পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo কায়স্থ সমাজৰ ইতিবৃত্ত নাৰায়ণ গোমথা কোঠ বান্ধিয়া কঠিন। চমকাৰে উজাগৰে থাকে ৰাত্ৰি দিন।” ৰঘুপতি দক্ষিণ পাৰে চাৰু নামে এজন কায়স্থভূঞা আছিল; এওঁৰ লগত নাৰায়ণৰ ভাল নাছিল। চাৰুবে বিশ্বসিংহৰ বশ্যতা স্বীকাৰ কৰি নাৰায়ণক আক্ৰমণ কৰাত যোগ দিয়ে। নাৰায়ণৰ ৰাজেন্দ্ৰ আৰু হৰেন্দ্ৰ নামে দুজন বীৰ ভাতৃ আছিল। নাৰায়ণে এই দুই ভাতৃ আৰু লগত অন্য ভূঞাৰ সৈতে লগ হৈ ৰণ কৰে। ৰণত ভূঞাসকলৰ জয় হয়। বিশ্বসিংহে ৰণত বলে নোৱাৰি ভেদ-নীতি আৰম্ভ কৰিলে। তেওঁ অন্যান্য ভূঞাসকলে তেওঁলৈ (বিসিংহলৈলিখাৰদৰে এখান এইদৰে পত্ৰ লিখালে— “নাৰায়ণক ধৰি দিবো বুলিছে বচন। আমাক উপদ্ৰৱ কৰ নিশ্চল। তাৰ চিৰি দেখি হিযা কৰে খলমল। আমাৰ মনত লাগিলেক অপমান। সত্যে সত্যে ধৰি দিবো গোমথ নাৰাষণ। এই বাক্য মনে ধৰ যুদ্ধক আসিলো।” ৰঘুপতি- বিশ্বসিংহে এই চিঠিখান টোকনৰ ভিতৰত সুমাই দুতৰ হাতত দি নাৰায়ণ গোমথাৰ চকীৰ ওচৰলৈ পঠাই দিলে। দূতে চকিয়ালক ভ্ৰুক্ষেপ নকৰি গৈ থাকা দেখি চকিয়ালে তাক ধৰিবলৈ মানুহ পঠায়। বিশ্বসিংহৰ দূতে টোকনডাল পেলাই লৰি পলাষ। চকিলে টোকন সাফ দেখি টান মাৰোতে তাৰ ভিতৰত এখন চিঠি পালে। নাৰায়ণ ভূঞাই সেই পত্ৰখান দেখি ভূঞাসকলৰ ওপৰত তেওঁৰ অবিশ্বাস হল আৰু তেওঁলোকক বন্দী কৰি থলে। তাৰ পাচত নাৰাযণে ক্ষেত্ৰীৰ জীউধৰ নামে ভূঞাবংশৰ লোক এজনক সেনাপতি পাতে আৰু বিশ্বসংহৰ লগত ৰণ কৰে। নাৰায়ণভূঞাৰ ব্যৱহাৰত সকলল ভূঞা খঙত অগ্নিশৰ্মা হৈ উঠে আৰু তেওঁলোকে ভিতৰি মানুহ লগাই গুপ্তভাৱে নাৰায়ণৰ যুদ্ধৰ সম্ভাৰ নষ্ট কৰে। “বাখৰৰ লগে মিহলাও কলাখাৰ। লোণপানী ঘহি খাণ্ডা কৰিও নিদ্ধাৰ। চৰমেলি খাৰ খাণ্ডা ক্ষীণ কৰি আছে। শুনি ৰাজা ৰতে ৰণ কৰিলেক পাছে। বুপতি। বিশ্বসিংহে পুনৰ ৰা আৰম্ভ কৰিলে। দুখৰ বিষয় এই সময়ত ৰাজেন্দ্ৰ অৰু হৰেন্দ্ৰ গুপ্ত ঘাতক হাতত মৰা পৰে। নাৰায়ণে ইমানতে ক্ষান্ত নহৈ খুডাক হলিদাসক দুৰ্গ ৰক্ষক কৰি আৰু লখাই মাজীক নৌসৰ সেনাপতি পাতি বিশ্বসিংহক বাধা দিলে। বৰ পৰিতাপৰ কথা ৰণত নামি দেখে “গোমথা দেখয় আজি হিলে মুছটয়। থঙে খেদি মাৰে ঘাও উফৰি পৰয়॥” ৰঘুপতি। 1.