সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত ৩ হৰিভুঞা বা হৰিপালভূঞা। (গাত্ৰ—অলমন)

  • হৰিপালভূঞাক বিষ্ণুকান্ত বা ধৰ্মগিৰী বুলিও জানা যায়। তেওঁৰ পুত্ৰ অনন্তগিনী, অনন্তগৰীৰ পুত্ৰ ভগিৰী

বা ৰামপাল, তেওঁৰ পুত্ৰ বহুগিৰী-বা জনাৰ্দন সৰস্বতী আৰু তেওঁৰ পুত্ৰ ৰামকাণাই বা বৰকাণাই; বৰকাণাই কৰ্ণসুবৰ্ণৰ (ৰংপুৰ) দীঘলপুৰত বাস কৰিছিল; সেই কাৰণে তেওঁক দীঘলপুৰীয়া বুলিছিল। তেওঁৰ আচল নাম কিন্তু গোবিন্দগিৰী। গোবিন্দগিৰী ধৰ্মাচাৰ্য আছিল-কৰ্ণসুবৰ্ণ বাকাত তেওঁবিলাকৰ বিলাত অৰ্থাৎ শিষ্য আছিল। গোবিন্দগিৰীৰ ২ ভাৰ্য্যা। মা ভাৰ্যা মৰাত দামোদৰ নামৰ পুত্ৰক বাকাৰ বিলাতত থৈ বলাই আৰু কাণাই নামে দুই পুত্ৰক লগত লৈ আহি বতমান কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বালিত ঘৰ কৰি বাস কৰে। সম্ভৱতঃ সেই সময়ত তাত কিবা ৰাজবিপ্লবৰ আগন্তুক দেখি তেওঁ নতুন ঠাই বিচাৰি পূবলৈ আহিছিল। ইযাত কিছুদিন থাকাৰ পাচত তাত বিশ্বসিংহ ৰাজাৰ প্ৰভাব পৰা গম পালে। তদুপৰি ভোগীৰথ গোমস্তাভূঞাই (ক্ষেত্ৰিৰ ৰাজা) বিশ্বসিংহৰ বিপক্ষে ৰণ কৰিবলৈ আযোজন কৰা দেখি তাতে শান্তি পাব বুলি ভাবি তেওঁ পুনৰ উজাই গৈ টেম্বুৱানীৰ শিৰোমণি ভূঞাৰ ৰাজ্য পায়। সেই সময়ত কামৰূপৰ ঠায়ে ঠায়ে বিশ্বসিংহৰ লগত অন্যান্য ভূঞাৰ ৰণ হবলৈ ধৰে; গোবিলে তাকে দেখি টে- বানাতে কিছুদিন থাকে। এই সময়ত তেওঁ পুনৰ বিবাহ কৰে। এই বিবাহৰ ফলেই মহাপুৰুষ শ্ৰীমাধৱদেৱ পুৰুমৰ আবিৰ্ভাৱ। ৪। শ্ৰহৰি বা সৰস্বতীভূঞা। (গোল—কাশ্যপ।) এওঁৰ পূৰা নাম শ্ৰীহৰি কবিৰত্ন সৰস্বতী। এওঁৰ পিতৃৰ নাম চক্ৰপাণিভূঞা। চক্ৰপাণিয়ে দুৰ্লভ নাৰায়ণ ৰজাৰ সীকদাৰ কাম কৰিছিল। এওঁৰ বাসস্থান বৰপেটাৰ ওচৰৰ শলাত আছিল। শ্ৰীহৰিভূঞা ইন্দনাৰায়ণ ৰাজাৰ সময়ত পিতৃৰ বিষ পাইছিল। এওঁ এজন প্ৰখ্যাত পণ্ডিত আৰু কবি আছিল; ৰজাঘৰৰপৰা এওঁ কবিৰত্ন সৰস্বতী উপাধি পাইছিল। তেওঁৰ পুত্ৰ হৰিপালৰ দিনত কমতাৰ কায়স্থৰাজা লোপ পোৱাত তেওঁ স্বাধীন হয়। তেওঁৰ পাচত ৰামপাল স্বাধীন ভূঞা হয়। ৰামপালৰ পুত্ৰ জযপালৰ দিনত খেনবংশী ৰাজা নীলাম্বৰে কামৰূপ অধিকাৰ কৰে। কিন্তু কিছুদিন পাচত মুছলমানে দেশ জয় কৰি এৰি যোৱাত অন্যান্য ভূঞাসকলৰ দৰে এওঁৰ পুত্ৰ কৃষ্ণপাল স্বাধীন হৈ উঠে। কৃষ্ণপালভূঞাই কিছুদিন স্বাধীন ভাৱে ভূঞালী কৰাৰ পাচত বিশ্বসিংহৰ অভ্যুদয় হয়। তেতিয়া তেওঁ বিশ্বসিংহৰ বশ্যতা স্বীকাৰ কৰে। এই বংশতেই বিখ্যাত ৰামচৰা ঠাকুৰৰ জন্ম হয়। ৰামচৰণ ঠাকুৰৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ সুন্দৰীদিয়া, বামুনা আদি, গোৱালপাৰাৰ দলগোমা, গৌৰীপুৰ আদি ঠাইত বাস কৰে। ৫। শ্ৰীপতি দত্তভুঞা। (গোত্ৰ—মৌদগল্য) এওঁ বাৰভূঞাসকলৰ এজন। পোনতে অন্যান্য ভূঞাৰ লগত এওঁ কনৌজপুত বাস কৰে; পাচত দুৰ্লভনাৰায়ণ ৰাজাৰ আদেশত ধৰ্মপাল ৰাজাৰ ৰাজ্যক আহাত তেওঁক পশ্চিম দুৱাৰ ৰক্ষা কৰিবলৈ হৰিপালভূঞাৰ বংশধৰসকল বৰ্তমান কামৰূপ জিলাৰ পকোৱা গাৱত বাস কৰে