পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। এওঁৰ ক্ষমতা বেচি দিন নাছিল,অনুমান ১৪৯৮ খৃঃ অৰৰপৰা ১৫২০ খৃঃ অদলৈ প্ৰায় ২২ বছৰ এওঁ অতি প্ৰতাপী হৈ উঠিছিল। কোচৰাজা বিশ্বসিংহ ক্ষমতাশালী হৈ উঠাত, তেওঁৰ লগত এওঁৰৰণ হয় আৰু সেই ৰাত মৰা পৰে। তলত গোমথা বংশাৱলীৰপৰা কিছুমান কথা তুলি দিযা হল :- নাৰায়ণ ভূঞাৰ ক্ষমতা “কায়স্থ কুলত জন্ম ভূঞা উপাধিত। নাৰায়ণ প্ৰতাপে পায় ভয় বিপৰীত। কামৰূপী ভয়ে কাম্পে যাৰ ভয়ত। আছিলন্ত বাৰ ভূঞা যাহাৰ তলত। ধনেজনে মানে তাক কেহো সম মুই। আছিল আপাগ্ৰামে * প্ৰজলিত হই।” ৰঘুপতি কোচৰাজ বিশ্বসিংহই কিছুমান ভূঞাক পৰাস্ত কৰি কামৰূপৰ নাৰায়ণ গোমস্তাভূঞাক আক্ৰমণ কৰে। নাৰায়ণে এই সংবাদ পাই ভূঞাসকলক জান দিয়ে :- “বজালিৰ গন্ধৰ্ব ভূঞাক আদি কৰি। বায়দভূঞা বাউসীৰ আসিলন্ত লৰি। ক্ষেত্ৰিৰ ৰাজেন্দ্ৰভূঞা জগতে বিশেষ। আন পৰ্গনাৰ ভূঞা আসিলা নিঃশেষ। নাৰায়ণ গোমস্তা সকলোৰে অধিকাৰ। সবে আসি বসি মেল কৰিলেক সাৰ। ৰঘুপতি-- এই মেল গাথাগডত হৈছিল। সকলে ভূঞাই কেৱে কাকো এৰা নিদি মুঠ বান্ধি বিশ্বসিংহৰ আক্ৰমণত বাধা দিবলৈ এখান ‘‘কৰাৰপত্ৰ” কৰে আৰু ৰণৰ সম্ভাৰ গোটায়। এই সম্বন্ধে বংশাৱলীত আছে :- সত্য কৰি মেল গোট কৰি বাৰজন। যুদ্ধৰ সম্ভাৰ আনি মিলাইলা তেখন। হিলৈ, খৰ্গ, বাৰু, খাণ্ডা সমন্তে আনিলা। বিশ্বসিংহ ৰাজা সমে যুদ্ধক পাতিলা। ৰঘুপতি- ইয়াৰ পাচত বিশ্বসিংহৰ লগত ৰণ হয়; কেইবাৰ মান ৰণত বিশ্বসিংহই নাৰায়ণক বলে নোৱাৰে:- “কতিপয় বৎসৰ যুব্ধক কৰিলন্ত। একোমতে ৰাজা যুদ্ধে বলে নপান্ত। শ্ৰীযুত গগনচন্দ্ৰ বৰুৱা মহাশয়ে কৰায়ণভূঞা থকাঠাইক “নাৰায়ণ গড়” বোলে সি কাপলা বৰিৰ ওচৰত। তাপ, নাৰায়ণ পড়ৰপৰা অলপ দূৰ। আমাৰ অনুযাস নাৰায়ণ গড় তাপাত আছিল। নাৰায়ণঞা ধ্বংশ হোৱাত নতুন তাপাগ্ৰাম বংশধৰসকলে পাকে।