পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংগ্ৰহ কৰোঁতাৰ নিবেদন।

 বঙ্গদেশৰ কায়স্থ সমাজৰ কুলতিলক নগেন্দ্ৰনাথ বসু প্ৰাচ্যবিদ্যামহাৰ্ণব মহাশয়ে বিশ্বকোষ সংকলন কৰাৰ পিচত কামৰূপৰ সামাজিক ইতিহাস (Social History of Kamrup) নামে ১৯২৬ চনত এখন ইংৰাজী গ্ৰন্থ প্ৰণয়ণ কৰে। এই গ্ৰন্থত আমাৰ প্ৰাচীন কামৰূপীয় কায়স্থ কেইঘৰমানৰ মাত্ৰ বংশাৱলী অন্তৰ্ভুক্ত হয়। আন প্ৰদেশৰ প্ৰত্নতাত্ত্বিকৰ পক্ষে এয়ে যথেষ্ঠ; কিন্তু আমাৰ সমাজৰ পক্ষে ই যথেষ্ঠ নোহোৱা দেখি আমাৰ দেশীয় ভাষাত এই ধৰণৰ সম্পূৰ্ণ পুথি এখন সংগ্ৰহ কৰি প্ৰকাশ কৰিবলৈ আমাৰ ইচ্ছা হয়, আৰু এই ভাব আমাৰ প্ৰাচীন কামৰূপীয় কায়স্থ সমাজৰ কৰ্ণধাৰ মাননীয় ৰাজা শ্ৰীলযুক্ত প্ৰভাতচন্দ্ৰ বৰুৱা বাহাদুৰক পত্ৰৰে জনাওঁ। ইতিমধ্যে—১৮৪৮৷৪৯ শঁকৰ “আসাম-সাহিত্য-পত্ৰিকাত” “বাৰ ভূঞা,” “শিৰোমণি ভূঞা,’’ 'শ্ৰীমন্ত শঙ্কৰদেৱৰ জীউধৰা ডাল” আদি নাম দি ধাৰাবাহিক ভাৱে কিছুমান প্ৰৱন্ধ প্ৰকাশ কৰিবলৈ ধৰোঁ। ৰাজাবাহাদুৰৰ লগত গ্ৰন্থ প্ৰকাশ কৰা সম্বন্ধে আমাৰ কিছুদিন লিখা-লিখি চলি থাকোঁতেই কায়স্থ-সমাজ স্থাপন কৰোঁতা, ভাৰতীয় কায়স্থ মহাসভাৰ সহকাৰী সভাপতি ৰায় চাহাৱ শ্ৰীযুত প্ৰতাপনাৰায়ণ চৌধুৰী মহোদয়ৰ সভাপতিত্বত ১৯২৮ চনৰ ২৮|২৯ জুনত “প্ৰাচীন কামৰূপীয় কায়স্থ সমাজ’’ৰ এটা অধিবেশন গৌৰীপুৰ ৰাজবাটিত বহে। এই অধিবেশনত সমাজৰ সভ্যসকলৰ প্ৰত্যেক পৰিয়ালৰ পাৰিবাৰিক ইতিহাস সংগ্ৰহ কৰি তাত যথাসম্ভৱ সম্পূৰ্ণ বিৱৰণ আৰু পৰিয়ালৰ লৰা-ছোৱালীবিলাকৰ বৈবাহিক সম্বন্ধ লিখি ৰাখিবলৈ প্ৰস্তাৱ গৃহীত হয়। ইয়াৰ পাচৰপৰাই মাননীয় ৰাজা বাহাদুৰৰ আদেশত আমি সমাজৰ সকলো পৰিয়ালৰ বংশাৱলী সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰোঁ।

 আমাৰ সমাজৰ বৈবাহিক সম্বন্ধ থকা লোক কোচবিহাৰৰপৰা ডিব্ৰুগড়লৈ গোটাই উপত্যকা জুৰি আছে; আমি নিজে প্ৰত্যেক গাঁৱলৈ যাব নোৱাৰি বহুতৰো সহায় লওঁ; ইয়াৰ ভিতৰত শ্ৰীমান দণ্ডীৰাম দত্ত, ৰতিৰাম দত্ত, শ্ৰীমান জানকীনাথ ভূঞা, শ্ৰীমান অম্বিকাচৰণ চৌধুৰী, শ্ৰীমান কমলাকান্ত দত্ত বৰুৱা, আৰু শ্ৰীমান বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱা আদিয়ে সংগ্ৰহকাৰ্য্যত আমাক অশেষ সহায় কৰে। শ্ৰীমান দণ্ডীৰাম দত্তই তেওঁৰ স্কুলৰ চাকৰিৰপৰা ছুটী লৈ শালকোচা, জামুগুৰি আৰু কোৱামৰালৈ গৈ বংশাৱলী সংগ্ৰহ কৰিছিল আৰু পুৰুষীনামা নকল কৰা কামতো প্ৰায় এমাহ খাটিছিল। শ্ৰীমান ৰামচন্দ্ৰ দাসেও কিছুদিন পুৰুষীনামা নকল কৰা কাৰ্য্য কৰিছিল। বিশেষ—স্বৰ্গীয় ৰতিৰাম দত্তই কোনো পাৰিশ্ৰমিক নোলোৱাকৈ মঙ্গলদৈ মহকুমাৰ কায়স্থসকলৰ বংশাৱলী সংগ্ৰহ কৰি আমাক সহায় কৰিছিল। আমি নিজেও কোচবিহাৰ, গৌৰীপুৰ, কামৰূপ, মঙ্গলদৈ, নগাওঁ আৰু শিৱসাগৰ জিলাৰ কায়স্থ প্ৰধান প্ৰায় সকলো ঠাই দুই এবাৰ ফুৰি পুৰুষীনামা আৰু ইতিবৃত্ত সংগ্ৰহ কৰিছিলোঁ। উপৰি উল্লিখিত আমাৰ সহায়কাৰী বন্ধুসকলৰ ইয়াতে শলাগ ললোঁ।

 গ্ৰন্থখনি প্ৰণয়ণ কৰা সময়ত মোৰ পূজনীয় শিক্ষাগুৰু ৰায় চাহাব, শ্ৰীযুত প্ৰতাপনাৰায়ণ চৌধুৰী, শ্ৰীযুত ৰণীধৰ চৌধুৰী, শ্ৰীযুত বীৰহৰি দত্ত বৰুৱা, শ্ৰীযুত কালীচৰণ চৌধুৰী, শ্ৰীযুত মুকুন্দমল্ল বৰুৱা, শ্ৰীযুত বিহুৰাম মজুমদাৰ, শ্ৰীযুত প্ৰসন্ননাৰায়ণ চৌধুৰী, শ্ৰীযুত বলীনাৰায়ণ চৌধুৰী, শ্ৰীযুত গিৰিশ্চন্দ্ৰ ৰায় চৌধুৰী, শ্ৰীযুত ৰামানন্দ চৌধুৰী, শ্ৰীযুত গগনচন্দ্ৰ বৰুৱা, শ্ৰীযুত ভগবানচন্দ্ৰ বৰুৱা, শ্ৰীযুত সিন্ধুৰাম দত্ত মজুমদাৰ আদিৰপৰা নানা সদুপদেশ লাভ কৰিছিলোঁ। বিশেষকৈ পূজনীয় শ্ৰীযুত ৰায় চাহাব মহোদয়ৰ সহায়ত নানা