পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[খ]

জটিল সমস্যা সমাধান কৰিবলৈ সমৰ্থ হৈছিলোঁ; আন কি বহুত সময়ত এখেতক এই সমস্যাবোৰ লৈ নানা ভাৱে উত্ত্যক্ত কৰিবলৈও বাধ্য হৈছিলোঁ, এই কাৰণে এখেতসকলৰ ওচৰত সুজিব নোৱাৰা ঋণে আৱদ্ধ থাকিলোঁ।

 জাতীয় ইতিবৃত্তখন যিমান দূৰ পাৰা যায় শুদ্ধ কৰিবৰ অভিপ্ৰায়ে প্ৰত্যেক পৰিয়ালৰ পুৰুষীনামা আৰু চমু বিৱৰণীবোৰৰ একোটা নকল পৰিয়ালৰ প্ৰধান লোক একোজনলৈ পঠোৱা হৈছিল; আৰু ক’ৰবাত কেনেবাকৈ সমাজৰ পৰিয়াল বাদ পৰিব পাৰে বুলি সংবাদ পত্ৰতো জাননী দিয়া হৈছিল, আৰু ইয়াৰ ভিতৰতে “নাৰায়ণ গোমথা” “১২শ আৰু ১৫শ শতিকাৰ অন্ধ যুগৰ ৰজাসকল” “শ্ৰীমন্ত শঙ্কৰদেৱ” আদি নাম দি আমাৰ সংগৃহীত ইতিবৃত্তৰ কিছুমান কথা “আৱাহনত’’ প্ৰকাশ কৰা হয়। এইবোৰ আৰু সাহিত্য পত্ৰিকাৰ প্ৰৱন্ধবোৰ পঢ়ি কোনোৱে আপত্তি নকৰাত, বিশেষকৈ স্বৰ্গীয় ৰায় বাহাদুৰ কণকলাল বাৰুৱা চি, আই, ই, ডাঙৰীয়াই “The Journal of the Assam Research societyৰ vol. No. 4”ত আমাৰ লিখাবোৰ প্ৰশংসা কৰাৰ পাচত মাননীয় গৌৰীপুৰৰ ৰাজাবাহাদুৰৰ অনুগ্ৰহত ১৯৩৮ চনৰ ছেপ্টেম্বৰ মাহৰপৰা ইয়াৰ ছপা কাৰ্য্য আৰম্ভ কৰা হয়। পুৰুষীনামাবোৰ ছাপা কৰোঁতে শুধৰণী কাকত ঘূৰি অহাৰ সুবিধা থকা পৰিয়ালৰ নেতৃস্থানীয়সকললৈ শুধৰণী কাকত সংশোধনৰ অৰ্থেও ঠোৱা হৈছিল। গ্ৰন্থখনি নিৰ্ভুল কৰিবলৈ যদিও শক্তি অনুসৰি এইদৰে যত্ন কৰা হৈছিল, তথাপি আমাৰ অজ্ঞতাবশতঃ কোনো দোষ ৰৈ যাব পাৰে; সুধীসকলে আমাৰ দোষ দয়া কৰি আঙুলিয়াই দিলে শুধৰণী কাকত ছপা কৰি গ্ৰন্থখনৰ শেষত দিব পৰা হব। এই গ্ৰন্থসংগ্ৰহ কৰোঁতে কবি, চিত্ৰকৰ আৰু বিদুষী আৰু বীৰঙ্গনা মাতৃসকলৰ বিৱৰণ সংগ্ৰহ কৰিবলৈ সিমান মন দিব নোৱাৰিলোঁ, এই বাবে স্বগগত কায়স্থ কবি, চিত্ৰকৰ, বিদুষী আৰু বীৰঙ্গনা মাতৃসকলৰ উদ্দেশ্যে সেৱা জনাই আৰু গ্ৰন্থৰ নানা ত্ৰুটীৰ বাবে সকলোৰে ওচৰত ক্ষমা ভিক্ষা কৰিলোঁ।

 সকলোৱে জানে, যে প্ৰাচীন কামৰূপীয় কায়স্থ সমাজৰ বাহিৰেও অসমত, বিশেষকৈ উজনী অঞ্চলত সম্ভ্ৰান্ত কায়স্থ জাতীয় চলিহা, দুৱৰা, কাকতী, মজুমদাৰ-বৰুৱা আৰু বাৰ জনীয় মন্তসকলৰ পৰিয়াল আছে; তেখেতসকলৰ কেইঘৰ মানৰহে বংশাৱলী সংগ্ৰহ কৰিবলৈ আমি সমৰ্থ হৈছিলোঁ, এতিয়াও ভালেমান বংশৰ বংশাৱলী সংগ্ৰহ কৰাৰ সুযোগ আমাৰ ঘটি উঠা নাই। ইতিবৃত্তৰ কাম আৰম্ভ কৰাৰ লগে লগে আমাৰ প্ৰভাৱিত আচনি ক্ৰমে বৃদ্ধি হৈ উঠাত গ্ৰন্থখনৰ কলেবৰ অসম্ভৱৰূপে বৃদ্ধি হয়; আৰু তাৰ ফলত ইয়াৰ ব্যয় সঙ্কল্পিত ব্যয়ৰ প্ৰায় দুগুণ হৈ পৰাত বাধ্য হৈ “প্ৰাচীন কামৰূপীয় কায়স্থ সমাজৰ ইতিবৃত্ত” খণ্ডকেই সম্প্ৰতি প্ৰকাশ কৰা হল। ইয়াৰ পাচত ভগৱানে কৃপা কৰিলে “উজনীৰ কায়স্থ’’ সকলৰো পাৰ্য্যমানে সকলো তথ্য সংগ্ৰহ কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰিবলৈ আশা ৰাখিলোঁ৷

 এই গ্ৰন্থ সংকলন কৰোঁতে বিশেষকৈ মহাভাৰত, কায়স্থতত্ত্ব দিধিতি, বিশ্বকোষ, ধৰ্মমঙ্গল, গীতা, কায়স্থতত্ত্ব, ৰাজাৰ জাতি, Indian Antiquary, General view of the History of Kamrup, (Dr. F. Buchanan) গৌড়েৰ ইতিহাস (ৰজনীকান্ত চক্ৰৱৰ্তী), বঙ্গের ইতিহাস (রাখাল দাস বন্দোপাধ্যায়) কামৰূপ বুৰঞ্জী, শঙ্কৰ চৰিত, গুৰু চৰিত (ভূষণ দ্বিজ), An Account of Assam (Dr. Wade) History of India by M. Martin, দৰঙ্গৰাজ বংশাৱলী, ৰাজ বংশাৱলী, দামোদৰদেৱ চৰিত, কামৰূপ পুৰাবৃত্ত, হৰিদেৱ চৰিত, গোপাল আতা চৰিত, ঠাকুৰ চৰিত, History of Assam (Sir Edward Gait)