি বাৰগাও অধিকাৰ কৰে। ৰণজিতৰ পুত্ৰ পূৰ্ণচন্দ্ৰ, পূৰ্ণচন্দ্ৰৰ পল মধুসূদন। “ঝাৰগাও ভূঞাক মাৰিলা অনন্তৰে। কবিলাস , শাক মাৰিলা তাত পৰে।” দঙ্গজ বংশাৱলী। বজালি অঞ্চলৰ পানবাৰীত থাকা শ্ৰীযুত কালীচৰণ দত্ত মহাশযে চিদানন্দৰ পুত্ৰ মধুসূদনৰ বংশধৰ বুলি পৰিচয় দিযে; কিন্তু ইবিলাকৰ গোত্ৰ শাণ্ডিল্য। কিবা কাৰণত গোত্ৰ পৰিৱৰ্তন হৈ থাকিলে আশঙ্কা কৰিবলগীষা একো নাই। মনপতিৰ পাচত তেওঁৰ পুত্ৰ ৰামপতি বালিগাৱত স্বাধীন ভূঞা হয়। বামপতিৰ পুত্ৰ গৌৰীপতি বা গিৰীশ্চন্দ্ৰৰ সময়ত চিলাৰায়ে নাৰায়ণপুৰলৈ কোচ ৰাজ্য বৃদ্ধি কৰে; গৌৰীপতি সেই সময়ত নৰ- নাৰাণ ৰজাৰ আশ্ৰয়ত ৰগৰীবাৰিত গোৱালপাৰা) বাস কৰে। তেওঁৰ নাতি কীৰ্তিচন্দ্ৰৰ দিনত যেতিয়া