পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[গ]

কামৰূপ শাসনাৱলী, গোমথা চৰিত, গোবিন্দ বংশাৱলী, হৰ্ষ চৰিত, কোচবিহারের ইতিহাস (খান চৌধুৰী আমানাতুল্লা আহমদ) আসাম বুৰঞ্জী, আন আন ধৰ্মাচাৰ্য্যসকলৰ চৰিত পুথিবোৰ, Biyazu-s-salatin Social History of Kamrup, ডাঃ ভাণ্ডাৰকাৰৰ ১৯৩১ চনৰ অমৃত বাজাৰ পত্ৰিকাৰ পূজাৰ সংখ্যাৰ প্ৰৱন্ধ আৰু পূজনীয় শ্ৰীযুত ৰণীধৰ চৌধুৰী মহোদয়ৰ মূল্যবান টোকা আৰু প্ৰৱন্ধ আৰু আন আন বহু পুথিৰপৰা আমি বিশেষ ভাৱে সহায় পাইছিলোঁ; এই কাৰণে উক্ত গ্ৰন্থ আৰু টোকাকাৰকসকলৰ ওচৰত আমি ঋণী থাকিলোঁ।

 সৰ্বশেষত এই গ্ৰন্থ প্ৰণয়ণৰ অৰ্থে আমাৰ সমাজপতি দাতা মাননীয় শ্ৰীলশ্ৰীযুক্ত ৰাজাবাহাদুৰৰ নানা হিত পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ বাবে আৰু লগতে অগ্ৰজপ্ৰতিম গৌৰীপুৰৰ শ্ৰীযুত ভবেন্দ্ৰনাৰায়ণ বৰুৱা ডাঙৰীয়াৰ নানা বিষয়ে ঐকান্তিক চেষ্টাৰ বাবে আমাৰ আন্তৰিক ধন্যবাদ জানাই, সৰ্বদোষৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খুজিলোঁ।

 নলবাৰী
২৯-১১-৪১

ৰাইজৰ সেৱক—
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা।